--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছাৰা আলী খান বলীউডলৈ অহাৰ প্ৰায় ৬ বছৰ হ’ল। তেওঁৰ প্ৰথম ছবি 'কেদাৰনাথ' ২০১৮ চনত মুক্তি পাইছিল। ছবিখনত ছাৰাৰ অভিনয় প্ৰশংসিতও হৈছিল। ইয়াৰ পাছত ছাৰাই 'চিম্বা', 'লাভ আজ কাল' আৰু 'কুলি নং ১', 'আত্ৰাংগী ৰে', 'গেছ লাইট' আৰু 'জাৰা হাটকে জাৰা বাচকে'ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছিল৷ কিন্তু 'চিম্বা'ৰ বাহিৰে তেওঁৰ সকলো চিনেমা বক্স অফিচত ফ্লপ হৈছিল। এনে পৰিস্থিতিত ছাৰাক প্ৰায়ে ট্ৰ'ল কৰা হয়। একে সময়তে, তেওঁক তেওঁৰ ফ্লপ চিনেমাৰ বাবেও তাচ্ছিল্য কৰা হয়। এতিয়া ছাৰাই এই সমালোচনা, তাচ্ছিল্যবোৰৰ প্ৰতি জনাইছে সঁহাৰি৷

‘ডি.এন.এ.’ক দিয়া এক সাক্ষাৎকাৰত ছাৰাই কয়, আপুনি ভাল পঢ়িছে আৰু আপুনি বেয়াও পঢ়িছে। আপুনি ভালটো উদযাপন কৰে আৰু বেয়াটো আপোনাৰ মনতে ৰাখে। কিন্তু এতিয়া মই সমালোচনাক একেবাৰে ভয় নকৰা হ’লো৷ মই কোলাহলৰ বাবে ভয় অনুভৱ নকৰোঁ কাৰণ মই ভালদৰে বুজি পাইছোঁ যে এইবোৰৰ কোনো গুৰুত্ব নাই৷ সকলোৰে চাবলৈ নিজা নিজা ধৰণ আছে। যিসকলে মোৰ বিষয়ে বেয়া কথা কয় তেওঁলোকৰো দৃষ্টিভংগীৰ নিজা নিজা ধৰণ আছে৷ যিয়ে মোৰ বিষয়ে বেয়া কথা কয়, মই ইয়াক সহজভাৱে লওঁ। মই ইয়াক অতি ইতিবাচকধৰণে গ্ৰহণ কৰোঁ৷ গতিকে মই সমালোচনাৰ দ্বাৰা প্ৰভাৱিত নহওঁ৷

ছাৰাই আৰু কয় যে তেওঁ এতিয়া সমালোচকসকলৰ দ্বাৰা চিন্তিত নহয়। বিগত বছৰবোৰত মই ডাঠ ছালৰ গৰাকী হৈ পৰিলোঁ আৰু মই ভাবো এগৰাকী অভিনেতা হিচাপে এনে হ'বই লাগিব। মই সকলো ইতিবাচকভাৱে আৰু আমোদজনকভাৱে লওঁ৷ মই আনৰো কাম চাবলৈ ভাল পাওঁ, কাৰণ মই তেওঁলোকৰ পৰাও কিবা নহয় কিবা শিকিছোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু