--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত এজন খ্ৰীষ্টান অথবা মুছলিম লোক প্ৰধানমন্ত্ৰী হ’ব পাৰিবনে? এই প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা শশী থাৰুৰে। শেহতীয়াকৈ ব্ৰিটেইনত ঋষি সুনক প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই থাৰুৰে এই প্ৰশ্ন কৰিছে।

থাৰুৰে কয় যে ভাৰতীয় মূলৰ আৰু হিন্দু ধৰ্মাৱলম্বী ঋষি সুনক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাটো ভাৰতৰ বাবে এটা ডাঙৰ শিক্ষা। ইয়াৰ দ্বাৰা দেশৰ সংখ্যালঘুসকলৰ প্ৰতি সততে পোষণ কৰি অহা ঋণাত্মক ধ্যান ধাৰণাক সংস্কাৰ কৰিব পৰা যাব বুলি তেওঁ পূৰ্বেও কৈছিল।

''ডঃ মনমোহন সিং সংখ্যালঘুৰ প্ৰতিনিধি। কিন্তু বহুতো হিন্দুৱে শিখসকলক তেওঁলোকতকৈ পৃথক বুলি নাভাবে।’’- এটা সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাতত থাৰুৰে কয়।

''আমি এনেকুৱা এটা দিনৰ কথা কল্পনা কৰিব পাৰোনে যিদিনা এজন অনাহিন্দু লোক, জৈন, শিখ অথবা বৌদ্ধধৰ্মী লোক দেশৰ মুৰব্বী হ’ব?’’- থাৰুৰে কয়।

আনহাতে ঋষি সুনকে হিন্দু ধৰ্ম পালন কৰি অহাৰ বিষয়ে উনুকিয়াই থাৰুৰে প্ৰশ্ন কৰে যে খ্ৰীষ্টান অথবা মুছলিম ধৰ্ম পালন কৰা এজন লোকক বিজেপিয়ে গ্ৰহণ কৰিব পাৰিবনে অথবা প্ৰধানমন্ত্ৰী পদবীৰ বাবে যোগ্য বিবেচনা কৰিব পাৰিবনে?

এইক্ষেত্ৰত তেওঁ ছোনিয়া গান্ধীৰ ইটালীয়ান আৰু খ্ৰীষ্টান মূলৰ প্ৰসংগও উত্থান কৰে। থাৰুৰে কয় যে ছোনিয়া গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ’লে দেশৰ বিখ্যাত ৰাজনীতিবিদসকলে মুণ্ডন কৰাৰ ভাবুকি দিছিল।

ইয়াৰ দ্বাৰা মূলতঃ থাৰুৰে বিজেপিৰ সুষমা স্বৰাজৰ কথাই অৱতাৰণা কৰিছে। সুষমাই এসময়ত ছোনিয়া গান্ধীৰ ইটালীয়ান মূলক লৈ সৰৱ হৈ পৰিছিল।

থাৰুৰে কয় যে ব্ৰিটিছসকলে ঋষিৰ দৰে এজন অনাশ্বেতাংগ লোকক প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰি ঐতিহাসিক পদক্ষেপ লৈছে। এইক্ষেত্ৰত তেওঁ ভাৰতৰ প্ৰসংগ উত্থাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু