--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন খাদ্য ডেলিভাৰীৰ বহুতো আকৰ্ষণীয় গোচৰ মাজে-সময়ে পোহৰলৈ আহি থাকে। খাদ্যত কিবা বিসংগতি পালেই বিষয়টো চৰ্চিত হয়। তাৰপাছত গ্ৰাহকেও কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। এইবাৰ আমেৰিকাৰ পৰা এক অতি বেলেগ ধৰণৰ গোচৰ পোহৰলৈ আহিছে য'ত এগৰাকী মহিলাই অনলাইন খাদ্যৰ অৰ্ডাৰ দি খাদ্যৰ লগতে পাইছিল নোটৰ বাণ্ডিল।  এই কথা দেখি মহিলাগৰাকী আচৰিত হৈছিল।

এই ঘটনাটো জৰ্জিয়া ষ্টেট অৱ আমেৰিকাৰ।  সংবাদ মাধ্যমৰ খবৰ অনুসৰি এগৰাকী মহিলাই কে এফ চিৰ খাদ্য ডেলিভাৰী কোম্পানীটোৰ পৰা চিকেন চেণ্ডুইচ অৰ্ডাৰ কৰিছিল।  মহিলাগৰাকীয়ে ৰৈ আছিল যে তেওঁৰ খাদ্য আহিব আৰু তেওঁ খাব।  মহিলাগৰাকীৰ খাদ্য আহিছিল যদিও তেওঁৰ খাদ্যৰ পেকেটৰ পৰা নোটৰ বাণ্ডিলবোৰো ওলাই অহা দেখি তেওঁ থতমত খাইছিল।  ইয়াৰ পৰা মুঠ ৪৩ হাজাৰ টকা ওলাইছিল।

 মহিলাগৰাকীয়ে ভাবি আছিল তেওঁ এতিয়া কি কৰা উচিত।  অৱশেষত তেওঁ সততা দেখুৱাই কোম্পানীটোক ফোন কৰিলে।  যেতিয়া একাংশ কৰ্মচাৰী তেওঁৰ ওচৰ পালেহি, তেতিয়া গোটেই বিষয়টো চৰ্চালৈ আহিল।  গম পোৱা গ'ল যে যেতিয়া মহিলাগৰাকীৰ খাদ্যৰ পেকেটটো পেক কৰি আছিল, একে সময়তে, মেনেজাৰৰ ভুলৰ বাবে কাউণ্টাৰৰ পৰা কিছু জমা ধনো তেওঁৰ পেকেটত সোমাই গৈছিল।

 মহিলাগৰাকীৰ সততা দেখি মেনেজাৰ বৰ সুখী হৈ পৰিছে। বৰ্তমান সময়ত মহিলাগৰাকীৰ সততা দেখি কোম্পানীটোৰ লগতে ইয়াৰ কৰ্মচাৰীসকল অতিশয় আনন্দিত হৈ পৰিছে।  মেনেজাৰে মহিলাগৰাকীক অশেষ ধন্যবাদ জনালে, টকাখিনি ঘূৰাই নোপোৱা হ'লে হয়তো তেওঁ চাকৰি হেৰুৱাব লগা হ'লহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ