--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঠান।  শ্বাহৰুখ খানে ২০২৩ চনত পাঠানৰ জড়িয়তেই দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ ৰূপালী  পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰিছিল। পাঠানৰ বেছৰম ৰং গীতটিয়ে সমগ্ৰ দেশতে বহুতৰে মাজত প্ৰতিবাদৰ লহৰ তুলিছিল। দাবী উঠিছিল পাঠানৰ প্ৰদৰ্শন বন্ধ কৰাৰ। কিন্তু সকলো প্ৰতিৰোধ ওফৰাই পাঠান ছুপাৰ হিট হৈছিল। ছবিখনে  বক্স অফিচ গৰম কৰি তুলিছিল। 

শেহতীয়া প্ৰতিবেদন অনুসৰি যশ ৰাজ ফিল্মছে এতিয়া অতি শীঘ্ৰে পাঠান ২ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। পিপিং মুনৰ প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খানে বছৰটোৰ শেষৰ ফালে পাঠান ২-ৰ শ্বুটিং আৰম্ভ কৰাৰ সম্ভাৱনা আছে। পূৰ্বৰ  পাঠান ছবিৰ পৰিচালক সিদ্ধাৰ্থ আনন্দে অৱশ্যে পাঠান-২ পৰিচালনা নকৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে আনন্দৰ ঠাইত পাঠান ২ ৰ পৰিচালকজনক এতিয়ালৈকে চূড়ান্ত কৰা হোৱা নাই।

 যদিও  পৰিচালক চূড়ান্ত কৰা হোৱা নাই এই বছৰৰ শেষৰ ফালে পাঠান-২ৰ শ্বুটিঙৰ পৰিকল্পনা চলি আছে বুলি বলীউডত চৰ্চা চলিছে।  ২০২৩ চনৰ জানুৱাৰীত মুক্তি লাভ কৰা পাঠানে শ্বাহৰুখ খানৰ ডাঙৰ পৰ্দালৈ প্ৰত্যাৱৰ্তনক শক্তিশালী কৰি তুলিছিল। পাঠান ছবিত  দীপিকা পাডুকন আৰু জন আব্ৰাহামকো মুখ্য চৰিত্ৰত দেখা গৈছিল। ছবিখনে সকলোৰে পৰা  অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল আৰু বক্স অফিচত ১০০০ কোটি টকা উপাৰ্জন কৰিছিল। চলমান খানৰ এক থা টাইগাৰ, টাইগাৰ জিন্দা হে, ৱাৰ, পাঠান আৰু টাইগাৰ ৩ ৰ পিছত পাঠান ২ ৱাইআৰএফ গুপ্তচৰ ব্ৰহ্মাণ্ডৰ অষ্টম খন ছবি হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু