--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আকাশমাৰ্গত হ’ব পৰা সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে পঞ্জাৱত প্ৰথমবাৰলৈ এয়াৰ ডিফেঞ্চ ছিছটেম মোতায়েন কৰিছে। ভাৰতীয় বায়ু সেনাই ৰাছিয়াৰ পৰা লাভ কৰা এছ-৪০০ এয়াৰ ডিফেঞ্চ মিছাইলৰ প্ৰথম স্কোয়াড্ৰ’ন পঞ্জাৱলৈ ইতিমধ্যে মোতায়েন কৰিছে। চৰকাৰী পক্ষৰ এক গোপন সূত্ৰই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰিছে। জানিবলৈ পোৱা মতে, চীন আৰু পাকিস্তানৰ মাজত আকাশাৰ্গত হ’ব পৰা আক্ৰমণৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ডিফেঞ্চ মিছাইল ছিছটেম মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

চলিত মাহৰ আৰম্ভণিৰে পৰাই ৰাছিয়াৰ পৰা মিছাইল ছিছটেমৰ কিছু অংশ দেশলৈ আহিবলৈ আৰম্ভ কৰে। আগন্তুক কেইসপ্তাহমানৰ ভিতৰতে এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব। প্ৰথম স্কোয়াড্ৰনখনে চীন আৰু পাকিস্তানৰ পৰা অহা যিকোনো আকাশী ভাবুকিৰ পৰা সুৰক্ষা দিবলৈ সক্ষম বুলি আশস্ত কৰাইছে চৰকাৰী পক্ষই। আকাশমাৰ্গত প্ৰায় ৪০০কিলোমিটাৰ দূৰৈতে সম্ভাব্য বিপদক প্ৰত্যাহ্বান জনাব পাৰে এইটো মিছাইলে। চলিত বৰ্ষৰ সামৰণি পৰাৰ পূৰ্বেই প্ৰথম স্কোয়াড্ৰ’নৰ আবণ্টন হ’ব বুলি জানিবলৈ পোৱা গৈছে।

বায়ু সেনাৰ বিষয়া আৰু কৰ্মচাৰীসকলক এই ৰাছিয়ান প্ৰণালীৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে। এই বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ দ্বাৰা ভাৰতে দক্ষিণ এছিয়াত আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ বিমানেৰে শত্ৰুৰ যুঁজাৰু বিমান আৰু ক্ৰুজ মিছাইল ধ্বংস কৰিবলৈ সক্ষম হ'ব বুলিও ধাৰণা কৰা হৈছে। উল্লেখ্য যে, এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালীত ৪ টা পৃথক মিছাইল আছে। যাৰ জৰিয়তে শত্ৰুৰ বিমান, বেলিষ্টিক মিছাইল আৰু এডব্লিউএচিএছ বিমান ৪০০ কিলোমিটাৰ, ২৫০ কিলোমিটাৰ, মধ্যম পৰিসৰ ১২০ কিলোমিটাৰ আৰু ৪০ কিলোমিটাৰ দূৰত্বত কম দূৰত্বত ধ্বংস কৰাৰ ক্ষমতা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ