--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ 'ডেটিং চাইট'ত প্ৰৱেশ কৰি প্ৰায়  কোটি কোটি টকা খৰচ কৰিছে। তথাপি তেওঁ মনে বিচৰা সঙ্গীগৰাকীক বিচাৰি পোৱা নাই৷ কোনো মহিলা-যুৱতীয়েই বৃদ্ধ জনৰ সৈতে মনৰ ভাব আদান-প্ৰদান কৰিব নিবিচাৰে৷ সেয়ে হতাশ হৈ পৰিছে মহাৰাষ্ট্ৰ  ৭৮ বছৰীয়া ব্যক্তিগৰাকী৷ উপায় নাপাই তেওঁ ন্যায় বিচাৰি  আৰক্ষীৰ কাষ চাপিছে। এয়া পুনে, মহাৰাষ্ট্ৰৰ ঘটনা।লোকজনৰ অভিযোগৰ ভিত্তিত,পুনেৰ চাইবাৰ আৰক্ষী থানাই এই বিষয়ত তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে কৈছে যে অভিযোগকাৰীজনৰ বয়স ৭৮ বছৰ। তেওঁ এটা ব্যক্তিগত কোম্পানীৰ জ্যেষ্ঠ বিষয়া আছিল। বৃদ্ধজনে এটা 'ডেটিং চাইট'ত এজন 'সঙ্গী' বিচাৰি আছিল। ২০২২ চনৰ মে’ মাহত ৰজত সিং আৰু নেহা শৰ্মা নামৰ দুজন লোকে তেওঁক ফোন কৰিছিল। তেওঁলোকে নিজকে সংশ্লিষ্ট ডেটিং চাইটৰ কৰ্মচাৰী হিচাপে পৰিচয় দিছিল। ইয়াৰ পিছত তেওঁলোকে লোকজনৰ   হোৱাটছএপ নম্বৰটো লৈছিল। বৃদ্ধজনক কোৱা হৈছিল যে তেওঁক হোৱাটছএপত তেওঁৰ নতুন সংগীৰ সৈতে পৰিচয় কৰাই দিয়া হ'ব। 

কিন্তু তাৰ বাবে, 'পঞ্জীয়ন মাচুল' লাগিব। সেই সেৱা  পাবলৈ বৃহৎ পৰিমাণৰ ধন দাবী কৰা হয়। সেই অনুসৰি, ৭৮ বছৰীয়া বৃদ্ধজনে টকা আদায়ো দিয়ে। লোকজনক এইবুলি  কোৱা হৈছিল যে আদায় দিয়া ধন  'ঘূৰাই দিব পৰা মাচুল' আছিল। অৰ্থাৎ সেৱা দিয়াৰ পিছত, তেওঁ পুনৰ টকা ঘূৰাই পাব। বৃদ্ধজনে অভিযোগ কৰা মতে  সেই অনুসৰি, তেওঁ মুঠ ১ কোটি ২ লাখ ১২ হাজাৰ ৫০০ টকা অনলাইনত প্ৰেৰণ কৰিছিল। কিন্তু কোনো সংগীয়েই বৃদ্ধ জনক যোগাযোগ নকৰিলে অথবা  তেওঁ  ঘূৰাই দিব বুলি কোৱা  টকা খিনিও ঘূৰাই নাপালে৷  

বৃদ্ধজনে ৰজত আৰু নেহাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলেযদিও  তেওঁলোকেও তেওঁলোকক আৰু  বিচাৰি পোৱা নগ’ল৷ সেয়ে ন্যায় বিচাৰি এতিয়া আৰক্ষীৰ কাষ চাপিছে বৃদ্ধ জন৷ চাইবাৰ বিভাগৰ অনুসন্ধানকাৰীসকলে বৃদ্ধজনৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক