--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ 'ডেটিং চাইট'ত প্ৰৱেশ কৰি প্ৰায়  কোটি কোটি টকা খৰচ কৰিছে। তথাপি তেওঁ মনে বিচৰা সঙ্গীগৰাকীক বিচাৰি পোৱা নাই৷ কোনো মহিলা-যুৱতীয়েই বৃদ্ধ জনৰ সৈতে মনৰ ভাব আদান-প্ৰদান কৰিব নিবিচাৰে৷ সেয়ে হতাশ হৈ পৰিছে মহাৰাষ্ট্ৰ  ৭৮ বছৰীয়া ব্যক্তিগৰাকী৷ উপায় নাপাই তেওঁ ন্যায় বিচাৰি  আৰক্ষীৰ কাষ চাপিছে। এয়া পুনে, মহাৰাষ্ট্ৰৰ ঘটনা।লোকজনৰ অভিযোগৰ ভিত্তিত,পুনেৰ চাইবাৰ আৰক্ষী থানাই এই বিষয়ত তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে কৈছে যে অভিযোগকাৰীজনৰ বয়স ৭৮ বছৰ। তেওঁ এটা ব্যক্তিগত কোম্পানীৰ জ্যেষ্ঠ বিষয়া আছিল। বৃদ্ধজনে এটা 'ডেটিং চাইট'ত এজন 'সঙ্গী' বিচাৰি আছিল। ২০২২ চনৰ মে’ মাহত ৰজত সিং আৰু নেহা শৰ্মা নামৰ দুজন লোকে তেওঁক ফোন কৰিছিল। তেওঁলোকে নিজকে সংশ্লিষ্ট ডেটিং চাইটৰ কৰ্মচাৰী হিচাপে পৰিচয় দিছিল। ইয়াৰ পিছত তেওঁলোকে লোকজনৰ   হোৱাটছএপ নম্বৰটো লৈছিল। বৃদ্ধজনক কোৱা হৈছিল যে তেওঁক হোৱাটছএপত তেওঁৰ নতুন সংগীৰ সৈতে পৰিচয় কৰাই দিয়া হ'ব। 

কিন্তু তাৰ বাবে, 'পঞ্জীয়ন মাচুল' লাগিব। সেই সেৱা  পাবলৈ বৃহৎ পৰিমাণৰ ধন দাবী কৰা হয়। সেই অনুসৰি, ৭৮ বছৰীয়া বৃদ্ধজনে টকা আদায়ো দিয়ে। লোকজনক এইবুলি  কোৱা হৈছিল যে আদায় দিয়া ধন  'ঘূৰাই দিব পৰা মাচুল' আছিল। অৰ্থাৎ সেৱা দিয়াৰ পিছত, তেওঁ পুনৰ টকা ঘূৰাই পাব। বৃদ্ধজনে অভিযোগ কৰা মতে  সেই অনুসৰি, তেওঁ মুঠ ১ কোটি ২ লাখ ১২ হাজাৰ ৫০০ টকা অনলাইনত প্ৰেৰণ কৰিছিল। কিন্তু কোনো সংগীয়েই বৃদ্ধ জনক যোগাযোগ নকৰিলে অথবা  তেওঁ  ঘূৰাই দিব বুলি কোৱা  টকা খিনিও ঘূৰাই নাপালে৷  

বৃদ্ধজনে ৰজত আৰু নেহাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলেযদিও  তেওঁলোকেও তেওঁলোকক আৰু  বিচাৰি পোৱা নগ’ল৷ সেয়ে ন্যায় বিচাৰি এতিয়া আৰক্ষীৰ কাষ চাপিছে বৃদ্ধ জন৷ চাইবাৰ বিভাগৰ অনুসন্ধানকাৰীসকলে বৃদ্ধজনৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু