--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পশ্চিম বংগত পুনৰবাৰ শক্তিৰ প্ৰমাণ দিলে তৃণমূল কংগ্ৰেছে। কলকাতা পৌৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে বংগৰ ৰাণী মমতা বেনাৰ্জীৰ টিএমচি। শক্তি-কৌশল অৱলম্বন কৰিও এতিয়া পশ্চিম বংগত অচল টকাত পৰিণত হৈছে ভাৰতীয় জনতা পাৰ্টী। বিশাল বিজয়ৰ আনন্দোৎসৱত ভাগ লোৱাৰ পূৰ্বে মা কামাখ্যাৰ আশিস ল'বলৈ গুৱাহাটীলৈ আহিছে মমতা বেনাৰ্জী।

দেওবাৰে ভোটগ্ৰহণ হৈ যোৱা কলকাতা পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা কঠোৰ নিৰাপত্তাৰ মাজত চলি আছে। দলৰ শক্তিৰ উমান দি পুনৰ কলকাতা পৌৰ নিৰ্বাচনত বৃহৎ বিজয়ৰ দিশে অগ্ৰসৰ হৈছে তৃণমূল কংগ্ৰেছ। মুঠ ১৪৪ খন আসনৰ ১৩৩ খনতে আগবাঢ়ি আছে মমতা বেনাৰ্জীৰ দল। চাৰিখন আসনত অগ্ৰগতিৰে বাওঁপন্থী দল দ্বিতীয় স্থানত থকাৰ বিপৰীতে তৃতীয় স্থানতে ক্ষান্ত থাকিবলগীয়া হৈছে বিজেপি। মাত্ৰ তিনিখন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি-এ। কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দুখনকৈ আসনত আগবাঢ়ি আছে। বিধানসভা নিৰ্বাচনৰ পাছত প্ৰধান বিৰোধী দলৰূপে পৰিগণিত হোৱা বিজেপিৰ অৱস্থা কলকাতা পৌৰ নিৰ্বাচনত তেনেই শোচনীয়।

সৰ্বশক্তি প্ৰয়োগেৰে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত চমক দেখুওৱা বিজেপি-এ অৱশেষত সেও মানিবলৈ বাধ্য হৈছিল। নৰেন্দ্ৰ মোদী, অমিত শ্বাহকে আদি কৰি দলৰ দিগ্গজ নেতাৰে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাইও মমতা বেনাৰ্জীৰ আগত হাৰ মানিবলৈ বাধ্য হৈছিল দেশৰ সৰ্বশক্তিমান দল বিজেপি। ইয়াৰ পাছত কলকাতা পৌৰ নিৰ্বাচনত সু-পৰিকল্পনাৰে পৰীক্ষামূলকভাবে ডাক্তৰ, প্ৰবক্তা তথা যুৱশক্তি প্ৰয়োগ কৰিও মুখথেকেচা খালে ভাৰতীয় জনতা পাৰ্টীয়ে।

১৩৩ খন আসনত দল আগবাঢ়ি থকাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বেনাৰ্জীয়ে কয়, 'কলকঅতা এতিয়া আটাইতকৈ সুৰক্ষিত চহৰ। আমি ইতিমধ্যেই চহৰখনক সজাই-পৰাই তুলিছো। নগৰাঞ্চল, উপ-নগৰাঞ্চল তথা গ্ৰামাঞ্চলৰ উন্নয়নেই এতিয়া মোৰ প্ৰধান লক্ষ্য'। উল্লেখ্য যে, কিছুসংখ্যক ৱাৰ্ডত ইতিমধ্যে তৃণমূল কংগ্ৰেছ প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰা হৈছে। দলৰ এই সু-বৃহৎ বিজয়ৰ সময়তে মমতা বেনাৰ্জী বুধবাৰে মা কামাখ্যাৰ আশিস ল'বলৈ গুৱাহাটীলৈ আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ