--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ হ’ব নেকি বিধ্বংসী ছুনামী! এনে আশংকাই এতিয়া বিৰাজ কৰিছে পুৰীৰ উপকূলীয় এলেকাত৷ সোমবাৰে পুৱা বংগোপসাগৰত শক্তিশালী ভূমিকম্প অনুভৱ কৰা হয়। পুৱা ৮:৩২ বজাত বংগোপসাগৰত ভূমিকম্পটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.২ আছিল বুলি  নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)ৰ সূত্ৰই প্ৰকাশ কৰিছে৷ 

সূত্ৰটোৱে প্ৰকাশ কৰা মতে সাগৰ পৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত কম্পন অনুভৱ কৰা হৈছিল।এনচিএছৰ   মতে ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল পুৰী (পূব) আৰু ভুৱনেশ্বৰৰ (পূব-দক্ষিণ-পূব) পৰা ক্ৰমান্বয়ে ৪২১ কিলোমিটাৰ আৰু ৪৩৪ কিলোমিটাৰ দূৰৈত।

ইপিনে বাংলাদেশৰ ৰাজধানী ঢাকাত পুৱা প্ৰায় ৯:০৫ বজাত ভূমিকম্প অনুভূত হয়৷ জানিব পৰা মতে  ঢাকা আৰু বাংলাদেশৰ এক বৃহৎ অঞ্চলত কম্পন অনুভৱ হোৱাৰ পিছতে আতংক বিয়পি পৰে৷ ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল ঢাকাৰ পৰা ৫২৯ কিলোমিটাৰ দক্ষিণ-পশ্চিমে, কক্সবজাৰৰ পৰা ৩৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আৰু চিটাগঙৰ পৰা ৩৯৭ কিলোমিটাৰ দক্ষিণ-পশ্চিমত।

বাংলাদেশ বতৰ বিজ্ঞান বিভাগৰ এজন বিষয়াই কয়  যে ভূমিকম্পৰ কেন্দ্ৰস্থল বংগোপসাগৰৰ দক্ষিণ-পশ্চিমত আছিল।অৱশ্যে, ভূমিকম্পৰ ফলত তীব্ৰ জোৱাৰৰ ঢৌ বা ছুনামীৰ  কোনো সতৰ্কবাৰ্তা এতিয়ালৈকে দিয়া হোৱা নাই। উপকূলীয় অঞ্চলসমূহৰ কোনো ক্ষতি হোৱা নাই বুলিও  সূত্ৰটোৱে কয়।এনচিএছৰ তৰফৰ পৰাও  এতিয়ালৈকে  ভূমিকম্পৰ ফলত ছুনামী হ'ব পাৰে নে নাই সেই বিষয়ত  একো কোৱা হোৱা নাই৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক