--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানচিল্ক (Sunsilk) ছেম্পুক লৈ উত্তাল হৈ আছে ৰাজ্য৷ এখন বিয়াত হোৱা দৰা-কইনাৰ মনোমালিন্যত লৈ চলিছে তীব্ৰ চৰ্চা৷ দৰাই জোৰোণত দিয়া চানচিল্ক ছেম্পু চুলিত ঘঁহিবলৈ অমান্তি হয় কইনা৷ কয় যে- ‘‘চানচিল্ক ছেম্পু তোৰ ভণ্টীয়ে ঘঁহিব পাৰে, মই নঘহোঁ৷’’

এতিয়া চাও আহক, চানচিল্ক ছেম্পু কোনে প্ৰস্তুত কৰে? ভাৰতত ছানচিল্ক ছেম্পুৰ বিজ্ঞাপনত অংশ লয় অভিনেত্ৰী আলিয়া ভাটে৷ ছেম্পুবিধৰ বিজ্ঞাপনৰ পৰা কিমান পাৰিশ্ৰিমক লাভ কৰে আলিয়াই?

ছানচিল্ক ছেম্পু প্ৰস্তুত কৰে ইউনিলিভাৰ (Unilever)-এ৷ এই সংস্থাটোৰ মুখ্য কাৰ্যালয় আছে লণ্ডনত৷ ছানচিল্কৰ উপৰিও কেইবাটাও প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰি আহিছে ইউনিভাৰে৷ ভাৰততো ইয়াৰ ‘হিন্দুস্তান ইউনিভাৰ’ নামৰ এটা চাবচিডাৰী সংস্থা আছে৷


১৯২৯ চনত স্থাপন কৰা হৈছিল ইউনিভাৰ৷ ১৯৫৪ চনত ইউনিলিভাৰে ছানচিল্ক ছেম্পু প্ৰস্তুত কৰা আৰম্ভ কৰে৷ ১৯৭৪ চনৰ পৰা ছেম্পুবিধ ইংলেণ্ডত উপলব্ধ হয়৷ তাৰপাছতে বিশ্বজুৰি ই সমাদৃত হৈ আহিছে৷ দক্ষিণ এছিয়াৰ দেশসমূহত এই ছেম্পুবিধ শীৰ্ষস্থানত আছে৷

ভাৰতত ছানচিল্কৰ বিজ্ঞাপন দিয়ে আলিয়া ভাটে৷ ভাৰতত ছানচিল্কৰ ব্ৰেণ্ড এম্বেচাদৰ আলিয়া৷ বলিউডত অশেষ জনপ্ৰিয়তা লাভ কৰা আলিয়াৰ ব্ৰেণ্ড ভেল্যুও অনেক৷ কেইবাটাও ব্ৰেণ্ডৰ কমাৰ্চিয়েলত অংশ লৈ আলিয়াই লাভ কৰে কোটি কোটি টকা৷

জানিব পৰামতে, প্ৰতিটো বিজ্ঞাপনতে ১ৰ পৰা ২ কোটি পাৰিশ্ৰিমিক হিচাপে লয় আলিয়াই৷ সেয়ে ছানচিল্কৰ পৰাও কোটি কোটি টকাৰ আয় কৰিছে অভিনেত্ৰীগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু