--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এজন ৰে’ল অভিযন্তাৰ বিৰুদ্ধে এটা পৰিত্যক্ত ৰে’ল ইঞ্জিন বিক্ৰী কৰাৰ অভিযোগ উঠিছে। ঘটনাটো বিহাৰৰ পূৰ্ণিয়া জিলাত সংঘটিত হৈছে। আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, অভিযুক্তজনে ৰেলৱে’ ইঞ্জিনিয়াৰজনে বিহাৰৰ সমস্তিপুৰত লোকো ডিজেল শ্বেডত কৰ্মৰত হৈ আছিল। তেওঁ আন কেইবাজনো ৰে'ল বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ সৈতে লগ-লাগি কৰি পূৰ্ণিয়া ৰে’ল ষ্টেচনত পৰি থকা পৰিত্যক্ত ৰে’ল ইঞ্জিন বিক্ৰী কৰিলে বুলি অভিযোগ উত্থাপন হৈছে। পূৰ্ণিয়া আৰক্ষীয়ে ইতিমধ্যে ৰে’ল ইঞ্জিন চুৰি কৰা কাৰ্যক লৈ এখন এজাহাৰ দাখিল কৰিছে।


অনুসন্ধানৰ পিছত আৰপিএফে পূৰ্ণিয়াৰ গুলবাগ অঞ্চলৰ পৰা ইঞ্জিনৰ এটা অংশ উদ্ধাৰ কৰে। আৰপিএফৰ সূত্ৰই জনোৱা অনুসৰি, উক্ত ঘটনাটোৰ লগত কিছু আৰক্ষী বিষয়া আৰু সুৰক্ষা বাহিনী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু ইয়াৰ আঁৰত এক ডাঙৰ ৰেকেট খকাৰো সন্দেহ প্ৰকাশ কৰিছে৷

খবৰ অনুসৰি, অভিযুক্তজনে ১৪ ডিচেম্বৰত পূৰ্ণিয়া আদালত ৰে’ল ষ্টেচনত উপস্থিত হৈছিল আৰু পৰিত্যক্ত ৰে’ল ইঞ্জিনটো গেছ কাটাৰেৰে সৰু সৰু অংশত কাটি পেলাইছিল। পূৰ্ণিয়া আউটপ'ষ্টৰ দায়িত্বত থকা এম এম ৰহমান নামৰ এজন বিষয়াই সমগ্ৰ ঘটনাটোৰ সাক্ষী হৈ আছিল।

কৰ্তব্যৰত বিষয়াজনে অভিযুক্ত অভিযন্তাজনক ঘটনাটো সন্দৰ্ভত সোধাত তেওঁ সমস্তিপুৰৰ বিভাগীয় যান্ত্ৰিক অভিযন্তা বুলি এখন ভুৱা প্ৰমাণ পত্ৰ দেখুৱাই আৰু লগতে তেওঁ কৈছিল যে ইঞ্জিনৰ অংশবোৰ সমস্তিপুৰ লোকো শ্বেডলৈ লৈ যোৱা হ'ব। কিন্তু সেই শ্বেডটোলৈ লৈ যোৱাৰ পৰিৱৰ্তে অভিযন্তাজনে বিকল ৰে’ল ইঞ্জিনটো বিক্ৰীহে কৰিলে। সমস্তিপুৰৰ বিভাগীয় ৰে'ল প্ৰৱন্ধক (ডিআৰএম) আলোক আগৰৱালে ঘটনা সন্দৰ্ভত কয় যে, "এই ঘটনাটোৰ তদন্তৰ প্ৰক্ৰিয়া অব্যাহত আছে, অতি সোনকালে দোষীক চিনাক্ত কৰি শাস্তি বিহা হ’ব৷"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ