--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: বলীউডৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেন। এই পৰ্যন্ত বিবাহপাশত আবদ্ধ নহ’লেও সুস্মিতাৰ আছে ৩টাকৈ সন্তান। আজি আছিল সুস্মিতাৰ কন্যাৰ আলিশাৰ জন্মদিন। কণমানি আলিশাই ভৰি দিলে ১৩ বছৰ বয়সত।

 

কন্যাৰ জন্মদিন উপলক্ষে সুস্মিতাই ইণ্টাগ্ৰামত দিলে এটা মৰমলগা প’ষ্ট। প’ষ্টটোত তেওঁ লিখে, "মোৰ প্ৰেমৰ ১৩ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনালো। আলিশা মানে মহান, যিজনক ভগৱানে ৰক্ষা কৰে। আলিশা মানেই ভগৱানৰ উপহাৰ। তুমি সঁচাকৈয়ে মোৰ বাবে ভগৱানৰ উপহাৰতকৈ কোনো গুণে কম নহয়। মই তেওঁৰ চকুত, তেওঁৰ বিশ্বাসত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁৰ কামত প্ৰেমৰ ঐশ্বৰিকতাৰ বিশুদ্ধতা আৰু শক্তি দেখিছো। মই এগৰাকী ভাল মানুহ কাৰণ মই আলিশাৰ মাক। সদায় সুস্থ আৰু সুখী হৈ থাকা। তোমাৰ বা আৰু মই তোমাক বহুত ভালপাওঁ।"

 

নিশ্চিতভাৱেই সুস্মিতা সেনৰ এই প’ষ্টে নেটিজেনক আকৰ্ষণ কৰিছে। কিন্তু তাৰ সমান্তৰালভাৱে আন এটা প’ষ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। আলিশাৰ জন্মদিন উপলক্ষে সেই প’ষ্টটো লিখিছে সুস্মিতা সেনৰ প্ৰাক্তন প্ৰেমিকে। প্ৰাক্তন প্ৰেমিক ৰোহমনে আলিশাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায়।

 

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ৰোহমনৰ সৈতে সম্পৰ্ক চিঙি ললিত মোডীৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰিছিল সুস্মিতাই। এই খবৰে তোলপাৰ লগাইছিল সকলোতে। পিছে ৰোহমনৰ সৈতে প্ৰেমৰ সম্পৰ্কত নাথাকিলেও এতিয়াও বন্ধুত্ব ধৰি ৰাখিছে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু