--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভাটৌৱে নিজৰ এবছৰীয়া জন্মদিন পালন কৰাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। এবছৰীয়া ভাটৌটোৱে জন্মদিন অতি সুন্দৰকৈ পালন কৰে। গয়াত বাস কৰা ভাটৌটোৱে পিঞ্জৰাৰ পৰা ওলাই আহি নিজে কেক কাটি থকা ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে। ভাটৌটোৰ নাম শিৱা। 

বেছিভাগ ঘৰতে মানুহে চখ হিচাপে ভাটৌ পুহে। পাখি কাটি ভাটৌ পুহাটো অপৰাধ কিন্তু বহু মানুহে পাখি নকটাকৈয়ে মুকলিকৈ ৰাখি ভাটো পুহে। এনে ভাটৌৱে মানুহৰ মৰম পাই সেইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবি কেতিয়াও উৰা মাৰি গুচি নাযায়। শিৱাও ঠিক তেনে এক ভাটৌ। 

গয়াৰ পৰিয়ালটোৱে নিজ পুত্ৰৰ দৰে মনা শিৱাৰ জন্মদিনটো অতি আড়ম্বৰেৰে পালন কৰে। কেক কটাৰ পূৰ্বে পৰিয়ালৰ লোকে শিৱাৰ শিৰত তিলকো লগায়। কেকটো শিৱাই কটাৰ পাছত সকলোৰে মনত আনন্দ জাগি উঠে। গয়াৰ মগধ বিশ্ববিদ্যালয়ৰ শাখা বিষয়া অমৰনাথ পাঠকৰ পৰিয়ালে এক অনন্য ৰূপত উদযাপন কৰে শিৱাৰ জন্মদিন।

শিৱাৰ প্ৰথম জন্মদিনত সকলোৱে জন্মদিনৰ শুভেচ্ছা জনায়। শিৱাইও সকলোৰে জন্মদিনৰ শুভেচ্ছাৰ প্ৰতি সঁহাৰি জনায়। হেপি বাৰ্থডে বুলি সকলোৱে গান গাই থকাৰ সময়ত শিৱাই নিজেই প্লাষ্টিকৰ কটাৰীৰে কেকটো কাটে। ইয়াৰ পিছত পৰিয়ালৰ লোকে কেক খায় আৰু শিৱাইও কেকৰ সোৱাদ লয়। এই অনন্য পদ্ধতিৰে উদযাপন কৰা ভাটৌটোৰ জন্মদিনৰ ভিডিঅ’ ফেচবুকত কৰে পৰিয়ালৰ লোকে, যিটো অতি সোনকালে ভাইৰেল হৈ পৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক