--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ তিনিওটা প্ৰতিৰক্ষা  বাহিনীতে  যোগদান কৰিবলৈ ইচ্ছা থকা যুৱক সকলৰ ঘোষণা কৰা নতুন আঁচনি 'অগ্নিপথ 'কলৈ দেশজুৰি প্ৰতিবাদ হোৱাৰ লগতে আঁচনি খনে বহু নিবনুৱা যুৱকৰ পৰা সঁহাৰিও লাভ কৰিছে।এনে সময়তে ভাৰতীয় সেনাই অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াত পৰিৱৰ্তনৰ কথা  ঘোষণা কৰিছে । 

এতিয়াৰে পৰা সেনা  বাহিনীত যোগদান কৰিব বিচৰা প্ৰাৰ্থীসকলে প্ৰথমে অনলাইনযোগে কমন এনট্ৰেন্স পৰীক্ষা বা  উমৈহতীয়া প্ৰৱেশ পৰীক্ষাত (চিইই) অৱতীৰ্ণ হ'ব লাগিব। তাৰ পিছতহে শাৰীৰিক সুস্থতা আৰু চিকিৎসা পৰীক্ষা অনুষ্ঠিত হ'ব ।  প্ৰক্ৰিয়াটোৰ পৰিৱৰ্তন সম্পৰ্কে বিভিন্ন বাতৰি কাকতত সেনাই বিজ্ঞাপন প্ৰকাশ  কৰিছে।এই সম্পৰ্কীয় অধিসূচনা ফেব্ৰুৱাৰীৰ মাজভাগত জাৰী কৰা হ'ব বুলি আশা কৰা হৈছে।

প্ৰথম অনলাইন চিইই এপ্ৰিল মাহত সমগ্ৰ দেশৰ প্ৰায় ২০০টা স্থানত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে সকলো প্ৰস্তুতি চূড়ান্ত কৰা হৈছে বুলি  এটা সূত্ৰই প্ৰকাশ কৰিছে।সূত্ৰটোৱে কয় "পৰিৱৰ্তিত পদ্ধতিয়ে নিযুক্তি ৰেলীৰ সময়ত হোৱা বৃহৎ জনসমাগম হ্ৰাস কৰিব  যাতে প্ৰাৰ্থীসকলক সহজে  নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব পাৰি''।

এখন আগশাৰীৰ বাতৰি কাকতত প্ৰকাশিত এক বিজ্ঞাপনত -- 'ভাৰতীয় সেনাত নিযুক্তিত পৰিৱৰ্তন' শীৰ্ষক এটা বিজ্ঞাপন প্ৰকাশ পাইছে। সেই মৰ্মে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নতুন তিনিটা পদক্ষেপৰ পদ্ধতি তালিকাভুক্ত কৰা হৈছে। প্ৰথম পদক্ষেপটো হ'ব মনোনীত কেন্দ্ৰবোৰত সকলো প্ৰাৰ্থীৰ বাবে অনলাইন চিইই, তাৰ পিছত নিযুক্তি ৰেলীৰ সময়ত চিইই-অৰ্হতাপ্ৰাপ্ত প্ৰাৰ্থীৰ বাবে শাৰীৰিক ফিটনেছ পৰীক্ষা, আৰু শেষত চিকিৎসা সম্পৰ্কীয় পৰীক্ষা।

 উল্লেখ্য অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে, আগতে, প্ৰাৰ্থীসকলে শাৰীৰিক সুস্থতা পৰীক্ষা কৰাব লগা হৈছিল, তাৰ পিছত চিকিৎসা পৰীক্ষা কৰিব  লগা হৈছিল আৰু চিইইত  অৱতীৰ্ণ হোৱাটো অন্তিম পদক্ষেপ আছিল। কিন্তু, এতিয়া, সাধাৰণ অনলাইন চি.ই.ই. হ'ব  প্ৰথম পদক্ষেপ। 
নতুন প্ৰক্ৰিয়াটো ২০২৩-২৪ বৰ্ষৰ পৰৱৰ্তী নিযুক্তি প্ৰক্ৰিয়াত সেনাত যোগদান কৰিবলৈ ইচ্ছুক প্ৰায় ৪০,০০০ প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক