--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্ত ফতিমাৰ বিয়াৰ খবৰ এতিয়া বহুতৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে৷ ৰাখীৰ স্বামী আদিল দুৰানীয়ে প্ৰথমে বিয়াখনৰ কথা  অস্বীকাৰ কৰিছিল ৷ ফলত কান্দোনত ভাঙি পৰিছিল ৰাখী৷  কিন্তু তাৰ পিছতে পুনৰ  স্বীকাৰো কৰিছিল যে ৰাখী তেওঁৰ পত্নী আছিল। ৰাখীয়ে কয় যে বলীউডৰ 'ভাইজান' চলমান খানে তেওঁৰ সংসাৰ  ৰক্ষা কৰিছে। 

ৰাখীয়ে এক সাক্ষাৎকাৰত কয়, "মোৰ কান্দোনৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছত চলমান ভায়ে  আদিলক ফোন কৰিছিল। ইয়াৰ পিছতহে আদিলে আমাৰ বিবাহ  মানি লোৱা বুলি স্বীকাৰ কৰে। মোৰ ভাই  চলমানেই মোৰ ঘৰ খন ধৰি ৰাখিলে।"

স্বামী আদিলে বিয়াৰ কথা স্বীকাৰ কৰাৰ পিছতে ৰাখী সাৱন্তে আকৌ এবাৰ তেওঁৰ  মুখত হাঁহি  ঘূৰাই  পাইছে। অভিনেত্ৰীগৰাকীৰ সৈতে  আদিল খান দুৰানীয়ে আদালতত কৰা  বিবাহৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ কিন্তু ইমানৰ পিছতো  আদিলে অভিনেত্ৰীগৰাকীৰ সৈতে তেওঁৰ বিবাহৰ কথা   অস্বীকাৰ কৰিছিল। কিন্তু এতিয়া ৰাখী  অসন্তুষ্ট নহয় ৷ কাৰণ আদিলে সকলোৰে সন্মুখত তেওঁৰ প্ৰেম, বিবাহ আৰু ৰাখীক তেওঁৰ পত্নী হিচাপে গ্ৰহণ কৰিছে।

আদিলে ইনষ্টাগ্ৰামত   লিখিছিল- 'গতিকে অৱশেষত এটা ঘোষণা হ'ল, ৰাখী, মই কেতিয়াও এনেকৈ কোৱা নাছিলো। মই তোমাৰ সৈতে বিয়া পতা নাই বুলি। মাত্ৰ কেইটামান বস্তু চম্ভালিব লাগিছিল, সেয়েহে আমি চুপ হৈ থাকিব লাগিছিল, ৰাখী (পাপ্পু) সুখী বিবাহিত জীৱন হওঁক আমাৰ। ' আদিলৰ এই পোষ্টটোৰ পিছত ৰাখীক  আদিলৰ সৈতে মুম্বাইৰ ৰাস্তাত খোজকাঢ়ি থকা দেখা গৈছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement