--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্ক: বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলা পুনৰবাৰ চিকাৰ হৈছে ট্ৰ’লৰ। ভাৰত আৰু পাকিস্তানৰ মাজত টি-২০ খেল চাবলৈ ডুবাইত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী। ষ্টেডিয়ামত তেওঁক দেখাৰ লগে লগে বহি নাথাকিল ট্ৰ’লাৰ আৰু মিমাৰ। ইতিমধ্যেই সামাজিক মাধ্যমৰ ট্ৰেণ্ডত আহি গ’ল অভিনেত্ৰীগৰাকী।

 

পিছে কিয় অভিনেত্ৰীগৰাকী সন্মুখীন হৈছে ট্ৰ’লৰ?

 

ইয়াৰ আঁৰতো আছে এক আমোদজনক কাৰণ। কিছুদিন পূৰ্বে উৰ্বশীয়ে ইনষ্টাগ্ৰামত ask me anythingৰ এটা চেচন কৰিছিল। অনুৰাগীক বহু প্ৰশ্নৰ উত্তৰো দিছিল অভিনেত্ৰীগৰাকীয়ে। তাৰ মাজতে এজন ইউজাৰে তেওঁক প্ৰিয় ক্ৰিকেটাৰ কোন বুলি এক প্ৰশ্ন কৰিছিল। প্ৰশ্নটোৰ উত্তৰত উৰ্বশীয়ে কৈছিল যে তেওঁ ক্ৰিকেট নাচায়। তেওঁ কোনো ক্ৰিকেটাৰকো চিনি নাপায়। অৱশ্যে তেওঁ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীক যথেষ্ট সন্মান কৰে।

 

পিছে দেওবাৰে ডুবাইৰ ক্ৰিকেট ষ্টেডিয়ামত উৰ্বশীক দেখাৰ ট্ৰ’লাৰ আৰু মিমাৰৰ আক্ৰমণৰ বলি হ’ল অভিনেত্ৰীগৰাকী। উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ এজন ক্ৰিকেটাৰৰ সৈতে উৰ্বশীৰ মধুৰ সম্পৰ্ক আছে বুলি বিভিন্ন সময়ত এক গুজব উলাইছিল। কেৱল সেয়াই নহয়, দুয়োৰে মাজত সামাজিক মাধ্যমত এক শিতল যুদ্ধও দেখিবলৈ পোৱা গৈছিল। তেনে সময়ছোৱাত ট্ৰ’লাৰ সকলক অভিনেত্ৰীগৰাকীয়ে কিদৰে মুখ বন্ধ কৰে সেইয়া লক্ষণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী