--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পশ্চিম বংগত পুনৰবাৰ শক্তিৰ প্ৰমাণ দিলে তৃণমূল কংগ্ৰেছে। কলকাতা পৌৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে বংগৰ ৰাণী মমতা বেনাৰ্জীৰ টিএমচি। শক্তি-কৌশল অৱলম্বন কৰিও এতিয়া পশ্চিম বংগত অচল টকাত পৰিণত হৈছে ভাৰতীয় জনতা পাৰ্টী। বিশাল বিজয়ৰ আনন্দোৎসৱত ভাগ লোৱাৰ পূৰ্বে মা কামাখ্যাৰ আশিস ল'বলৈ গুৱাহাটীলৈ আহিছে মমতা বেনাৰ্জী।

দেওবাৰে ভোটগ্ৰহণ হৈ যোৱা কলকাতা পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা কঠোৰ নিৰাপত্তাৰ মাজত চলি আছে। দলৰ শক্তিৰ উমান দি পুনৰ কলকাতা পৌৰ নিৰ্বাচনত বৃহৎ বিজয়ৰ দিশে অগ্ৰসৰ হৈছে তৃণমূল কংগ্ৰেছ। মুঠ ১৪৪ খন আসনৰ ১৩৩ খনতে আগবাঢ়ি আছে মমতা বেনাৰ্জীৰ দল। চাৰিখন আসনত অগ্ৰগতিৰে বাওঁপন্থী দল দ্বিতীয় স্থানত থকাৰ বিপৰীতে তৃতীয় স্থানতে ক্ষান্ত থাকিবলগীয়া হৈছে বিজেপি। মাত্ৰ তিনিখন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি-এ। কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দুখনকৈ আসনত আগবাঢ়ি আছে। বিধানসভা নিৰ্বাচনৰ পাছত প্ৰধান বিৰোধী দলৰূপে পৰিগণিত হোৱা বিজেপিৰ অৱস্থা কলকাতা পৌৰ নিৰ্বাচনত তেনেই শোচনীয়।

সৰ্বশক্তি প্ৰয়োগেৰে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত চমক দেখুওৱা বিজেপি-এ অৱশেষত সেও মানিবলৈ বাধ্য হৈছিল। নৰেন্দ্ৰ মোদী, অমিত শ্বাহকে আদি কৰি দলৰ দিগ্গজ নেতাৰে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাইও মমতা বেনাৰ্জীৰ আগত হাৰ মানিবলৈ বাধ্য হৈছিল দেশৰ সৰ্বশক্তিমান দল বিজেপি। ইয়াৰ পাছত কলকাতা পৌৰ নিৰ্বাচনত সু-পৰিকল্পনাৰে পৰীক্ষামূলকভাবে ডাক্তৰ, প্ৰবক্তা তথা যুৱশক্তি প্ৰয়োগ কৰিও মুখথেকেচা খালে ভাৰতীয় জনতা পাৰ্টীয়ে।

১৩৩ খন আসনত দল আগবাঢ়ি থকাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বেনাৰ্জীয়ে কয়, 'কলকঅতা এতিয়া আটাইতকৈ সুৰক্ষিত চহৰ। আমি ইতিমধ্যেই চহৰখনক সজাই-পৰাই তুলিছো। নগৰাঞ্চল, উপ-নগৰাঞ্চল তথা গ্ৰামাঞ্চলৰ উন্নয়নেই এতিয়া মোৰ প্ৰধান লক্ষ্য'। উল্লেখ্য যে, কিছুসংখ্যক ৱাৰ্ডত ইতিমধ্যে তৃণমূল কংগ্ৰেছ প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰা হৈছে। দলৰ এই সু-বৃহৎ বিজয়ৰ সময়তে মমতা বেনাৰ্জী বুধবাৰে মা কামাখ্যাৰ আশিস ল'বলৈ গুৱাহাটীলৈ আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা মালামাল বয়জৰ
অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ জীয়া এপিটাফ
দেশত প্রচলন ২৪৫বিধ নকল ঔষধ
ছনী টিভিৰ ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত অসমৰ জিজ্ঞাসা কাশ্যপ
ক'লা কাপোৰ প্ৰদর্শন কৰি সংসদত প্রতিবাদ বিৰোধীৰ
জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে যুঁজ টিংখাঙৰ এগৰাকী কিশোৰীৰ! ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
চীনৰ এক সিদ্ধান্তৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংকটত, বাজিত ৩২ বিলিয়ন ডলাৰ!
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে