--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘পাঠান’ ছৱিৰ ‘বেছৰম ৰং’ গানটোত দীপিকা পাডুকনে পৰিধান কৰা গেৰুৱা বিকিনিক লৈ তোলপাৰ লাগি আছে দেশ। হিন্দুত্ববাদী সংগঠনসমূহে ছৱিখন নিষিদ্ধ ঘোষণা কৰিছে। তেনে সময়তে মুখ খুলিছে বাংলা ছৱি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানে।

“বেছৰম গানটোত দীপিকাই মোক মুগ্ধ কৰিছে। অসাধাৰণ লাগিছে তেওঁক।”- এটা সংবাদ মাধ্যমৰ আগত নুছৰতে কয়।

“এই বিতৰ্কবিলাক নকৰি ছৱিখন কেনেকুৱা হ’ব, সেইবিষয়ে আলোচনা হোৱা উচিত।”- অভিনেত্ৰীগৰাকীয়ে কয়।

বিজেপি দলকো কটাক্ষ কৰে নুছৰতে। কয়- “এই দলটোৰ সকলোতে সমস্যা। কোনে কি খাব, কি পিন্ধিব সেয়া লৈয়ে ব্যস্ত থাকে এওঁলোক। হিজাবক লৈও এইসকলৰ সমস্যা, বিকিনিক লৈও সমস্যা। দেশৰ মহিলাসকলে কি পিন্ধিব, তাক কোৱাৰ দায়িত্ব এইসকলক কোনে দিছে?”

উল্লেখ্য যে দীপিকাক কেন্দ্ৰ কৰি বিতৰ্ক আৰম্ভ কৰিছিল মধ্যপ্ৰদেশৰ বিজেপি নেতা নৰোত্তম মিশ্ৰই। মিশ্ৰই টুইট কৰি জনাইছিল যে পাঠান ছৱিখনৰ বহু দৃশ্য অশ্লীল। সেয়ে ছৱিখন নিষিদ্ধ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক