--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰদিনৰ সময় তেনেই সমাগত। পদূলিমুখত আহি ৰৈ আছেহি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ অতি পবিত্ৰ উৎসৱ খ্ৰীষ্টমাছ বা বৰদিন। জম্মু-কাশ্মীৰৰ আটাইতকৈ পুৰণি গীৰ্জাসমূহৰ ভিতৰত অন্যতম চেইণ্ট লুকচ গীৰ্জা ৩০ বছৰৰ পাছত পুনৰ মুকলি কৰা হৈছে। শ্ৰীনগৰত অৱস্থিত প্ৰায় ১২৫ বছৰ পুৰণি গীৰ্জাটো ১৯৯০ৰ দশকত উগ্ৰবাদীৰ সন্ত্ৰাসৰ বাবে বন্ধ কৰি দিয়া হৈছিল। চহৰখনৰ ডালগেট অঞ্চলৰ শংকৰাচাৰ্য পাহাৰৰ পাদদেশত হৃদৰোগ চিকিৎসালয়ৰ ওচৰত অৱস্থিত গীৰ্জাটো বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হ'ব। গীৰ্জাটো পুনৰ নিৰ্মাণ কৰি ইয়াৰ গীৰ্জাটোৰ পুৰণি গৌৰৱ উদ্ধাৰ কৰিবলৈ ইয়াক পুনৰ নিৰ্মাণ কৰি সুদীৰ্ঘ ৩০ বছৰৰ পাছত মুকলি কৰি দিয়া হৈছে। স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগে গীৰ্জাৰ নৱীকৰণৰ কাম হাতত লৈছিল।

চেইণ্ট লুকচ গীৰ্জা বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই উদ্বোধন কৰিব। এই প্ৰচেষ্টাত খ্ৰীষ্টান ধৰ্মৰ লোকসকল সুখী হৈ পৰিছে। যদিও বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ এক ধৰ্মীয় উৎসৱ, তথাপি দেখা যায় যে বিশ্বৰ প্ৰায় আটায়েই জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে এই পবিত্ৰ দিনটোলৈ সমান উৎসাহেৰে বাট চাই ৰয়৷ বৰদিন মানেই যেন আনন্দৰ উৎসৱ ৷ সুখ, হাঁহি, মৰম ভালপোৱাৰৰ উৎসৱ৷সেয়েহে এনে পৱিত্ৰ উৎসৱ উদযাপনৰ প্ৰাকমূহুৰ্তত এটা ঐতিহাসিক গীৰ্জাৰ দুৱাৰ পুনৰ মুকলি হোৱাত সকলো লোকেই সুখী হৈ পৰিছে। ৩০ বছৰৰ পাছত চেইণ্ট লুকচ গীৰ্জাত পুনৰ বাজিব পবিত্ৰ বেলৰ ধ্বনি, মমৰ পোহৰত আলোকিত হৈ পৰিব চৌপাশ আৰু সকলো লোক একত্ৰিত হৈ গোৱা কেৰ'লে মানুহৰ বুকুলৈ বোৱাব ভক্তিৰ প্ৰবাহ।

আৰু পঢ়কঃ জিম নাযায়,ডায়েটিং নকৰে! অসমৰ জোঁৱাই মিলিন্দ সুমনৰ ফিটনেছৰ আঁৰৰ ৰহস্য কি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ