--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানচিল্ক (Sunsilk) ছেম্পুক লৈ উত্তাল হৈ আছে ৰাজ্য৷ এখন বিয়াত হোৱা দৰা-কইনাৰ মনোমালিন্যত লৈ চলিছে তীব্ৰ চৰ্চা৷ দৰাই জোৰোণত দিয়া চানচিল্ক ছেম্পু চুলিত ঘঁহিবলৈ অমান্তি হয় কইনা৷ কয় যে- ‘‘চানচিল্ক ছেম্পু তোৰ ভণ্টীয়ে ঘঁহিব পাৰে, মই নঘহোঁ৷’’

এতিয়া চাও আহক, চানচিল্ক ছেম্পু কোনে প্ৰস্তুত কৰে? ভাৰতত ছানচিল্ক ছেম্পুৰ বিজ্ঞাপনত অংশ লয় অভিনেত্ৰী আলিয়া ভাটে৷ ছেম্পুবিধৰ বিজ্ঞাপনৰ পৰা কিমান পাৰিশ্ৰিমক লাভ কৰে আলিয়াই?

ছানচিল্ক ছেম্পু প্ৰস্তুত কৰে ইউনিলিভাৰ (Unilever)-এ৷ এই সংস্থাটোৰ মুখ্য কাৰ্যালয় আছে লণ্ডনত৷ ছানচিল্কৰ উপৰিও কেইবাটাও প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰি আহিছে ইউনিভাৰে৷ ভাৰততো ইয়াৰ ‘হিন্দুস্তান ইউনিভাৰ’ নামৰ এটা চাবচিডাৰী সংস্থা আছে৷


১৯২৯ চনত স্থাপন কৰা হৈছিল ইউনিভাৰ৷ ১৯৫৪ চনত ইউনিলিভাৰে ছানচিল্ক ছেম্পু প্ৰস্তুত কৰা আৰম্ভ কৰে৷ ১৯৭৪ চনৰ পৰা ছেম্পুবিধ ইংলেণ্ডত উপলব্ধ হয়৷ তাৰপাছতে বিশ্বজুৰি ই সমাদৃত হৈ আহিছে৷ দক্ষিণ এছিয়াৰ দেশসমূহত এই ছেম্পুবিধ শীৰ্ষস্থানত আছে৷

ভাৰতত ছানচিল্কৰ বিজ্ঞাপন দিয়ে আলিয়া ভাটে৷ ভাৰতত ছানচিল্কৰ ব্ৰেণ্ড এম্বেচাদৰ আলিয়া৷ বলিউডত অশেষ জনপ্ৰিয়তা লাভ কৰা আলিয়াৰ ব্ৰেণ্ড ভেল্যুও অনেক৷ কেইবাটাও ব্ৰেণ্ডৰ কমাৰ্চিয়েলত অংশ লৈ আলিয়াই লাভ কৰে কোটি কোটি টকা৷

জানিব পৰামতে, প্ৰতিটো বিজ্ঞাপনতে ১ৰ পৰা ২ কোটি পাৰিশ্ৰিমিক হিচাপে লয় আলিয়াই৷ সেয়ে ছানচিল্কৰ পৰাও কোটি কোটি টকাৰ আয় কৰিছে অভিনেত্ৰীগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক