--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে ভাৰতে । যুদ্ধৰ পৰিস্থিতি জটিল হোৱাৰ লগে লগে ৰাছিয়াই খাৰুৱা তেলৰ মূল্য বৃদ্ধি কৰা আৰম্ভ কৰিছে। হঠাতে হোৱা মূল্য বৃদ্ধিৰ বাবে ভাৰতৰ  তেল শোধনাগাৰসমূহে  বাবে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাক লৈ বিপাঙত পৰিছে৷  সূত্ৰ অনুসৰি, ৰাছিয়াৰ পৰিৱৰ্তে আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ পৰাহে ভাৰতলৈ  তেল আমদানি  কৰা হ'ব।

দীৰ্ঘদিন ধৰি ভাৰতৰ ৰাছিয়াৰ সৈতে ভাল সম্পৰ্ক থকা স্বত্বেও, ভাৰতে ৰাষ্ট্ৰখনৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰে। এই বছৰৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্ব বজাৰত খাৰুৱা তেলৰ সংকটে দেখা দিছে। দৈনিক তেলৰ মূল্য বাঢ়ি গৈ আছে। ইফালে, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ বাবে  ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ 

 পশ্চিমীয়া দেশসমূহে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত, ৰাছিয়াই বাণিজ্য অব্যাহত ৰাখিবলৈ তেলৰ মূল্য হ্ৰাস কৰিছিল৷ সেই উপলক্ষে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা আৰম্ভ কৰে। বৰ্তমান, চীনৰ পিছত ভাৰত হৈছে ৰাছিয়াৰ খাৰুৱা তেলৰ সৰ্ববৃহৎ ক্ৰেতা। কিন্তু ৰাছিয়াৰ খাৰুৱা তেলৰ মূল্য হঠাতে বৃদ্ধি হোৱাৰ বাবে, এইবাৰ ভাৰত তেলৰ আমদানিৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে৷ 

যদিও ৰাছিয়াত পূৰ্বতে খাৰুৱা তেল সস্তাত উপলব্ধ আছিল, এতিয়া অনুমান কৰা হৈছে যে সংযুক্ত আৰৱ আমিৰাতৰ মুৰবানত তেলৰ মূল্যৰ তুলনাত ৰাছিয়াৰ ইএছপিঅ' খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৫ ৰ পৰা ৭ ডলাৰ বৃদ্ধি  পাইছে। এই কাৰণে, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ পৰিৱৰ্তে, পশ্চিম আফ্ৰিকাৰ পৰা তেল ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে।সমান্তৰালভাৱে আফ্ৰিকাৰ তেলৰ মানদণ্ড ৰাছিয়াতকৈ ভাল বুলিও কোৱা হয়।

কেৱল আফ্ৰিকাই নহয়, মধ্য প্ৰাচ্যত ব্ৰেণ্ট তেলৰ মূল্যও  যথেষ্ট হ্ৰাস পাইছে। ফলস্বৰূপে, ভাৰতে ডুবাইৰ পৰাও তেল ক্ৰয় কৰিব। মন কৰিবলগীয়া যে, ৰাছিয়াৰ ৰাষ্ট্ৰদূতে কালি এক সংবাদমেলত কয় যে যদি তেলৰ সঠিক মূল্য পোৱা নাযায়, তেন্তে বিশ্ব বজাৰলৈ তেলৰ যোগান বন্ধ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে