--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ হ’ব নেকি বিধ্বংসী ছুনামী! এনে আশংকাই এতিয়া বিৰাজ কৰিছে পুৰীৰ উপকূলীয় এলেকাত৷ সোমবাৰে পুৱা বংগোপসাগৰত শক্তিশালী ভূমিকম্প অনুভৱ কৰা হয়। পুৱা ৮:৩২ বজাত বংগোপসাগৰত ভূমিকম্পটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.২ আছিল বুলি  নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)ৰ সূত্ৰই প্ৰকাশ কৰিছে৷ 

সূত্ৰটোৱে প্ৰকাশ কৰা মতে সাগৰ পৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত কম্পন অনুভৱ কৰা হৈছিল।এনচিএছৰ   মতে ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল পুৰী (পূব) আৰু ভুৱনেশ্বৰৰ (পূব-দক্ষিণ-পূব) পৰা ক্ৰমান্বয়ে ৪২১ কিলোমিটাৰ আৰু ৪৩৪ কিলোমিটাৰ দূৰৈত।

ইপিনে বাংলাদেশৰ ৰাজধানী ঢাকাত পুৱা প্ৰায় ৯:০৫ বজাত ভূমিকম্প অনুভূত হয়৷ জানিব পৰা মতে  ঢাকা আৰু বাংলাদেশৰ এক বৃহৎ অঞ্চলত কম্পন অনুভৱ হোৱাৰ পিছতে আতংক বিয়পি পৰে৷ ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল ঢাকাৰ পৰা ৫২৯ কিলোমিটাৰ দক্ষিণ-পশ্চিমে, কক্সবজাৰৰ পৰা ৩৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আৰু চিটাগঙৰ পৰা ৩৯৭ কিলোমিটাৰ দক্ষিণ-পশ্চিমত।

বাংলাদেশ বতৰ বিজ্ঞান বিভাগৰ এজন বিষয়াই কয়  যে ভূমিকম্পৰ কেন্দ্ৰস্থল বংগোপসাগৰৰ দক্ষিণ-পশ্চিমত আছিল।অৱশ্যে, ভূমিকম্পৰ ফলত তীব্ৰ জোৱাৰৰ ঢৌ বা ছুনামীৰ  কোনো সতৰ্কবাৰ্তা এতিয়ালৈকে দিয়া হোৱা নাই। উপকূলীয় অঞ্চলসমূহৰ কোনো ক্ষতি হোৱা নাই বুলিও  সূত্ৰটোৱে কয়।এনচিএছৰ তৰফৰ পৰাও  এতিয়ালৈকে  ভূমিকম্পৰ ফলত ছুনামী হ'ব পাৰে নে নাই সেই বিষয়ত  একো কোৱা হোৱা নাই৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু