--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এজন ৰে’ল অভিযন্তাৰ বিৰুদ্ধে এটা পৰিত্যক্ত ৰে’ল ইঞ্জিন বিক্ৰী কৰাৰ অভিযোগ উঠিছে। ঘটনাটো বিহাৰৰ পূৰ্ণিয়া জিলাত সংঘটিত হৈছে। আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, অভিযুক্তজনে ৰেলৱে’ ইঞ্জিনিয়াৰজনে বিহাৰৰ সমস্তিপুৰত লোকো ডিজেল শ্বেডত কৰ্মৰত হৈ আছিল। তেওঁ আন কেইবাজনো ৰে'ল বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ সৈতে লগ-লাগি কৰি পূৰ্ণিয়া ৰে’ল ষ্টেচনত পৰি থকা পৰিত্যক্ত ৰে’ল ইঞ্জিন বিক্ৰী কৰিলে বুলি অভিযোগ উত্থাপন হৈছে। পূৰ্ণিয়া আৰক্ষীয়ে ইতিমধ্যে ৰে’ল ইঞ্জিন চুৰি কৰা কাৰ্যক লৈ এখন এজাহাৰ দাখিল কৰিছে।


অনুসন্ধানৰ পিছত আৰপিএফে পূৰ্ণিয়াৰ গুলবাগ অঞ্চলৰ পৰা ইঞ্জিনৰ এটা অংশ উদ্ধাৰ কৰে। আৰপিএফৰ সূত্ৰই জনোৱা অনুসৰি, উক্ত ঘটনাটোৰ লগত কিছু আৰক্ষী বিষয়া আৰু সুৰক্ষা বাহিনী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু ইয়াৰ আঁৰত এক ডাঙৰ ৰেকেট খকাৰো সন্দেহ প্ৰকাশ কৰিছে৷

খবৰ অনুসৰি, অভিযুক্তজনে ১৪ ডিচেম্বৰত পূৰ্ণিয়া আদালত ৰে’ল ষ্টেচনত উপস্থিত হৈছিল আৰু পৰিত্যক্ত ৰে’ল ইঞ্জিনটো গেছ কাটাৰেৰে সৰু সৰু অংশত কাটি পেলাইছিল। পূৰ্ণিয়া আউটপ'ষ্টৰ দায়িত্বত থকা এম এম ৰহমান নামৰ এজন বিষয়াই সমগ্ৰ ঘটনাটোৰ সাক্ষী হৈ আছিল।

কৰ্তব্যৰত বিষয়াজনে অভিযুক্ত অভিযন্তাজনক ঘটনাটো সন্দৰ্ভত সোধাত তেওঁ সমস্তিপুৰৰ বিভাগীয় যান্ত্ৰিক অভিযন্তা বুলি এখন ভুৱা প্ৰমাণ পত্ৰ দেখুৱাই আৰু লগতে তেওঁ কৈছিল যে ইঞ্জিনৰ অংশবোৰ সমস্তিপুৰ লোকো শ্বেডলৈ লৈ যোৱা হ'ব। কিন্তু সেই শ্বেডটোলৈ লৈ যোৱাৰ পৰিৱৰ্তে অভিযন্তাজনে বিকল ৰে’ল ইঞ্জিনটো বিক্ৰীহে কৰিলে। সমস্তিপুৰৰ বিভাগীয় ৰে'ল প্ৰৱন্ধক (ডিআৰএম) আলোক আগৰৱালে ঘটনা সন্দৰ্ভত কয় যে, "এই ঘটনাটোৰ তদন্তৰ প্ৰক্ৰিয়া অব্যাহত আছে, অতি সোনকালে দোষীক চিনাক্ত কৰি শাস্তি বিহা হ’ব৷"


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক