--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধাৱনৰ আজি ৩৬ সংখ্যক জন্মদিন। অনুৰাগীৰ লগতে বহু চেলিব্ৰিটিয়ে ছ’চিয়েল একাউণ্টত বৰুণক জন্মদিনৰ শুভেচ্ছা জনাইছে। বলীউড উদ্যোগৰ অন্যতম প্ৰসিদ্ধ ছবি নিৰ্মাতা ডেভিদ ধাৱনৰ পুত্ৰ বৰুণ ধাৱান। ২০১২ চনত বৰুণে বলীউডত অভিষেক ঘটায় ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনৰ জৰিয়তে। ছবিখন পৰিচালনা কৰিছিল কৰণ জোহৰে। আপুনি জানি আচৰিত হ’ব যে চলচ্চিত্ৰ নিৰ্মাতা পিতৃ ডেভিদ ধাৱনে বৰুণ ধাৱনক বলীউডত লঞ্চ কৰিবলৈ অস্বীকাৰ কৰিছিল।

বৰুণ ধাৱনে এক দশকৰ চলচ্চিত্ৰ কেৰিয়াৰত সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। এজন চলচ্চিত্ৰ নিৰ্মাতাৰ পুত্ৰ হোৱাৰ পিছতো বৰুণে নিজৰ দমত নিজৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেওঁৰ পিতৃ ডেভিদ ধাৱানে তেওঁৰ প্ৰডাকচন হাউছৰ পৰা বৰুণক লঞ্চ কৰিবলৈ অস্বীকাৰ কৰিছিল। ডেভিদে বিচাৰিছিল যে তেওঁৰ পুত্ৰই প্ৰতিভাৰ বলত আগবাঢ়ি যাওক। বৰুণক প্ৰথমে ছবিত কেমেৰাৰ আঁৰত কাম কৰা দেখা গৈছিল আৰু কাম শিকি বুজিহে বৰুণ ধাৱনে ৰূপালী পৰ্দাত এণ্ট্ৰি মাৰিছিল। বৰুণে প্ৰথমে ‘মাই নেম ইজ খান’ ছবিখনত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।

বৰুণৰ প্ৰথমখন ছবি ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’তেই তেওঁৰ অভিনয় অনুৰাগীয়ে ভাল পাইছিল। চকলেট হিৰো হিচাপে বিখ্যাত বৰুণে ‘বদলাপুৰ’ আৰু ‘অক্টোবৰ’ৰ দৰে ছবিৰে নিজৰ ভাবমূৰ্তি সলনি কৰিবলৈ চেষ্টা কৰিছিল। আলিয়া ভাটৰ সৈতে বৰুণৰ যুটিক মানুহে বেছিকৈ পচন্দ কৰে। বৰুণ ধাৱনে শৈশৱৰ প্ৰেয়সী নতাশা দলালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে তেওঁৰ ছবি ‘ভেদিয়া ২’ অতি সোনকালে মুক্তি পাবলৈ গৈ আছে, যাৰ কাম আৰম্ভ হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?