--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত আকৌ এবাৰ বহুত শিৰোনাম দখল কৰিছে চনু সুদে। এই ভিডিঅ'টোত অভিনেতা চনু সুদক এগৰাকী দোকানীৰ সৈতে ৰুটি বনাই থকা দেখিবলৈ পোৱা গৈছে। বৰ্তমান ৰাইজে তীব্ৰ প্ৰশংসা কৰিছে এই ভিডিঅ'টো।

সচাকৈয়ে চনু সুদক ভাৰতবাসীয়ে বহুত ভাল পায়। দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে তেওঁৰ ফেন ফ’ল’ৱাৰ আছে আৰু ইয়াৰ কাৰণ হ’ল তেওঁৰ সহায়কাৰী স্বভাৱ। কৰ’না কালত অভিনেতা গৰাকীয়ে যিদৰে বহু লোকক সহায় কৰিছিল সেয়া দেখি মানুহে তেওঁক বাস্তৱ জীৱনৰ নায়ক বুলি ক’বলৈ ধৰিলে। শেহতীয়াকৈ চনু সুদৰ আন এটা ভিডিঅ’ চচিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈয়েই আছে।

এই ভিডিঅ'টোৰ মতে চনু সুদ এজন বন্ধুৰ সৈতে গাড়ীত উঠি জিমলৈ গৈ আছে। এই সময়ত চনু সুদে বাটত এজন ৰুটি দোকানীৰ দেখা পায় যিসকলে কেৰাহীত ৰুটি বনাই আছে। এই দৃশ্য দেখি অভিনেতাগৰাকীয়ে নিজৰ গাড়ীখন ৰখাই দিয়ে আৰু তাৰ পাছত কি হয় জানিবলৈ প্ৰথমে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোও চাওক-


আচলতে অভিনেতগৰাকীয়ে গাড়ীখন ৰখাই চকীদাৰৰ ওচৰলৈ গৈ তেওঁলোকৰ লগত ৰুটি বনাবলৈ আৰম্ভ কৰে। এই ভিডিঅ'টো চাই বহুতে নিজকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত ব্যস্ত হৈ পৰিছে। মাত্ৰ ১ মিনিট ২০ ছেকেণ্ডৰ এই ভিডিঅ'টোৱে ভাৰতবাসীৰ হৃদয় চুই গ'ল। অভিনেতাজনৰ এই স্বভাৱটো বহুতে প্ৰশংসা কৰাৰ বিপৰীতে একাংশই ইয়াক প্ৰচাৰ বুলিও অভিহিত কৰে।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত শ্বেয়াৰ কৰা হৈছে। উল্লেখযোগ্য যে কেইঘণ্টামানৰ ভিতৰতে লাখ লাখ মানুহে চাইছে। হাজাৰ হাজাৰ লোকে  ভিডিঅ’টো কেৱল লাইক কৰাই নহয়, ৰিটুইট কৰিছে। মানুহৰ বিভিন্ন প্ৰতিক্ৰিয়াও কমেন্ট ছেকচনত দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু