--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভাটৌৱে নিজৰ এবছৰীয়া জন্মদিন পালন কৰাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। এবছৰীয়া ভাটৌটোৱে জন্মদিন অতি সুন্দৰকৈ পালন কৰে। গয়াত বাস কৰা ভাটৌটোৱে পিঞ্জৰাৰ পৰা ওলাই আহি নিজে কেক কাটি থকা ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে। ভাটৌটোৰ নাম শিৱা। 

বেছিভাগ ঘৰতে মানুহে চখ হিচাপে ভাটৌ পুহে। পাখি কাটি ভাটৌ পুহাটো অপৰাধ কিন্তু বহু মানুহে পাখি নকটাকৈয়ে মুকলিকৈ ৰাখি ভাটো পুহে। এনে ভাটৌৱে মানুহৰ মৰম পাই সেইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবি কেতিয়াও উৰা মাৰি গুচি নাযায়। শিৱাও ঠিক তেনে এক ভাটৌ। 

গয়াৰ পৰিয়ালটোৱে নিজ পুত্ৰৰ দৰে মনা শিৱাৰ জন্মদিনটো অতি আড়ম্বৰেৰে পালন কৰে। কেক কটাৰ পূৰ্বে পৰিয়ালৰ লোকে শিৱাৰ শিৰত তিলকো লগায়। কেকটো শিৱাই কটাৰ পাছত সকলোৰে মনত আনন্দ জাগি উঠে। গয়াৰ মগধ বিশ্ববিদ্যালয়ৰ শাখা বিষয়া অমৰনাথ পাঠকৰ পৰিয়ালে এক অনন্য ৰূপত উদযাপন কৰে শিৱাৰ জন্মদিন।

শিৱাৰ প্ৰথম জন্মদিনত সকলোৱে জন্মদিনৰ শুভেচ্ছা জনায়। শিৱাইও সকলোৰে জন্মদিনৰ শুভেচ্ছাৰ প্ৰতি সঁহাৰি জনায়। হেপি বাৰ্থডে বুলি সকলোৱে গান গাই থকাৰ সময়ত শিৱাই নিজেই প্লাষ্টিকৰ কটাৰীৰে কেকটো কাটে। ইয়াৰ পিছত পৰিয়ালৰ লোকে কেক খায় আৰু শিৱাইও কেকৰ সোৱাদ লয়। এই অনন্য পদ্ধতিৰে উদযাপন কৰা ভাটৌটোৰ জন্মদিনৰ ভিডিঅ’ ফেচবুকত কৰে পৰিয়ালৰ লোকে, যিটো অতি সোনকালে ভাইৰেল হৈ পৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু