--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ৰমাৎ জটিলৰূপ ধাৰণ কৰিছে অ’মিক্ৰনে৷ ইতিমধ্যে অ’মিক্ৰনে পশ্চিমীয়া দেশকেইখনত সন্ত্ৰাস আৰম্ভ কৰিছে৷ সংখ্যাতত্ত্বৰ সকলো হিচাপক চেৰাই গৈ দ্ৰুত হাৰত বিয়পিছে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ ।মাত্ৰ তিনি সপ্তাহৰ ভিতৰতে এই সংক্ৰমণ প্ৰায় ৯০খন দেশলৈ বিয়পি পৰিছে।

সেইদৰে ভাৰতত বিগত ২ ডিচেম্বৰত বাংগালুৰুত প্ৰথমজন অ’মিক্ৰন আক্ৰান্তৰ সন্ধান পোৱা গৈছিল। বিগত ১৫ দিনত ১১খন ৰাজ্যত প্ৰৱেশ কৰে কৰ’নাৰ নতুন ষ্ট্ৰেইনে। সেইবাবে, ক’ভিডৰ তৃতীয় লহৰৰ আশংকাই উদ্বিগ্ন কৰি তুলিছে কেন্দ্ৰক। বিশেষজ্ঞসকলৰ মতে, এই গতিত কৰ’না বিয়পি থাকিলে ভাৰতত অ’মিক্ৰনে গুৰুতৰ ৰূপ ধাৰণ কৰাটোৱেই একপ্ৰকাৰ সমিচীন হৈ পৰিছে।


কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশেষভাৱে সাজু হৈ পৰিছে দিল্লী চৰকাৰ। কৰ’নাৰ দৰে মাৰন ভাইৰাছ বিধক ৰুধিবলৈ গ্ৰহণ কৰিছে জনহিতকৰ কেতবোৰ পদক্ষেপ। ইতিমধ্যে, দিল্লীত কেজৰিৱাল চৰকাৰে খ্ৰীষ্টমাছ আৰু নৱবৰ্ষত জন সমাৱেশ নিষিদ্ধ কৰিছে। সকলো জিলা দণ্ডাধীশে তেওঁলোকৰ অন্তৰ্গত অঞ্চলসমূহত চোকা দৃষ্টি ৰখাৰ কথাকে সদৰী কৰিছে।


তদুপৰি, হাৰিয়ানা চৰকাৰে ১ জানুৱাৰী ২০২২ ৰ পৰা ক’ভিড-১৯ টিকাকৰণৰ দ্বিতীয়টো পালি বাধ্যতামূলক কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনকি ৰাজ্য চৰকাৰসমূহেও নতুন বছৰৰ পৰা সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তিকহে ৰাজহুৱা স্থানত থকাৰ অনুমতি প্ৰদানৰ লগতে পৰিবহনৰ দিশটোতো গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। ক’ভিডৰ সম্পূৰ্ণ ভেকচিন ল’লেহে বাছ আৰু ৰেল যাত্ৰা কৰিবলৈ অনুমতি দিব বুলিও সদৰী কৰে৷


ইফালে, পঞ্জাৱ চৰকাৰেও অনুৰূপ কাৰ্যব্যৱস্থা হাতত লোৱা দেখা গৈছে। চৰকাৰী কৰ্মচাৰীসকলক টিকাকৰণ কৰাটো বাধ্যতামূলক কৰিছে পঞ্জাৱ চৰকাৰে৷ যদি কোনো লোকে টিকাকৰণ নকৰে তেন্তে তেওঁলোকক দৰমহা আদায় দিয়া নহ’ব বুলি বুধবাৰে ৰাজ্য চৰকাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ ‌দিয়ে।

অ’মিক্ৰনৰ শংকাৰ মাজতে ৰাজ্যখনৰ লোকসকলক টিকাকৰণৰ বাবে হেঁচা দিয়াৰ উদ্দেশ্য, পঞ্জাৱ চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 'নো ভেকচিন, নো জ’ব, নো দৰমহা' নীতি আৰোপ কৰিছে৷ পঞ্জাৱ চৰকাৰে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীক তেওঁলোকৰ দৰমহা নিয়মীয়াকৈ লাভ কৰিব বিচাৰিলে ক’ভিড-১৯ ভেকছিনৰ প্ৰমাণপত্ৰ চৰকাৰী পৰ্টেলত আপলোড কৰিবলৈ আহ্বান জনাইছে এক বিবৃতিযোগে।


প্ৰণিধানযোগ্য যে, ভাৰত চৰকাৰেও অ’মিক্ৰনৰ সন্ত্ৰাস ৰুধিবলৈ বহুতো পদক্ষেপ হাতত লৈছে৷ আন্তৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত বহুতো নিষেধাজ্ঞ আৰোপ কৰিছে ভাৰত চৰকাৰে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা সকলো যাত্ৰীকে সতৰ্ক কৰি দিয়া হৈছে। উছাহৰ আনন্দৰ মাজতে যাতে সাধাৰণ জীৱন-জীৱিকাত মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বৰদিন আৰু নৱবৰ্ষ সৰ্তকতাৰে পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ