--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আকাশমাৰ্গত হ’ব পৰা সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে পঞ্জাৱত প্ৰথমবাৰলৈ এয়াৰ ডিফেঞ্চ ছিছটেম মোতায়েন কৰিছে। ভাৰতীয় বায়ু সেনাই ৰাছিয়াৰ পৰা লাভ কৰা এছ-৪০০ এয়াৰ ডিফেঞ্চ মিছাইলৰ প্ৰথম স্কোয়াড্ৰ’ন পঞ্জাৱলৈ ইতিমধ্যে মোতায়েন কৰিছে। চৰকাৰী পক্ষৰ এক গোপন সূত্ৰই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰিছে। জানিবলৈ পোৱা মতে, চীন আৰু পাকিস্তানৰ মাজত আকাশাৰ্গত হ’ব পৰা আক্ৰমণৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ডিফেঞ্চ মিছাইল ছিছটেম মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

চলিত মাহৰ আৰম্ভণিৰে পৰাই ৰাছিয়াৰ পৰা মিছাইল ছিছটেমৰ কিছু অংশ দেশলৈ আহিবলৈ আৰম্ভ কৰে। আগন্তুক কেইসপ্তাহমানৰ ভিতৰতে এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব। প্ৰথম স্কোয়াড্ৰনখনে চীন আৰু পাকিস্তানৰ পৰা অহা যিকোনো আকাশী ভাবুকিৰ পৰা সুৰক্ষা দিবলৈ সক্ষম বুলি আশস্ত কৰাইছে চৰকাৰী পক্ষই। আকাশমাৰ্গত প্ৰায় ৪০০কিলোমিটাৰ দূৰৈতে সম্ভাব্য বিপদক প্ৰত্যাহ্বান জনাব পাৰে এইটো মিছাইলে। চলিত বৰ্ষৰ সামৰণি পৰাৰ পূৰ্বেই প্ৰথম স্কোয়াড্ৰ’নৰ আবণ্টন হ’ব বুলি জানিবলৈ পোৱা গৈছে।

বায়ু সেনাৰ বিষয়া আৰু কৰ্মচাৰীসকলক এই ৰাছিয়ান প্ৰণালীৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে। এই বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ দ্বাৰা ভাৰতে দক্ষিণ এছিয়াত আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ বিমানেৰে শত্ৰুৰ যুঁজাৰু বিমান আৰু ক্ৰুজ মিছাইল ধ্বংস কৰিবলৈ সক্ষম হ'ব বুলিও ধাৰণা কৰা হৈছে। উল্লেখ্য যে, এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালীত ৪ টা পৃথক মিছাইল আছে। যাৰ জৰিয়তে শত্ৰুৰ বিমান, বেলিষ্টিক মিছাইল আৰু এডব্লিউএচিএছ বিমান ৪০০ কিলোমিটাৰ, ২৫০ কিলোমিটাৰ, মধ্যম পৰিসৰ ১২০ কিলোমিটাৰ আৰু ৪০ কিলোমিটাৰ দূৰত্বত কম দূৰত্বত ধ্বংস কৰাৰ ক্ষমতা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'