--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত এজন খ্ৰীষ্টান অথবা মুছলিম লোক প্ৰধানমন্ত্ৰী হব পাৰিবনে? এই প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা শশী থাৰুৰে। শেহতীয়াকৈ ব্ৰিটেইনত ঋষি সুনক প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই থাৰুৰে এই প্ৰশ্ন কৰিছে।

থাৰুৰে কয় যে ভাৰতীয় মূলৰ আৰু হিন্দু ধৰ্মাৱলম্বী ঋষি সুনক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাটো ভাৰতৰ বাবে এটা ডাঙৰ শিক্ষা। ইয়াৰ দ্বাৰা দেশৰ সংখ্যালঘুসকলৰ প্ৰতি সততে পোষণ কৰি অহা ঋণাত্মক ধ্যান ধাৰণাক সংস্কাৰ কৰিব পৰা যাব বুলি তেওঁ পূৰ্বেও কৈছিল।

''ডঃ মনমোহন সিং সংখ্যালঘুৰ প্ৰতিনিধি। কিন্তু বহুতো হিন্দুৱে শিখসকলক তেওঁলোকতকৈ পৃথক বুলি নাভাবে।’’- এটা সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাতত থাৰুৰে কয়।

''আমি এনেকুৱা এটা দিনৰ কথা কল্পনা কৰিব পাৰোনে যিদিনা এজন অনাহিন্দু লোক, জৈন, শিখ অথবা বৌদ্ধধৰ্মী লোক দেশৰ মুৰব্বী হ?’’- থাৰুৰে কয়।

আনহাতে ঋষি সুনকে হিন্দু ধৰ্ম পালন কৰি অহাৰ বিষয়ে উনুকিয়াই থাৰুৰে প্ৰশ্ন কৰে যে খ্ৰীষ্টান অথবা মুছলিম ধৰ্ম পালন কৰা এজন লোকক বিজেপিয়ে গ্ৰহণ কৰিব পাৰিবনে অথবা প্ৰধানমন্ত্ৰী পদবীৰ বাবে যোগ্য বিবেচনা কৰিব পাৰিবনে?

এইক্ষেত্ৰত তেওঁ ছোনিয়া গান্ধীৰ ইটালীয়ান আৰু খ্ৰীষ্টান মূলৰ প্ৰসংগও উত্থান কৰে। থাৰুৰে কয় যে ছোনিয়া গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হলে দেশৰ বিখ্যাত ৰাজনীতিবিদসকলে মুণ্ডন কৰাৰ ভাবুকি দিছিল।

ইয়াৰ দ্বাৰা মূলতঃ থাৰুৰে বিজেপিৰ সুষমা স্বৰাজৰ কথাই অৱতাৰণা কৰিছে। সুষমাই এসময়ত ছোনিয়া গান্ধীৰ ইটালীয়ান মূলক লৈ সৰৱ হৈ পৰিছিল।

থাৰুৰে কয় যে ব্ৰিটিছসকলে ঋষিৰ দৰে এজন অনাশ্বেতাংগ লোকক প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰি ঐতিহাসিক পদক্ষেপ লৈছে। এইক্ষেত্ৰত তেওঁ ভাৰতৰ প্ৰসংগ উত্থাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক