--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনুপম খেৰৰ অভিনয় আৰু অনুপম খেৰৰ ব্যক্তিগত জীৱনৰ গুজৱ আৰু কাহিনীক লৈ প্ৰায়েই ব্যস্ত হৈ পৰে তেওঁৰ অনুৰাগীসকল৷ অনুপম খেৰৰ ব্যক্তিগত জীৱনত আছে উত্থান-পতন৷ বৈচিত্ৰ্যময় জীৱনশৈলীৰ অধিকাৰী প্ৰবীণ অভিনেতাগৰাকী৷ 

শেহতীয়াকৈ পোহৰলৈ আহিছে জনাদৃত অভিনেতাগৰাকীৰ বৈবাহিক জীৱনৰ কেতবোৰ অনুন্মোচিত তথ্য৷ বলীউডৰ প্ৰবীণ অভিনেতা অনুপম খেৰে এতিয়ালৈকে দুবাৰকৈ বিবাহ কৰাইছে। আপুনি জানেনে, কিৰণ খেৰ তেওঁৰ দ্বিতীয় পত্নীহে, প্ৰথমা পত্নী নহয়৷ তেওঁৰ প্ৰথম বিবাহ আছিল মধুমালতী কাপুৰ নামৰ এগৰাকী অভিনেত্ৰীৰ সৈতে। অৱশ্যে, দিনচেৰেক পাছত দুয়োৰে বিবাহ বিচ্ছেদ হয়। মধুমালতী কাপুৰে কেইবাখনো চিনেমাত চলচ্চিত্ৰত অভিনয় কৰিছে, যাৰ ভিতৰত আছে ‘চনু কে তিতু কি চুইটি’ আৰু ‘গদাৰ: এক প্ৰেমকথা’ৰ দৰে চিনেমাও। অনুপম খেৰৰ পৰা বিবাহ বিচ্ছেদৰ পাছত তেওঁ চিনেমা পৰিচালক আৰু লেখক ৰঞ্জিত কাপুৰক বিয়া কৰায়। আৰু তাৰ পাছত ১৯৮৫ চনত অনুপম খেৰে অভিনেত্ৰী কিৰণ খেৰক বিয়া কৰায়।

অনুপম খেৰ সেইকেইগৰাকীমান অভিনেতাৰ মাজৰ এগৰাকী, যিয়ে যোৱা চাৰে তিনি দশকত চিনেমাৰ পৰিৱৰ্তনশীল পৰ্যায়ৰ সৈতে আত্মনিয়োগ কৰাত সফল হৈছিল৷ কৌতুক আৰু গুৰুতৰ নাটকীয় চৰিত্ৰৰ পৰা ভয়ংকৰ খলনায়কৰ চৰিত্ৰলৈকে অনুপম খেৰে প্ৰায় সকলো ধৰণৰ চৰিত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰিছে। বেছিভাগ অনুৰাগীয়ে জানে যে তেওঁ অভিনেত্ৰী আৰু বিজেপি সাংসদ কিৰন খেৰৰ সৈতে ৩৮ বছৰ ধৰি বিবাহপাশত আৱদ্ধ হৈ আছে, কিন্তু খুব কম লোকেইহে জানে যে তেওঁ আগতেও বিবাহপাশত আৱদ্ধ হৈছিল।

কিৰণ খেৰৰ সৈতে অনুপম খেৰৰ বিবাহ দুয়োৰে বাবে দ্বিতীয় আছিল। কিৰণ খেৰৰ প্ৰথম স্বামী আছিল গৌতম বেৰী। তেওঁলোকৰ বৈবাহিক জীৱন ছবছৰ ধৰি চলি আছিল আৰু তেওঁলোকৰ এটি পুত্ৰ সন্তানো আছে, যাৰ নাম সিকন্দৰ খেৰ, যি এজন অভিনেতাও। সিকন্দৰৰ জন্মৰ চাৰি বছৰ পাছত ১৯৮৫ চনত তেওঁলোক পৃথক হৈছিল। 

ইফালে, অনুপম খেৰে পূৰ্বে অভিনেত্ৰী মধুমলতী কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকে ১৯৭৯ত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু একে বছৰতে পৃথক হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ