--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কিবা পুৰুষৰ অভাৱ ঘটিছে নেকি? মহিলাসকলে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছে! মহিলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো ইছলাম বিৰোধী৷ এনে মন্তব্যই কৰিছে এগৰাকী ইছলামিক ধৰ্মগুৰুৱে৷ নিৰ্বাচনত মহিলাসকলক প্ৰাৰ্থিত্ব দিয়াটো ইছলামবিৰোধী। মহিলাই এনে সুবিধা লৈ থকাৰ বাবেই  ইছলাম  ধৰ্ম দুৰ্বল হৈ আহিছে। আহমেদাবাদৰ জামা মছজিদৰ শ্বাহি ইমাম শব্বীৰ আহমেদ চিদ্দিকী কৰা এনে বিতৰ্কিত মন্তব্যই এতিয়া জোকাৰি গৈছে সচেতন মহলক।

ইমামজনে কয় "যদি মহিলাসকলেও পুৰুষৰ দৰে প্ৰাৰ্থী হয়, হিজাব সংস্কৃতি কেনেদৰে সুৰক্ষিত  হ'ব?" মুছলমান ধৰ্মগুৰু জনে  দাবী কৰে যে ৰাজনৈতিক দলসমূহে মুছলমান মহিলাসকলক অসৎ উদ্দেশ্যৰে  ব্যৱহাৰ কৰাৰ বাবেই প্ৰাৰ্থিত্ব প্ৰদান কৰে।

সংবাদমাধ্যমক দিয়া  এক সাক্ষাৎকাৰত আহমেদাবাদৰ জামা মছজিদৰ শ্বাহি ইমামগৰাকীয়ে  কয়, "যদি  মহিলাসকল বিধায়ক, মন্ত্ৰী বা কাউঞ্চিলৰ হয়, তেন্তে হিজাবৰ দাবী দুৰ্বল হ'ব। তেতিয়া চৰকাৰে ক'ব যে আপোনাৰ ছোৱালীবোৰে সংসদ, বিধানসভা আৰু পৌৰসভাত বহি আছে"। ইমামে কয়  যে যদি মহিলাসকল নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হয়  তেওঁলোকে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব লাগিব। সকলোৰে সৈতে   কথা পাতিব লাগিব। মহিলাই সকলো ধৰ্মৰ পুৰুষৰ সৈতে কথা পতাটো ইছলামবিৰোধী।

শব্বীৰ আহমেদ চিদ্দিকীয়ে এই প্ৰসংগতে প্ৰশ্ন কৰে, "পুৰুষৰ অভাৱ হৈছে নেকি?" মহিলাসকলক কিয় মনোনীত কৰা হৈছে? তেওঁ লগতে কয় "মুছলমান মহিলাসকলক টিকট দিয়াটো ৰাজনৈতিক দলসমূহৰ ষড়যন্ত্ৰ। যদি আপুনি এগৰাকী মহিলাক নিয়ন্ত্ৰণ কৰিব পাৰে, গোটেই পৰিয়ালটোকে নিয়ন্ত্ৰণ কৰিব পাৰিব"।

যিটো সময়ত  সমগ্ৰ বিশ্ব  হিজাব বৰ্জনৰ দিশে আগবাঢ়িছে। আনকি ইৰানৰ দৰে ৰক্ষণশীল দেশতো যেতিয়া সাধাৰণ নাগৰিকে হিজাব বৰ্জনৰ দাবীত ৰাজপথলৈ ওলাই আহিছে, কেৱল ভাৰতৰ দৰে উদাৰবাদী দেশত হিজাব সংস্কৃতিৰ বাবে মহিলাসকলক ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰাই ৰখাৰ পৰামৰ্শক   কিমানে  সমৰ্থন জনাব সেয়া সন্দেহৰ বিষয়৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement