--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰদিনৰ সময় তেনেই সমাগত। পদূলিমুখত আহি ৰৈ আছেহি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ অতি পবিত্ৰ উৎসৱ খ্ৰীষ্টমাছ বা বৰদিন। জম্মু-কাশ্মীৰৰ আটাইতকৈ পুৰণি গীৰ্জাসমূহৰ ভিতৰত অন্যতম চেইণ্ট লুকচ গীৰ্জা ৩০ বছৰৰ পাছত পুনৰ মুকলি কৰা হৈছে। শ্ৰীনগৰত অৱস্থিত প্ৰায় ১২৫ বছৰ পুৰণি গীৰ্জাটো ১৯৯০ৰ দশকত উগ্ৰবাদীৰ সন্ত্ৰাসৰ বাবে বন্ধ কৰি দিয়া হৈছিল। চহৰখনৰ ডালগেট অঞ্চলৰ শংকৰাচাৰ্য পাহাৰৰ পাদদেশত হৃদৰোগ চিকিৎসালয়ৰ ওচৰত অৱস্থিত গীৰ্জাটো বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হ'ব। গীৰ্জাটো পুনৰ নিৰ্মাণ কৰি ইয়াৰ গীৰ্জাটোৰ পুৰণি গৌৰৱ উদ্ধাৰ কৰিবলৈ ইয়াক পুনৰ নিৰ্মাণ কৰি সুদীৰ্ঘ ৩০ বছৰৰ পাছত মুকলি কৰি দিয়া হৈছে। স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগে গীৰ্জাৰ নৱীকৰণৰ কাম হাতত লৈছিল।

চেইণ্ট লুকচ গীৰ্জা বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই উদ্বোধন কৰিব। এই প্ৰচেষ্টাত খ্ৰীষ্টান ধৰ্মৰ লোকসকল সুখী হৈ পৰিছে। যদিও বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ এক ধৰ্মীয় উৎসৱ, তথাপি দেখা যায় যে বিশ্বৰ প্ৰায় আটায়েই জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে এই পবিত্ৰ দিনটোলৈ সমান উৎসাহেৰে বাট চাই ৰয়৷ বৰদিন মানেই যেন আনন্দৰ উৎসৱ ৷ সুখ, হাঁহি, মৰম ভালপোৱাৰৰ উৎসৱ৷সেয়েহে এনে পৱিত্ৰ উৎসৱ উদযাপনৰ প্ৰাকমূহুৰ্তত এটা ঐতিহাসিক গীৰ্জাৰ দুৱাৰ পুনৰ মুকলি হোৱাত সকলো লোকেই সুখী হৈ পৰিছে। ৩০ বছৰৰ পাছত চেইণ্ট লুকচ গীৰ্জাত পুনৰ বাজিব পবিত্ৰ বেলৰ ধ্বনি, মমৰ পোহৰত আলোকিত হৈ পৰিব চৌপাশ আৰু সকলো লোক একত্ৰিত হৈ গোৱা কেৰ'লে মানুহৰ বুকুলৈ বোৱাব ভক্তিৰ প্ৰবাহ।

আৰু পঢ়কঃ জিম নাযায়,ডায়েটিং নকৰে! অসমৰ জোঁৱাই মিলিন্দ সুমনৰ ফিটনেছৰ আঁৰৰ ৰহস্য কি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক