--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবেক অগ্নিহোত্ৰী বৰ্তমান তেওঁৰ নতুন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণত ব্যস্ত৷ ইতিমধ্যে ছবি খনৰ শ্বুটিং আৰম্ভ কৰিছে। হায়দৰাবাদত বিবেকৰ পৰৱৰ্তী ছবি 'দ্য ভেকছিন ৱাৰ'ৰ দৃশ্যগ্ৰহণ চলি আছে। সেই ছবিৰ ছেটতে  দুৰ্যোগটো ঘটে। ছবিখনৰ ছেটত এখন গাড়ীৰ খুন্দাত পৰিচালকগৰাকীৰ পত্নী পল্লৱী যোশী আঘাতপ্ৰাপ্ত হয়। 

তেওঁক এই ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। ছেটৰ ভিতৰত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত পল্লৱীক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।জানিব পৰা মতে সেই সময়ত গাড়ী চলি থকাৰ   দৃশ্যগ্ৰহণ চলি আছিল। সেই সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পল্লৱীক খুন্দা মাৰে। অৱশ্যে অভিনেত্ৰীগৰাকীৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে৷

বিবেকৰ আহিবলগীয়া ছবি 'দ্য ভেকছিন ৱাৰ'ত কোভিডৰ বিষয়ত  গুৰুত্ব দিয়া হৈছে। এই চলচ্চিত্ৰখনৰ বিষয় হৈছে মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে চলি থকা টিকাকৰণ কাৰ্যসূচীকলৈ সৃষ্টি হোৱা  বিভিন্ন বিতৰ্ক আৰু প্ৰত্যাহ্বান। জনবসতিপূৰ্ণ দেশ ভাৰততেই বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান চলি আছে৷   ছবিখনৰ  চিত্ৰনাট্য  ৩২০০ পৃষ্ঠাৰ। ৮২ জন লোকে মিলি  দিন-ৰাতি একাকাৰ কৰি  কাহিনীটো লিখিছে। বিষয়বস্তুকলৈ দীৰ্ঘদিন ধৰি গৱেষণা চলি আছিল৷ 

বিবেকৰ ছবি 'দ্য কাশ্মীৰ ফাইলছ'-এ ২০২২ চনত বিতৰ্কৰ সৃষ্টি কৰিছিল৷  সেই বিতৰ্ক  এতিয়াও শেষ হোৱা নাই। এইবাৰ তেওঁ 'দ্য ভেকছিন ৱাৰ' নিৰ্মাণত ব্যস্ত৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক