--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণ। হিন্দু পঞ্জিকা অনুসৰি প্ৰতিবছৰে কাৰ্তিক অমাৱস্য তিথিত লক্ষ্মী-গণেশক পূজা কৰি দীপাৱলী উৎসৱ পালন কৰা হয় আৰু পিছদিনা গোবৰ্ধন পূজা কৰা হয়। পিছে এইবাৰ বহু বছৰৰ পাছত দীপাৱলীৰ দ্বিতীয় দিনটো গোবৰ্ধন পূজা নহয়। দীপাৱলীত এইবাৰ হ’ব আংশিক সূৰ্যগ্ৰহণ।

 

দীপাৱলী আৰু গোবৰ্ধন পূজাৰ মাজত এনে কাকতলীয়া সূৰ্যগ্ৰহণ বহু বছৰৰ পাছত আজি দেখিবলৈ পোৱা যাব। জ্যোৰ্তিবিজ্ঞান অনুসৰি  ১৩০০ বছৰৰ পিছত দুটা প্ৰধান উৎসৱৰ মাজত সূৰ্যগ্ৰহণ হোৱাৰ লগে লগে বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি আটাইকেইজন নিজ নিজ ৰাশিত উপস্থিত থাকিব। বছৰৰ শেষৰটো আংশিক সূৰ্যগ্ৰহণ ভাৰতৰ বহু ঠাইত দৃশ্যমান হ’ব।

 

বৈদিক পঞ্জিকাৰ হিচাপ অনুসৰি সদায় অমৱস্য তিথিত সূৰ্যগ্ৰহণ হয়। এইবাৰ কাৰ্তিক অমাৱস্যতাৰ তাৰিখ ২৫ অক্টোবৰ অৰ্থাত আজিৰ দিনটোত আংশিক সূৰ্যগ্ৰহণ হ’ব। দেশৰ জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, দীপাৱলীৰ পিছত হোৱা সূৰ্যগ্ৰহণ দেশৰ উত্তৰ আৰু পশ্চিম প্ৰান্তত সহজে দেখা যাব, আনহাতে ইয়াত সূৰ্যাস্তৰ সময় সোনকালে হ’ব বাবে পূবৰ অংশত এই সূৰ্যগ্ৰহণ দেখা নাযাব। বিয়লি ৪ বজাৰ পিছতহে ভাৰতত আৰম্ভ হ’ব সূৰ্যগ্ৰহণ।

 

দিল্লী, ৰাজস্থান, পশ্চিম মধ্যপ্ৰদেশ, গুজৰাট, পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, জম্মু, শ্ৰীনগৰ, লেহ আৰু লাডাখত এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব। দক্ষিণ ভাৰতৰ কিছু অংশ যেনে তামিলনাডু, কৰ্ণাটক, মুম্বাই, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ওড়িশা, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড আৰু বংগত কিছু পৰিমাণে দেখিবলৈ পাব সূৰ্যগ্ৰহণ।

 

ইফালে দেশৰ পূব প্ৰান্তৰ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডত নপৰিব সূৰ্যগ্ৰহণৰ প্ৰভাব। আনহাতে জ্যোতিষীয় হিচাপ অনুসৰি দীপাৱলীৰ পিছত অৰ্থাৎ ২৫ অক্টোবৰত তুলা ৰাশিত সূৰ্যগ্ৰহণ হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু