--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বলীউডৰ অতিকৈ জনপ্ৰিয় গায়ক অৰিজিত সিঙৰ জন্মদিন। আজি অৰিজিতে ভৰি দিলে ৩৬ বছৰত। অৰিজিত সিঙৰ জন্মদিন উপলক্ষে জানো আহক তেওঁৰ সাংগীতিক অৰিজিত সিঙে যাত্ৰাৰ বিষয়ে কিছু কথা। ৰিয়েলিটি শ্ব’ ফেম গুৰুকুলৰ পৰা যাত্ৰা আৰম্ভ কৰি আজি তেওঁ মেগা চেলিব্ৰিটি হৈ পৰিছে। ‘আশ্বিকী ২’ ছবিৰ ‘কিউকি তুম হি হো’ৰ জৰিয়তে নিশাটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল অৰিজিত সিঙে।

দেশৰ শীৰ্ষ গায়ক হোৱাৰ পাছতো অৰিজিত সিং এজন ডাউন টু আৰ্থ ব্যক্তি। ‘ফেম গুৰুকুল’ নামৰ ৰিয়েলিটি শ্ব’টোৰ জৰিয়তে অৰিজিতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাত তেওঁ ষষ্ঠ স্থান লাভ কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ১৮ বছৰ। অৱশ্যে এই শ্ব’টোত ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীয়ে তেওঁক লক্ষ্য কৰিছিল আৰু পাছত তেওঁক ‘ছাৱৰিয়া’ ছবিৰ ‘য়ুন শ্বাবনমী’ গীতটি গাবলৈ সুযোগ দিছিল। অৱশ্যে তেওঁৰ কণ্ঠত এই গীতটোৱে কেতিয়াও মুক্তি নাপালে।

ইয়াৰ পাছত অৰিজিতে ৰিয়েলিটি শ্ব’ ‘১০ কে ১০ লে গয়ে দিল’ত অংশগ্ৰহণ কৰি ১০ লাখ টকাৰে বিজয়ী হিচাপে ওলাই আহে। এই টকাৰ সহায়ত তেওঁ ৰেকৰ্ডিং ষ্টুডিঅ’ নিৰ্মাণ কৰিছিল। এই সময়ছোৱাত তেওঁৰ ‘ফিৰ মহব্বত’ আৰু ‘ৰবতা’ই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই দুয়োটা গীত ‘কিউকি তুম হি হো’ৰ পাছত তেওঁৰ জনপ্ৰিয় গীত। ইয়াৰ পিছত তেওঁ কেতিয়াও পাছলৈ ঘূৰি চোৱা নাই।

ইমান খ্যাতি আৰু সফলতাৰ পাছত অৰিজিত সিং তেনেই এজন সহজ-সৰল ব্যক্তি। তেওঁ লাজকুৰীয়া স্বভাৱৰ আৰু পাব্লিচিটি ভাল নাপায়। ২০১৪ চনত ফৰ্বছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল, "মই চেলিব্ৰিটি হোৱাটো ঘৃণা কৰো। মই সংগীতৰ জগতখনত সোমাই পৰিলোঁ কাৰণ মই সংগীত ভাল পাইছিলো, বিখ্যাত হ'ব বিচৰাৰ বাবে নহয়।" আন এটা সাক্ষাৎকাৰত তেওঁ কয় যে ‘কিউকি তুম হি হো’ৰ সফলতাৰ পাছত পোৱা চেকখনেৰে তেওঁ প্ৰথমখন গাড়ী কিনিছিল। আগতে তেওঁ কেৱল ৰাজহুৱা পৰিবহণতহে যাতায়ত কৰিছিল। দেশে বিদেশে এইগৰাকী গায়কে সংগীত পৰিৱেশন কৰি লাখ লাখ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও বিভিন্ন লাইভ অনুষ্ঠান পৰিৱেশন কৰে শিল্পীগৰাকীয়ে। লাখ লাখ টকাৰ বিনিয়মত তেওঁ এই অনুষ্ঠানসমূহ পৰিৱেশন কৰে। শিল্পীগৰাকীয়ে উপাৰ্জন কৰা এই বৃহৎ পৰিমাণৰ ধন তেওঁ কেনেকৈ খৰচ কৰে?

অৰিজিতে সাধাৰণ জীৱন যাপন কৰি ভাল পায়। সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ দৰেই থাকি ভাল পায় তেওঁ। তেওঁ নিজৰ উপাৰ্জন বিলাসী জীৱনৰ বাবে নহয়, সমাজৰ কল্যাণৰ বাবে খৰচ কৰে।

শৈশৱত অধ্যয়ন কৰা ৰাজা বিজয় সিং বিদ্যামন্দিৰৰ বিদ্যালয়ৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে অৰিজিতে। বিদ্যালয়খনৰ উন্নয়নৰ বাবে উদ্যোগ লৈছে তেওঁ। বিদ্যালয়ৰ খেলপথাৰখন দীৰ্ঘদিন ধৰি অৱহেলিত হৈ পৰিছিল। অৰিজিত সিঙৰ তত্বাৱধানত সেই খেলপথাৰখন ছাত্ৰ–ছাত্ৰীৰ বাবে উপযোগী কৰি তুলি ইতিমধ্যে খেলপথাৰখন ছাত্ৰ–ছাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে।

ইয়াৰ উপৰিও অৰিজিৎ সিঙৰ আছে এটা নিজা স্বেচ্ছাসেৱী সংগঠন। জিয়াগাঞ্জত এখন উন্নত চিকিৎসালয় নিৰ্মাণ কৰাৰ কথাও ভাবিছে শিল্পীগৰাকীয়ে। মহামাৰীৰ সময়ত কণ্ঠশিল্পীগৰাকীয়ে মুৰ্ছিদাবাদত চিকিৎসাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবেও ধন আগবঢ়াইছিল। ইয়াৰ বাহিৰেও অৰিজিতে উপাৰ্জনৰ এক বৃহৎ অংশ জিয়াগঞ্জৰ চিকিৎসালয়ৰ উন্নয়ন, দৰিদ্ৰ শিশুৰ হৃদ চিকিৎসা আৰু সংগীত বিদ্যালয় নিৰ্মাণৰ কামত ব্যয় কৰে।

জিয়াগাঞ্জত বিনামূলীয়া ইংৰাজী শিক্ষাৰ প্ৰশিক্ষণো মুকলি কৰিছে তেওঁ। কেৱল নিজৰ বাবে জীয়াই থকা নাই অৰিজিত সিং। সমাজৰ কল্যাণ সাধন কৰি, আন দহজনৰ মুখত হাঁহি বিৰিঙোৱাটো অৰিজিতৰ স্বপ্ন। শুভ জন্মদিন অৰিজিত সিং... কুশলে থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement