--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সমগ্ৰ বিশ্বতে  মানৱ নিৰ্মিত দীৰ্ঘতম  চীনৰ প্ৰাচীৰ বিখ্যাত৷ চীনৰ পূৱ প্ৰান্তৰৰ ‘‘শ্বানহাই পাছ’’ৰ পৰা পশ্চিম প্ৰান্তৰৰ পৰা পশ্চিম প্ৰান্তৰৰ ‘‘লপ-নুৰ’’লৈ সুদীৰ্ঘ ৬,৪০০ কিঃমিঃ দীঘল এই প্ৰাচীৰখন৷ শেহতীয়াকৈ চীনৰ শ্যানডং প্ৰদেশৰ কৰ্তৃপক্ষই ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰৰ আটাইতকৈ পুৰণি বিদ্যমান শাখা গ্ৰেট ৱাল অফ কিউইৰ সুৰক্ষাৰ বাবে কিছু  নতুন নিয়মাৱলী গৃহীত কৰিছে। ছিনহুয়া সংবাদ সংস্থাৰ বাতৰি অনুসৰি বুধবাৰে ত্ৰয়াদশ শ্যানডং প্ৰভিন্সিয়েল পিপলছ কংগ্ৰেছৰ স্থায়ী সমিতিৰ ৩৮ তম অধিৱেশনত আইন প্ৰণেতাসকলে এই নিয়মাৱলী অনুমোদন জনাইছে৷ এই নিয়মাৱলীসমূহ  ২০২৩ চনৰ ১ জানুৱাৰীত কাৰ্যকৰী হ'ব। 

 নতুন নিয়মাৱলীয়ে বিভিন্ন বিভাগৰ দায়িত্ব নিৰ্ধাৰণ কৰে৷ লগতে  গ্ৰেট ৱালৰ সুৰক্ষা আৰু ব্যৱহাৰৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ স্থানীয় চৰকাৰে গ্ৰেট ৱাল, ইয়াৰ সম্পৰ্কিত আন্তঃগাঁথনি আৰু চাৰিওফালৰ পৰিৱেশ নিৰীক্ষণ ৰখাৰ বাবে ৰিম'ট চেঞ্চিং উপগ্ৰহ, ড্ৰোন, তথ্য প্লেটফৰ্ম আৰু অন্যান্য প্ৰযুক্তিগত উপায় ব্যৱহাৰ কৰি এক গতিশীল সংৰক্ষণ প্ৰণালী স্থাপন কৰিব।
 
নিয়ম অনুসৰি, সুৰক্ষা আৰু বিকাশৰ ভাৰসাম্য ৰখাৰ বাবে গ্ৰেট ৱাল ৰ সৈতে পৰ্যটন সেৱাবোৰ অধিক উন্নত  কৰা হ'ব। প্ৰাদেশিক ন্যায় বিভাগৰ এজন বিষয়া কি ইয়াননে কয় যে,  গ্ৰেট ৱাল অফ কিউইৰ সুৰক্ষা পৰিস্থিতিয়ে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আৰু সেয়েহে, ইয়াৰ সংৰক্ষণ প্ৰচেষ্টাৰ বাবে এক দৃঢ় আইনী গেৰাণ্টি প্ৰদান কৰাটো প্ৰয়োজনীয়। ইউনেস্কোৰ মতে, গ্ৰেট ৱাল খন ক্ৰমান্বয়ে ২০,০০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ৷  দেশৰ উত্তৰ সীমান্তত  তৃতীয় শতিকাৰ পৰা ১৭ শতিকাৰ ভিতৰত ক্ৰমান্বয়ে চীনা সাম্ৰাজ্যৰ মহান সামৰিক প্ৰতিৰক্ষা প্ৰকল্প হিচাপে নিৰ্মাণ কৰা হৈছিল। গ্ৰেট ৱালখন পূবত হেবেই প্ৰদেশৰ চানহাইগুয়ানত আৰম্ভ হয় আৰু পশ্চিমে গানচু প্ৰদেশৰ জিয়ায়ুগুয়ানত সমাপ্ত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ