--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ' আদিপুৰুষ' ছবি খন মুক্তিৰ পিছত অনুৰাগীসকলে ছ'চিয়েল মিডিয়াত ছবিখনৰ বিষয়ে নানান  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে৷ ছবি খনে বক্স অফিচ হিট কৰিছে যদিও ছবি খনৰ সংলাপকলৈ যেন বহুতে সুখী হ’ব পৰা নাই৷  বহুতে ছবিখনৰ সংলাপক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

 প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খান অভিনীত ' আদিপুৰুষ''-এ ১৬ জুনত ছবিগৃহত মুক্তি লাভ কৰিছে। ওম ৰাউতে পৰিচালনা কৰা ছবি খনক  আধুনিক সময়ৰ ৰামায়ণ বুলি কোৱা হৈছে। চলচ্চিত্ৰখন মুক্তি পোৱাৰ লগে লগে ছবি খনকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে প্ৰভাসৰ অভিনয় খুব ভাল পাইছে, আনহাতে কিছুমানে ছবিখনৰ ভিএফএক্স আৰু সংলাপ পছন্দ কৰা নাই৷ 

সেয়ে ছ'চিয়েল মিডিয়াত বহুতে  ছবিখনৰ সংলাপকলৈ সমালোচনা কৰিছে। মানুহে আশা কৰিছিল যে ৰামায়ণৰ আধাৰত  নিৰ্মিত চলচ্চিত্ৰখনত শালীন ভাষা ব্যৱহাৰ কৰা হ’ব, কিন্তু তাৰ বিপৰীতে  ছবিখনত'কপড়া তেৰে বাপ কা, আগ তেৰে বাপ কা, তেল তেৰে বাপ কা, জলেগী ভি তেৰে বাপ কা...', 'তেৰি বুৱা কা গাৰ্ডেন হে য়া জয়া খানা’ ৰ দৰে সংলাপসমূহ বহুতে ভাল পোৱা নাই৷  

এনে ভাষা প্ৰয়োগৰ বাবেই বহুতে ছ'চিয়েল মিডিয়াত ছবিখন ট্ৰ'ল কৰা আৰম্ভ কৰিছে।বহুতে ছবি খনক আধুনিক ৰামায়ণ হিচাবে মানি ল’ব বিচৰা নাই। বহুতৰ মতে ছবি খনক  ৰামানন্দ সাগৰৰ ৰামায়ণৰ সৈতে তুলনা কৰিব নোৱাৰি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?