--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানে প্ৰয়োজনত ভাৰত আক্ৰমণ কৰিব৷ আপাততঃ তেনে ভাবুকিয়েই দিছে পাক সেনা প্ৰধানে৷ ইয়াৰ মাজতে পাকিস্তানৰ নতুন সেনা প্ৰধান অসীম মুনিৰে পাক অধিকৃত কাশ্মীৰ (পিঅ'কে) সন্দৰ্ভত দিয়া মন্তব্যৰ উপযুক্ত প্ৰত্যুত্তৰত দিলে  কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে ৷ ৰাৱাটে কয় যে  পাক অধিকৃত কাশ্মীৰ ঘূৰাই লোৱাৰ এয়াই সময়। 

 ৰাৱাটে স্পষ্ট ভাষাৰে কয় যে বৰ্তমান পাকিস্তানৰ অৱস্থা দুৰ্বল আৰু এই সময়ত আমি অধিকৃত কাশ্মীৰ ঘূৰাই ল'ব পাৰোঁ ৷ তেওঁ কয়, "পাকিস্তানৰ অবৈধ দখলৰ পৰা পিঅ'কেক মুক্ত কৰাটো আমাৰ দায়িত্ব। আমি কংগ্ৰেছ চৰকাৰৰ সময়ত সংসদত এই বিষয়ত এটা প্ৰস্তাৱ গৃহীত কৰিছিলো। এতিয়া মোদী  চৰকাৰে ইয়াক  কাৰ্যকৰী কৰা উচিত। তেওঁ লগতে কয় যে এই সময়ত পাকিস্তানৰ অৱস্থা দুৰ্বল, এই সময়ত আমি পাকিস্তানৰ পৰা পিঅ'কে কাঢ়ি ল’ব পাৰো।

উল্লেখ্য ২৮ অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তান অধিকৃত কাশ্মীৰ (পিঅ'কে) ঘূৰাই লোৱাৰ নতুন দিল্লীৰ সংকল্পৰ কথা দোহাৰিছিল৷ সিঙে কৈছিল যে  সকলো শৰণাৰ্থীয়ে তেওঁলোকৰ ভূমি আৰু ঘৰ ঘূৰাই পাব ।উল্লেখ্য পাকিস্তানৰ নৱনিযুক্ত সেনা প্ৰধান (চিঅএএছ) জেনেৰেল অসীম মুনিৰে ভাৰতৰ বিৰুদ্ধে বিষ উজাৰি কৈছিল  যে  ভাৰতে কেতিয়াও ইয়াৰ জঘন্য অভিপ্ৰায়ত সফল হ’ব নোৱাৰিব। দেশ খনে ঘটোৱা যিকোনো দুঃসাহসিক ঘটনাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ'ব। পাকিস্তান সেনাৰ মিডিয়া শাখাৰ মতে সেনা প্ৰধানজনে সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ ৰাখচিক্ৰি চেক্টৰৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে আৰু পাক সেনাৰ জোৱানৰ  সৈতে  বাৰ্তালাপ কৰিছিল। 

সেই সময়তে তেওঁ ভাৰতৰ বিৰুদ্ধে তেনেদৰে মন্তব্য কৰে। জেনেৰেল অসীম মুনিৰক এলঅ'চিৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছিল। সেনা বিষয়া আৰু সৈন্যসকলৰ সৈতে বাৰ্তালাপ কৰি সেনা প্ৰধানজনে প্ৰত্যাহ্বানজনক পৰিস্থিতিত তেওঁলোকৰ দায়িত্ব পালন কৰাৰ বাবে সৈনিকসকলক প্ৰশংসা কৰিছিল। 

জেনেৰেল অসীমে কৈছিল  যে তেওঁ শেহতীয়াকৈ গিলগিট, বাল্টিস্তান আৰু আজাদ জম্মু - কাশ্মীৰ সন্দৰ্ভত ভাৰতীয় নেতৃত্বই দিয়া "দায়িত্বহীন" মন্তব্য লক্ষ্য কৰিছে। তেওঁ কয়  "মই স্পষ্ট কৰি দিওঁ যে পাকিস্তানৰ সশস্ত্ৰ বাহিনী কেৱল আমাৰ মাতৃভূমিৰ প্ৰতিটো ইঞ্চি ৰক্ষা কৰিবলৈই নহয়, শত্ৰুৰ বিৰুদ্ধে যিকোনো যুদ্ধ  কৰিবলৈও সাজু আছে।" 











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক