--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্ত আৰু আদিলৰ মাজৰ সংঘাতে সমগ্ৰ বলীউডতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ৰাখীয়ে আদিল অন্য এগৰাকী যুৱতীৰ প্ৰেমত পৰা বুলি কান্দি-কাটি অভিযোগ কৰি আহিছে৷  সংবাদ মাধ্যমক ৰাখীয়ে  কৈছিল যে আদিলে তেওঁক  প্ৰতাৰণা কৰিছে আৰু   বিবাহ ভাঙিবলৈ গৈ আছে।

আদিলৰ বিৰুদ্ধে পুনৰ অভিযোগ কৰি ৰাখীয়ে কৈছে যে আদিলে ৰাখীক বিবাহ বিচ্ছেদ নিদিয়াকৈ আন তিনিজনীক চপাই ল’ব পাৰে বুলি কৈছে৷ ৰাখীয়ে লগতে কৈছিল  যে তেওঁ যেতিয়া বিগ বছ মাৰাঠীত আছিল , সেইসময়তে  আদিলৰ সৈতে  আন এগৰাকী যুৱতীৰ ঘনিষ্ঠ সম্পৰ্ক হৈছিল৷  সেই যুৱতীগৰাকীয়েই এতিয়া আদিলক নানা প্ৰকাৰে ব্লেকমেইলিং কৰি থকা বুলিও ৰাখীয়ে অভিযোগ কৰিছিল৷ ৰাখীয়ে লগতে কৈছিল   যে যুৱতীগৰাকীৰ সৈতে আদিলৰ ঘনিষ্ঠ মুহূৰ্তৰ  ছবি আৰু ভিডিঅ’ তেওঁৰ হাতত আছে৷ প্ৰয়োজনত তেওঁ সেয়ে বোমা ফুটাই দিব পাৰে বুলিও হুংকাৰ দিছিল ৷ 


ৰাখীৰ এনে অভিযোগৰ মাজতে  অৱশেষত মুখ খুলিছে  আদিলে ৷ নীৰৱতা ভংগ কৰি আদিলে  ছ'চিয়েল মিডিয়াত আদিলে কয় যে এতিয়া এগৰাকী মহিলাৰ বিষয়ে কোৱাৰ অৰ্থ এয়া নহয় যে মানুহে তেওঁৰ মৌনতাক সহজ ভাৱে লোৱা উচিত, কিয়নো তেওঁ তেওঁৰ ধৰ্মক সন্মান কৰে আৰু মহিলাসকলক কেনেদৰে সন্মান কৰিব লাগে সেয়া  জানে। তেওঁ আৰু কয়  যে তেওঁ প্ৰয়াত  অভিনেতা সুশান্ত সিং ৰাজপুতৰ দৰে হ'ব নিবিচাৰে৷  কিয়নো ৰাখীয়ে তেওঁক ভাবুকি দি আহিছে  যে মুম্বাইত তেওঁ   যিকোনো ঘটনা ঘটাব পাৰে।

 আদিলে এয়াও কয় যে যেতিয়া কোনেও ৰাখীৰ  কাষত থিয় হোৱা নাছিল তেতিয়া তেওঁ তেওঁৰ  কাষত থিয় হৈছিল আৰু তাৰ বিনিময়ত তেওঁ এয়াই পাইছে। শেষত আদিলে কৈছে  যে যদি তেওঁ মুখ খোলে তেন্তে কথাবোৰ বেছি বেয়া হৈ যাব৷ আদিলে কয়  "ৰাখীয়ে  মোক যিধৰণে ব্যৱহাৰ কৰি আছে সেয়া মই কল্পনাও কৰিব পৰা নাছিলো৷   ঠিক এনে  লাগিছে যেন স্বামী আৰু পত্নীৰ মাজৰ এই কাজিয়া বহুদূৰ আগবাঢ়িব আৰু সোনকালে ই নিষ্পত্তি নহ'ব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক