--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সমগ্ৰ বিশ্বতে  মানৱ নিৰ্মিত দীৰ্ঘতম  চীনৰ প্ৰাচীৰ বিখ্যাত৷ চীনৰ পূৱ প্ৰান্তৰৰ ‘‘শ্বানহাই পাছ’’ৰ পৰা পশ্চিম প্ৰান্তৰৰ পৰা পশ্চিম প্ৰান্তৰৰ ‘‘লপ-নুৰ’’লৈ সুদীৰ্ঘ ৬,৪০০ কিঃমিঃ দীঘল এই প্ৰাচীৰখন৷ শেহতীয়াকৈ চীনৰ শ্যানডং প্ৰদেশৰ কৰ্তৃপক্ষই ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰৰ আটাইতকৈ পুৰণি বিদ্যমান শাখা গ্ৰেট ৱাল অফ কিউইৰ সুৰক্ষাৰ বাবে কিছু  নতুন নিয়মাৱলী গৃহীত কৰিছে। ছিনহুয়া সংবাদ সংস্থাৰ বাতৰি অনুসৰি বুধবাৰে ত্ৰয়াদশ শ্যানডং প্ৰভিন্সিয়েল পিপলছ কংগ্ৰেছৰ স্থায়ী সমিতিৰ ৩৮ তম অধিৱেশনত আইন প্ৰণেতাসকলে এই নিয়মাৱলী অনুমোদন জনাইছে৷ এই নিয়মাৱলীসমূহ  ২০২৩ চনৰ ১ জানুৱাৰীত কাৰ্যকৰী হ'ব। 

 নতুন নিয়মাৱলীয়ে বিভিন্ন বিভাগৰ দায়িত্ব নিৰ্ধাৰণ কৰে৷ লগতে  গ্ৰেট ৱালৰ সুৰক্ষা আৰু ব্যৱহাৰৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ স্থানীয় চৰকাৰে গ্ৰেট ৱাল, ইয়াৰ সম্পৰ্কিত আন্তঃগাঁথনি আৰু চাৰিওফালৰ পৰিৱেশ নিৰীক্ষণ ৰখাৰ বাবে ৰিম'ট চেঞ্চিং উপগ্ৰহ, ড্ৰোন, তথ্য প্লেটফৰ্ম আৰু অন্যান্য প্ৰযুক্তিগত উপায় ব্যৱহাৰ কৰি এক গতিশীল সংৰক্ষণ প্ৰণালী স্থাপন কৰিব।
 
নিয়ম অনুসৰি, সুৰক্ষা আৰু বিকাশৰ ভাৰসাম্য ৰখাৰ বাবে গ্ৰেট ৱাল ৰ সৈতে পৰ্যটন সেৱাবোৰ অধিক উন্নত  কৰা হ'ব। প্ৰাদেশিক ন্যায় বিভাগৰ এজন বিষয়া কি ইয়াননে কয় যে,  গ্ৰেট ৱাল অফ কিউইৰ সুৰক্ষা পৰিস্থিতিয়ে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আৰু সেয়েহে, ইয়াৰ সংৰক্ষণ প্ৰচেষ্টাৰ বাবে এক দৃঢ় আইনী গেৰাণ্টি প্ৰদান কৰাটো প্ৰয়োজনীয়। ইউনেস্কোৰ মতে, গ্ৰেট ৱাল খন ক্ৰমান্বয়ে ২০,০০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ৷  দেশৰ উত্তৰ সীমান্তত  তৃতীয় শতিকাৰ পৰা ১৭ শতিকাৰ ভিতৰত ক্ৰমান্বয়ে চীনা সাম্ৰাজ্যৰ মহান সামৰিক প্ৰতিৰক্ষা প্ৰকল্প হিচাপে নিৰ্মাণ কৰা হৈছিল। গ্ৰেট ৱালখন পূবত হেবেই প্ৰদেশৰ চানহাইগুয়ানত আৰম্ভ হয় আৰু পশ্চিমে গানচু প্ৰদেশৰ জিয়ায়ুগুয়ানত সমাপ্ত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে