--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্ক: বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলা পুনৰবাৰ চিকাৰ হৈছে ট্ৰ’লৰ। ভাৰত আৰু পাকিস্তানৰ মাজত টি-২০ খেল চাবলৈ ডুবাইত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী। ষ্টেডিয়ামত তেওঁক দেখাৰ লগে লগে বহি নাথাকিল ট্ৰ’লাৰ আৰু মিমাৰ। ইতিমধ্যেই সামাজিক মাধ্যমৰ ট্ৰেণ্ডত আহি গ’ল অভিনেত্ৰীগৰাকী।

 

পিছে কিয় অভিনেত্ৰীগৰাকী সন্মুখীন হৈছে ট্ৰ’লৰ?

 

ইয়াৰ আঁৰতো আছে এক আমোদজনক কাৰণ। কিছুদিন পূৰ্বে উৰ্বশীয়ে ইনষ্টাগ্ৰামত ask me anythingৰ এটা চেচন কৰিছিল। অনুৰাগীক বহু প্ৰশ্নৰ উত্তৰো দিছিল অভিনেত্ৰীগৰাকীয়ে। তাৰ মাজতে এজন ইউজাৰে তেওঁক প্ৰিয় ক্ৰিকেটাৰ কোন বুলি এক প্ৰশ্ন কৰিছিল। প্ৰশ্নটোৰ উত্তৰত উৰ্বশীয়ে কৈছিল যে তেওঁ ক্ৰিকেট নাচায়। তেওঁ কোনো ক্ৰিকেটাৰকো চিনি নাপায়। অৱশ্যে তেওঁ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীক যথেষ্ট সন্মান কৰে।

 

পিছে দেওবাৰে ডুবাইৰ ক্ৰিকেট ষ্টেডিয়ামত উৰ্বশীক দেখাৰ ট্ৰ’লাৰ আৰু মিমাৰৰ আক্ৰমণৰ বলি হ’ল অভিনেত্ৰীগৰাকী। উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ এজন ক্ৰিকেটাৰৰ সৈতে উৰ্বশীৰ মধুৰ সম্পৰ্ক আছে বুলি বিভিন্ন সময়ত এক গুজব উলাইছিল। কেৱল সেয়াই নহয়, দুয়োৰে মাজত সামাজিক মাধ্যমত এক শিতল যুদ্ধও দেখিবলৈ পোৱা গৈছিল। তেনে সময়ছোৱাত ট্ৰ’লাৰ সকলক অভিনেত্ৰীগৰাকীয়ে কিদৰে মুখ বন্ধ কৰে সেইয়া লক্ষণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু