--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণ। হিন্দু পঞ্জিকা অনুসৰি প্ৰতিবছৰে কাৰ্তিক অমাৱস্য তিথিত লক্ষ্মী-গণেশক পূজা কৰি দীপাৱলী উৎসৱ পালন কৰা হয় আৰু পিছদিনা গোবৰ্ধন পূজা কৰা হয়। পিছে এইবাৰ বহু বছৰৰ পাছত দীপাৱলীৰ দ্বিতীয় দিনটো গোবৰ্ধন পূজা নহয়। দীপাৱলীত এইবাৰ হব আংশিক সূৰ্যগ্ৰহণ।

 

দীপাৱলী আৰু গোবৰ্ধন পূজাৰ মাজত এনে কাকতলীয়া সূৰ্যগ্ৰহণ বহু বছৰৰ পাছত আজি দেখিবলৈ পোৱা যাব। জ্যোৰ্তিবিজ্ঞান অনুসৰি  ১৩০০ বছৰৰ পিছত দুটা প্ৰধান উৎসৱৰ মাজত সূৰ্যগ্ৰহণ হোৱাৰ লগে লগে বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি আটাইকেইজন নিজ নিজ ৰাশিত উপস্থিত থাকিব। বছৰৰ শেষৰটো আংশিক সূৰ্যগ্ৰহণ ভাৰতৰ বহু ঠাইত দৃশ্যমান হব।

 

বৈদিক পঞ্জিকাৰ হিচাপ অনুসৰি সদায় অমৱস্য তিথিত সূৰ্যগ্ৰহণ হয়। এইবাৰ কাৰ্তিক অমাৱস্যতাৰ তাৰিখ ২৫ অক্টোবৰ অৰ্থাত আজিৰ দিনটোত আংশিক সূৰ্যগ্ৰহণ হব। দেশৰ জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, দীপাৱলীৰ পিছত হোৱা সূৰ্যগ্ৰহণ দেশৰ উত্তৰ আৰু পশ্চিম প্ৰান্তত সহজে দেখা যাব, আনহাতে ইয়াত সূৰ্যাস্তৰ সময় সোনকালে হব বাবে পূবৰ অংশত এই সূৰ্যগ্ৰহণ দেখা নাযাব। বিয়লি ৪ বজাৰ পিছতহে ভাৰতত আৰম্ভ হব সূৰ্যগ্ৰহণ।

 

দিল্লী, ৰাজস্থান, পশ্চিম মধ্যপ্ৰদেশ, গুজৰাট, পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, জম্মু, শ্ৰীনগৰ, লেহ আৰু লাডাখত এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব। দক্ষিণ ভাৰতৰ কিছু অংশ যেনে তামিলনাডু, কৰ্ণাটক, মুম্বাই, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ওড়িশা, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড আৰু বংগত কিছু পৰিমাণে দেখিবলৈ পাব সূৰ্যগ্ৰহণ।

 

ইফালে দেশৰ পূব প্ৰান্তৰ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডত নপৰিব সূৰ্যগ্ৰহণৰ প্ৰভাব। আনহাতে জ্যোতিষীয় হিচাপ অনুসৰি দীপাৱলীৰ পিছত অৰ্থাৎ ২৫ অক্টোবৰত তুলা ৰাশিত সূৰ্যগ্ৰহণ হব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক