--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধাৱনৰ আজি ৩৬ সংখ্যক জন্মদিন। অনুৰাগীৰ লগতে বহু চেলিব্ৰিটিয়ে ছ’চিয়েল একাউণ্টত বৰুণক জন্মদিনৰ শুভেচ্ছা জনাইছে। বলীউড উদ্যোগৰ অন্যতম প্ৰসিদ্ধ ছবি নিৰ্মাতা ডেভিদ ধাৱনৰ পুত্ৰ বৰুণ ধাৱান। ২০১২ চনত বৰুণে বলীউডত অভিষেক ঘটায় ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনৰ জৰিয়তে। ছবিখন পৰিচালনা কৰিছিল কৰণ জোহৰে। আপুনি জানি আচৰিত হ’ব যে চলচ্চিত্ৰ নিৰ্মাতা পিতৃ ডেভিদ ধাৱনে বৰুণ ধাৱনক বলীউডত লঞ্চ কৰিবলৈ অস্বীকাৰ কৰিছিল।

বৰুণ ধাৱনে এক দশকৰ চলচ্চিত্ৰ কেৰিয়াৰত সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। এজন চলচ্চিত্ৰ নিৰ্মাতাৰ পুত্ৰ হোৱাৰ পিছতো বৰুণে নিজৰ দমত নিজৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেওঁৰ পিতৃ ডেভিদ ধাৱানে তেওঁৰ প্ৰডাকচন হাউছৰ পৰা বৰুণক লঞ্চ কৰিবলৈ অস্বীকাৰ কৰিছিল। ডেভিদে বিচাৰিছিল যে তেওঁৰ পুত্ৰই প্ৰতিভাৰ বলত আগবাঢ়ি যাওক। বৰুণক প্ৰথমে ছবিত কেমেৰাৰ আঁৰত কাম কৰা দেখা গৈছিল আৰু কাম শিকি বুজিহে বৰুণ ধাৱনে ৰূপালী পৰ্দাত এণ্ট্ৰি মাৰিছিল। বৰুণে প্ৰথমে ‘মাই নেম ইজ খান’ ছবিখনত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।

বৰুণৰ প্ৰথমখন ছবি ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’তেই তেওঁৰ অভিনয় অনুৰাগীয়ে ভাল পাইছিল। চকলেট হিৰো হিচাপে বিখ্যাত বৰুণে ‘বদলাপুৰ’ আৰু ‘অক্টোবৰ’ৰ দৰে ছবিৰে নিজৰ ভাবমূৰ্তি সলনি কৰিবলৈ চেষ্টা কৰিছিল। আলিয়া ভাটৰ সৈতে বৰুণৰ যুটিক মানুহে বেছিকৈ পচন্দ কৰে। বৰুণ ধাৱনে শৈশৱৰ প্ৰেয়সী নতাশা দলালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে তেওঁৰ ছবি ‘ভেদিয়া ২’ অতি সোনকালে মুক্তি পাবলৈ গৈ আছে, যাৰ কাম আৰম্ভ হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ