--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে ভাৰতে । যুদ্ধৰ পৰিস্থিতি জটিল হোৱাৰ লগে লগে ৰাছিয়াই খাৰুৱা তেলৰ মূল্য বৃদ্ধি কৰা আৰম্ভ কৰিছে। হঠাতে হোৱা মূল্য বৃদ্ধিৰ বাবে ভাৰতৰ  তেল শোধনাগাৰসমূহে  বাবে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাক লৈ বিপাঙত পৰিছে৷  সূত্ৰ অনুসৰি, ৰাছিয়াৰ পৰিৱৰ্তে আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ পৰাহে ভাৰতলৈ  তেল আমদানি  কৰা হ'ব।

দীৰ্ঘদিন ধৰি ভাৰতৰ ৰাছিয়াৰ সৈতে ভাল সম্পৰ্ক থকা স্বত্বেও, ভাৰতে ৰাষ্ট্ৰখনৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰে। এই বছৰৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্ব বজাৰত খাৰুৱা তেলৰ সংকটে দেখা দিছে। দৈনিক তেলৰ মূল্য বাঢ়ি গৈ আছে। ইফালে, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ বাবে  ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ 

 পশ্চিমীয়া দেশসমূহে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত, ৰাছিয়াই বাণিজ্য অব্যাহত ৰাখিবলৈ তেলৰ মূল্য হ্ৰাস কৰিছিল৷ সেই উপলক্ষে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা আৰম্ভ কৰে। বৰ্তমান, চীনৰ পিছত ভাৰত হৈছে ৰাছিয়াৰ খাৰুৱা তেলৰ সৰ্ববৃহৎ ক্ৰেতা। কিন্তু ৰাছিয়াৰ খাৰুৱা তেলৰ মূল্য হঠাতে বৃদ্ধি হোৱাৰ বাবে, এইবাৰ ভাৰত তেলৰ আমদানিৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে৷ 

যদিও ৰাছিয়াত পূৰ্বতে খাৰুৱা তেল সস্তাত উপলব্ধ আছিল, এতিয়া অনুমান কৰা হৈছে যে সংযুক্ত আৰৱ আমিৰাতৰ মুৰবানত তেলৰ মূল্যৰ তুলনাত ৰাছিয়াৰ ইএছপিঅ' খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৫ ৰ পৰা ৭ ডলাৰ বৃদ্ধি  পাইছে। এই কাৰণে, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ পৰিৱৰ্তে, পশ্চিম আফ্ৰিকাৰ পৰা তেল ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে।সমান্তৰালভাৱে আফ্ৰিকাৰ তেলৰ মানদণ্ড ৰাছিয়াতকৈ ভাল বুলিও কোৱা হয়।

কেৱল আফ্ৰিকাই নহয়, মধ্য প্ৰাচ্যত ব্ৰেণ্ট তেলৰ মূল্যও  যথেষ্ট হ্ৰাস পাইছে। ফলস্বৰূপে, ভাৰতে ডুবাইৰ পৰাও তেল ক্ৰয় কৰিব। মন কৰিবলগীয়া যে, ৰাছিয়াৰ ৰাষ্ট্ৰদূতে কালি এক সংবাদমেলত কয় যে যদি তেলৰ সঠিক মূল্য পোৱা নাযায়, তেন্তে বিশ্ব বজাৰলৈ তেলৰ যোগান বন্ধ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ