--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কিবা পুৰুষৰ অভাৱ ঘটিছে নেকি? মহিলাসকলে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছে! মহিলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো ইছলাম বিৰোধী৷ এনে মন্তব্যই কৰিছে এগৰাকী ইছলামিক ধৰ্মগুৰুৱে৷ নিৰ্বাচনত মহিলাসকলক প্ৰাৰ্থিত্ব দিয়াটো ইছলামবিৰোধী। মহিলাই এনে সুবিধা লৈ থকাৰ বাবেই  ইছলাম  ধৰ্ম দুৰ্বল হৈ আহিছে। আহমেদাবাদৰ জামা মছজিদৰ শ্বাহি ইমাম শব্বীৰ আহমেদ চিদ্দিকী কৰা এনে বিতৰ্কিত মন্তব্যই এতিয়া জোকাৰি গৈছে সচেতন মহলক।

ইমামজনে কয় "যদি মহিলাসকলেও পুৰুষৰ দৰে প্ৰাৰ্থী হয়, হিজাব সংস্কৃতি কেনেদৰে সুৰক্ষিত  হ'ব?" মুছলমান ধৰ্মগুৰু জনে  দাবী কৰে যে ৰাজনৈতিক দলসমূহে মুছলমান মহিলাসকলক অসৎ উদ্দেশ্যৰে  ব্যৱহাৰ কৰাৰ বাবেই প্ৰাৰ্থিত্ব প্ৰদান কৰে।

সংবাদমাধ্যমক দিয়া  এক সাক্ষাৎকাৰত আহমেদাবাদৰ জামা মছজিদৰ শ্বাহি ইমামগৰাকীয়ে  কয়, "যদি  মহিলাসকল বিধায়ক, মন্ত্ৰী বা কাউঞ্চিলৰ হয়, তেন্তে হিজাবৰ দাবী দুৰ্বল হ'ব। তেতিয়া চৰকাৰে ক'ব যে আপোনাৰ ছোৱালীবোৰে সংসদ, বিধানসভা আৰু পৌৰসভাত বহি আছে"। ইমামে কয়  যে যদি মহিলাসকল নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হয়  তেওঁলোকে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব লাগিব। সকলোৰে সৈতে   কথা পাতিব লাগিব। মহিলাই সকলো ধৰ্মৰ পুৰুষৰ সৈতে কথা পতাটো ইছলামবিৰোধী।

শব্বীৰ আহমেদ চিদ্দিকীয়ে এই প্ৰসংগতে প্ৰশ্ন কৰে, "পুৰুষৰ অভাৱ হৈছে নেকি?" মহিলাসকলক কিয় মনোনীত কৰা হৈছে? তেওঁ লগতে কয় "মুছলমান মহিলাসকলক টিকট দিয়াটো ৰাজনৈতিক দলসমূহৰ ষড়যন্ত্ৰ। যদি আপুনি এগৰাকী মহিলাক নিয়ন্ত্ৰণ কৰিব পাৰে, গোটেই পৰিয়ালটোকে নিয়ন্ত্ৰণ কৰিব পাৰিব"।

যিটো সময়ত  সমগ্ৰ বিশ্ব  হিজাব বৰ্জনৰ দিশে আগবাঢ়িছে। আনকি ইৰানৰ দৰে ৰক্ষণশীল দেশতো যেতিয়া সাধাৰণ নাগৰিকে হিজাব বৰ্জনৰ দাবীত ৰাজপথলৈ ওলাই আহিছে, কেৱল ভাৰতৰ দৰে উদাৰবাদী দেশত হিজাব সংস্কৃতিৰ বাবে মহিলাসকলক ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰাই ৰখাৰ পৰামৰ্শক   কিমানে  সমৰ্থন জনাব সেয়া সন্দেহৰ বিষয়৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু