--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ত পৰা নাই যুদ্ধৰ বিভীষিকা৷ যুদ্ধৰ ধোঁৱা-ধুমুহাই আজিও ভাৰাক্ৰান্ত কৰি ৰাখিছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ নাগৰিকক৷ ৰাছিয়াৰ জিঘাংসু আক্ৰমণে জোকাৰি গৈছিল ইউক্ৰেইন৷ কিন্তু, ইউক্ৰেইনবাসীক আজিও খেদি ফুৰিছে দুঃসহ স্মৃতিয়ে৷ পিছে, স্মৃতিৰ সামৰণি নৌপৰোতেই পুনৰ ইউক্ৰেইনত নৃশংস অত্যাচাৰ আৰম্ভ কৰিছে ৰাছিয়ান সেনাই।

বুধবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই অভিযোগ উত্থাপন কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সেনা বাহিনীয়ে  আচৰণৰ উল্লেখ কৰি নৰসংহাৰ চলাইছে ইউক্ৰেনত৷ বাইডেনে কয় যে ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ বিদ্যালয়, ৰে’ল ষ্টেচন আৰু চিকিৎসালয়সমূহত আক্ৰমণ চলাইছে। মস্কোৰ এটা লক্ষ্য হৈছে ইউক্ৰেইনক ৰাষ্ট্ৰ হিচাপে পৃথক অস্তিত্বৰ অধিকাৰ নিৰ্মূল কৰা।

ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ চনদৰ মূল নীতি উলংঘা কৰা বুলিও অভিযোগ উত্থাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ অভিযোগ কৰে যে পুটিনৰ বাহিনীয়ে ইচ্ছাকৃতভাৱে ইউক্ৰেইনৰ জনসাধাৰণক লক্ষ্য কৰি লৈছে। প্ৰসংগক্ৰমে শেহতীয়াকৈ ইউক্ৰেইনৰ সেনাই খাৰকিভ প্ৰদেশৰ ইজিয়াম চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ গণ কবৰৰ পৰা বহু মৃতদেহ উদ্ধাৰ কৰিছে, যিবোৰ ৰাছিয়াৰ বাহিনীৰ পৰা মুক্ত কৰা হৈছিল। আৰু বেছিভাগ মৃতদেহতে নিৰ্যাতনৰ লক্ষণ দেখা যায়।

নিৰ্মমভাৱে হত্যা কৰা হৈছিল সাধাৰণ জনতাক৷ইউক্ৰেইনৰ গণ কবৰত উদ্ধাৰ হোৱা মৃতদেহবোৰৰ ওপৰত ৰাছিয়াৰ সেনাই কৰা ভয়ংকৰ অত্যাচাৰৰ ফটো বিগত এপ্ৰিল মাহত প্ৰকাশ পাইছিল৷ ৰাছিয়াৰ সেনাক পৰাস্ত কৰি বুচা চহৰ পুনৰ দখল কৰাৰ পিছত ইউক্ৰেইনৰ সেনাই তাৰ পৰা কেইবাটাও গণ কবৰ উদ্ধাৰ কৰে।  য’ত দেখা গৈছে শৰীৰত নিৰ্যাতনৰ চিন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সেই সময়ত মস্কোৰ বিৰূদ্ধে যুদ্ধাপৰাধৰ অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পিছত ৰাজধানী কিভৰ পৰা ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত সৰু চহৰ বৰোডিয়ানকা আৰু উত্তৰ-পূবৰ চেৰ্নিহিভত একেধৰণৰ গণ কবৰ উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰিও ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ বিৰুদ্ধে পুটিনে সামৰিক অভিযান চলোৱাৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা ইউক্ৰেইনৰ অসামৰিক অঞ্চলসমূহক ৰাছিয়াৰ বিমান আৰু ক্ষেপণাস্ত্ৰৰ দ্বাৰা ক্ৰমাগতভাৱে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইউক্ৰেইনৰ সীমান্তত অশান্তিৰ মাজতে বুধবাৰে পুটিনে বৃহৎ সেনা নিয়োগ কৰাৰ কথা ঘোষণা কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ যুগৰ জোচেফ ষ্টেলিনৰ পিছত ৰাছিয়াৰ এজন ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে সামৰিক সমাৱেশ ঘোষণা কৰিছে। ইয়াৰ উপৰিও আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহক ৰাছিয়াৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি পুটিনে কয় যে আঞ্চলিক অখণ্ডতাত আঘাত হানিলে ৰাছিয়াই মৌনতা অৱলম্বন নকৰে। প্ৰয়োজন হ’লে সকলো শক্তিৰে প্ৰতিৰোধ কৰা হ’ব। তেওঁৰ এই বক্তব্যক পাৰমাণৱিক যুদ্ধৰ সতৰ্কবাণী হিচাপে গণ্য কৰা হয়। এনে পৰিস্থিতিত বাইডেনে ৰাষ্ট্ৰসংঘত দিয়া ভাষণে সংঘাতক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। বাইডেনে আনুষ্ঠানিকভাৱে পুটিনক শেষ সকীয়নি প্ৰদান কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ