--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত আকৌ এবাৰ বহুত শিৰোনাম দখল কৰিছে চনু সুদে। এই ভিডিঅ'টোত অভিনেতা চনু সুদক এগৰাকী দোকানীৰ সৈতে ৰুটি বনাই থকা দেখিবলৈ পোৱা গৈছে। বৰ্তমান ৰাইজে তীব্ৰ প্ৰশংসা কৰিছে এই ভিডিঅ'টো।

সচাকৈয়ে চনু সুদক ভাৰতবাসীয়ে বহুত ভাল পায়। দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে তেওঁৰ ফেন ফ’ল’ৱাৰ আছে আৰু ইয়াৰ কাৰণ হ’ল তেওঁৰ সহায়কাৰী স্বভাৱ। কৰ’না কালত অভিনেতা গৰাকীয়ে যিদৰে বহু লোকক সহায় কৰিছিল সেয়া দেখি মানুহে তেওঁক বাস্তৱ জীৱনৰ নায়ক বুলি ক’বলৈ ধৰিলে। শেহতীয়াকৈ চনু সুদৰ আন এটা ভিডিঅ’ চচিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈয়েই আছে।

এই ভিডিঅ'টোৰ মতে চনু সুদ এজন বন্ধুৰ সৈতে গাড়ীত উঠি জিমলৈ গৈ আছে। এই সময়ত চনু সুদে বাটত এজন ৰুটি দোকানীৰ দেখা পায় যিসকলে কেৰাহীত ৰুটি বনাই আছে। এই দৃশ্য দেখি অভিনেতাগৰাকীয়ে নিজৰ গাড়ীখন ৰখাই দিয়ে আৰু তাৰ পাছত কি হয় জানিবলৈ প্ৰথমে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোও চাওক-


আচলতে অভিনেতগৰাকীয়ে গাড়ীখন ৰখাই চকীদাৰৰ ওচৰলৈ গৈ তেওঁলোকৰ লগত ৰুটি বনাবলৈ আৰম্ভ কৰে। এই ভিডিঅ'টো চাই বহুতে নিজকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত ব্যস্ত হৈ পৰিছে। মাত্ৰ ১ মিনিট ২০ ছেকেণ্ডৰ এই ভিডিঅ'টোৱে ভাৰতবাসীৰ হৃদয় চুই গ'ল। অভিনেতাজনৰ এই স্বভাৱটো বহুতে প্ৰশংসা কৰাৰ বিপৰীতে একাংশই ইয়াক প্ৰচাৰ বুলিও অভিহিত কৰে।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত শ্বেয়াৰ কৰা হৈছে। উল্লেখযোগ্য যে কেইঘণ্টামানৰ ভিতৰতে লাখ লাখ মানুহে চাইছে। হাজাৰ হাজাৰ লোকে  ভিডিঅ’টো কেৱল লাইক কৰাই নহয়, ৰিটুইট কৰিছে। মানুহৰ বিভিন্ন প্ৰতিক্ৰিয়াও কমেন্ট ছেকচনত দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক