--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ তিনিওটা প্ৰতিৰক্ষা  বাহিনীতে  যোগদান কৰিবলৈ ইচ্ছা থকা যুৱক সকলৰ ঘোষণা কৰা নতুন আঁচনি 'অগ্নিপথ 'কলৈ দেশজুৰি প্ৰতিবাদ হোৱাৰ লগতে আঁচনি খনে বহু নিবনুৱা যুৱকৰ পৰা সঁহাৰিও লাভ কৰিছে।এনে সময়তে ভাৰতীয় সেনাই অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াত পৰিৱৰ্তনৰ কথা  ঘোষণা কৰিছে । 

এতিয়াৰে পৰা সেনা  বাহিনীত যোগদান কৰিব বিচৰা প্ৰাৰ্থীসকলে প্ৰথমে অনলাইনযোগে কমন এনট্ৰেন্স পৰীক্ষা বা  উমৈহতীয়া প্ৰৱেশ পৰীক্ষাত (চিইই) অৱতীৰ্ণ হ'ব লাগিব। তাৰ পিছতহে শাৰীৰিক সুস্থতা আৰু চিকিৎসা পৰীক্ষা অনুষ্ঠিত হ'ব ।  প্ৰক্ৰিয়াটোৰ পৰিৱৰ্তন সম্পৰ্কে বিভিন্ন বাতৰি কাকতত সেনাই বিজ্ঞাপন প্ৰকাশ  কৰিছে।এই সম্পৰ্কীয় অধিসূচনা ফেব্ৰুৱাৰীৰ মাজভাগত জাৰী কৰা হ'ব বুলি আশা কৰা হৈছে।

প্ৰথম অনলাইন চিইই এপ্ৰিল মাহত সমগ্ৰ দেশৰ প্ৰায় ২০০টা স্থানত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে সকলো প্ৰস্তুতি চূড়ান্ত কৰা হৈছে বুলি  এটা সূত্ৰই প্ৰকাশ কৰিছে।সূত্ৰটোৱে কয় "পৰিৱৰ্তিত পদ্ধতিয়ে নিযুক্তি ৰেলীৰ সময়ত হোৱা বৃহৎ জনসমাগম হ্ৰাস কৰিব  যাতে প্ৰাৰ্থীসকলক সহজে  নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব পাৰি''।

এখন আগশাৰীৰ বাতৰি কাকতত প্ৰকাশিত এক বিজ্ঞাপনত -- 'ভাৰতীয় সেনাত নিযুক্তিত পৰিৱৰ্তন' শীৰ্ষক এটা বিজ্ঞাপন প্ৰকাশ পাইছে। সেই মৰ্মে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নতুন তিনিটা পদক্ষেপৰ পদ্ধতি তালিকাভুক্ত কৰা হৈছে। প্ৰথম পদক্ষেপটো হ'ব মনোনীত কেন্দ্ৰবোৰত সকলো প্ৰাৰ্থীৰ বাবে অনলাইন চিইই, তাৰ পিছত নিযুক্তি ৰেলীৰ সময়ত চিইই-অৰ্হতাপ্ৰাপ্ত প্ৰাৰ্থীৰ বাবে শাৰীৰিক ফিটনেছ পৰীক্ষা, আৰু শেষত চিকিৎসা সম্পৰ্কীয় পৰীক্ষা।

 উল্লেখ্য অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে, আগতে, প্ৰাৰ্থীসকলে শাৰীৰিক সুস্থতা পৰীক্ষা কৰাব লগা হৈছিল, তাৰ পিছত চিকিৎসা পৰীক্ষা কৰিব  লগা হৈছিল আৰু চিইইত  অৱতীৰ্ণ হোৱাটো অন্তিম পদক্ষেপ আছিল। কিন্তু, এতিয়া, সাধাৰণ অনলাইন চি.ই.ই. হ'ব  প্ৰথম পদক্ষেপ। 
নতুন প্ৰক্ৰিয়াটো ২০২৩-২৪ বৰ্ষৰ পৰৱৰ্তী নিযুক্তি প্ৰক্ৰিয়াত সেনাত যোগদান কৰিবলৈ ইচ্ছুক প্ৰায় ৪০,০০০ প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু