--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: বলীউডৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেন। এই পৰ্যন্ত বিবাহপাশত আবদ্ধ নহ’লেও সুস্মিতাৰ আছে ৩টাকৈ সন্তান। আজি আছিল সুস্মিতাৰ কন্যাৰ আলিশাৰ জন্মদিন। কণমানি আলিশাই ভৰি দিলে ১৩ বছৰ বয়সত।

 

কন্যাৰ জন্মদিন উপলক্ষে সুস্মিতাই ইণ্টাগ্ৰামত দিলে এটা মৰমলগা প’ষ্ট। প’ষ্টটোত তেওঁ লিখে, "মোৰ প্ৰেমৰ ১৩ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনালো। আলিশা মানে মহান, যিজনক ভগৱানে ৰক্ষা কৰে। আলিশা মানেই ভগৱানৰ উপহাৰ। তুমি সঁচাকৈয়ে মোৰ বাবে ভগৱানৰ উপহাৰতকৈ কোনো গুণে কম নহয়। মই তেওঁৰ চকুত, তেওঁৰ বিশ্বাসত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল তেওঁৰ কামত প্ৰেমৰ ঐশ্বৰিকতাৰ বিশুদ্ধতা আৰু শক্তি দেখিছো। মই এগৰাকী ভাল মানুহ কাৰণ মই আলিশাৰ মাক। সদায় সুস্থ আৰু সুখী হৈ থাকা। তোমাৰ বা আৰু মই তোমাক বহুত ভালপাওঁ।"

 

নিশ্চিতভাৱেই সুস্মিতা সেনৰ এই প’ষ্টে নেটিজেনক আকৰ্ষণ কৰিছে। কিন্তু তাৰ সমান্তৰালভাৱে আন এটা প’ষ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। আলিশাৰ জন্মদিন উপলক্ষে সেই প’ষ্টটো লিখিছে সুস্মিতা সেনৰ প্ৰাক্তন প্ৰেমিকে। প্ৰাক্তন প্ৰেমিক ৰোহমনে আলিশাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায়।

 

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ৰোহমনৰ সৈতে সম্পৰ্ক চিঙি ললিত মোডীৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰিছিল সুস্মিতাই। এই খবৰে তোলপাৰ লগাইছিল সকলোতে। পিছে ৰোহমনৰ সৈতে প্ৰেমৰ সম্পৰ্কত নাথাকিলেও এতিয়াও বন্ধুত্ব ধৰি ৰাখিছে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?