--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবেক অগ্নিহোত্ৰী বৰ্তমান তেওঁৰ নতুন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণত ব্যস্ত৷ ইতিমধ্যে ছবি খনৰ শ্বুটিং আৰম্ভ কৰিছে। হায়দৰাবাদত বিবেকৰ পৰৱৰ্তী ছবি 'দ্য ভেকছিন ৱাৰ'ৰ দৃশ্যগ্ৰহণ চলি আছে। সেই ছবিৰ ছেটতে  দুৰ্যোগটো ঘটে। ছবিখনৰ ছেটত এখন গাড়ীৰ খুন্দাত পৰিচালকগৰাকীৰ পত্নী পল্লৱী যোশী আঘাতপ্ৰাপ্ত হয়। 

তেওঁক এই ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। ছেটৰ ভিতৰত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত পল্লৱীক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।জানিব পৰা মতে সেই সময়ত গাড়ী চলি থকাৰ   দৃশ্যগ্ৰহণ চলি আছিল। সেই সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পল্লৱীক খুন্দা মাৰে। অৱশ্যে অভিনেত্ৰীগৰাকীৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে৷

বিবেকৰ আহিবলগীয়া ছবি 'দ্য ভেকছিন ৱাৰ'ত কোভিডৰ বিষয়ত  গুৰুত্ব দিয়া হৈছে। এই চলচ্চিত্ৰখনৰ বিষয় হৈছে মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে চলি থকা টিকাকৰণ কাৰ্যসূচীকলৈ সৃষ্টি হোৱা  বিভিন্ন বিতৰ্ক আৰু প্ৰত্যাহ্বান। জনবসতিপূৰ্ণ দেশ ভাৰততেই বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান চলি আছে৷   ছবিখনৰ  চিত্ৰনাট্য  ৩২০০ পৃষ্ঠাৰ। ৮২ জন লোকে মিলি  দিন-ৰাতি একাকাৰ কৰি  কাহিনীটো লিখিছে। বিষয়বস্তুকলৈ দীৰ্ঘদিন ধৰি গৱেষণা চলি আছিল৷ 

বিবেকৰ ছবি 'দ্য কাশ্মীৰ ফাইলছ'-এ ২০২২ চনত বিতৰ্কৰ সৃষ্টি কৰিছিল৷  সেই বিতৰ্ক  এতিয়াও শেষ হোৱা নাই। এইবাৰ তেওঁ 'দ্য ভেকছিন ৱাৰ' নিৰ্মাণত ব্যস্ত৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু