--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ কোভিড নহয়, এইবাৰ আন এক বিপদ আহিছে ৷চীনত শেহতীয়াকৈ আৱিৰ্ভাৱ ঘটিছে এক ৰহস্যজনক নিউমোনিয়া ৰোগ। এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত দেশখনৰ চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। চৰকাৰী মালিকানাধীন চীন নেশ্যনেল ৰেডিঅ’ৰ তথ্য অনুসৰি বেইজিঙৰ শিশু চিকিৎসালয়ত প্ৰতিদিনে গড়ে ৭ হাজাৰ ৰোগীক দেখা গৈছে, যিয়ে দেশখনৰ স্বাস্থ্যসেৱা ব্যৱস্থাক বিমোৰত পেলাইছে।

চীনৰ এই ৰহস্যজনক ৰোগে পুনৰবাৰ উত্তেজনাত পেলাইছে বিশ্ববাসীক। কিছুদিনৰ পৰা চীনত শিশুৰ নিউমোনিয়াৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাও তৎপৰ হৈ পৰিছে। ক্ৰমাৎ চীনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। প্ৰথম কথা, চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে কয় যে এই ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলৰ সংখ্যা ইতিমধ্যে বৃদ্ধি পাইছে। খবৰ অনুসৰি, এই ৰোগৰ সংক্ৰমণে প্ৰধানত শিশুসকলক আক্ৰান্ত কৰিছে। ইয়াৰ ফলত আক্ৰান্ত শিশুৱে তীব্ৰ জ্বৰ আৰু হাওঁফাওঁৰ সংক্ৰমণত ভুগিছে। অৱশ্যে তেওঁলোকৰ শৰীৰত কাঁহৰ দৰে আন শ্বাস-প্ৰশ্বাসজনিত লক্ষণ দেখিবলৈ পোৱা নাই। চীনৰ উত্তৰ-পূব অঞ্চলৰ দুটা প্ৰধান কেন্দ্ৰ বেইজিং আৰু লিয়াওনিঙত এই সংক্ৰমণ বিয়পি পৰিছে। বেইজিঙৰ এখন চিকিৎসালয়ে প্ৰতিদিনে গড়ে প্ৰায় ১২০০ ৰোগীক তেওঁলোকৰ জৰুৰীকালীন অৱস্থাত ভৰ্তি কৰা বুলি প্ৰকাশ কৰিছে। 

বিশেষকৈ শিশুৰ ক্ষেত্ৰত এই ৰোগৰ সংখ্যা বেছি। চিকিৎসালয়ত ভৰ্তি হোৱাসকলৰ ভিতৰত আছে বেছি সংখ্যকেই শিশু৷ একাংশ বিশেষজ্ঞই কয় যে শিশুৰ উপৰিও বৃদ্ধ আৰু গৰ্ভৱতী মহিলাও ইয়াৰ চিকাৰ হ’ব পাৰে। এই পৰ্যন্ত কোনো নতুন ৰোগ চিনাক্ত হোৱা নাই। অৱশ্যে চীনৰ পৰা অধিক ৰোগৰ তথ্য বিচাৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। চীনত বিয়পি পৰা ৰহস্যজনক ৰোগ সন্দৰ্ভত এতিয়া বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত কৰোনা সদৃশ নিৰ্দেশনা জাৰি কৰিছে৷ তেওঁলোকৰ মতে এই ৰোগে শিশুসকলক অধিক আক্ৰান্ত কৰিছে। পৰিস্থিতি এনেকুৱা যে চৰকাৰে বহু বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে। ভাৰততো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ক’ৰ’না সদৃশ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিছে। অৱশ্যে আতংকিত হোৱাৰ প্ৰয়োজন নাই, কেৱল নিয়ম মানি চলিব বুলিও কোৱা হৈছিল। চৰকাৰে লগতে কয় যে বৰ্তমান দেশত কোনো সজাগ পৰিস্থিতি নাই। ইফালে, উত্তৰ চীনত আতংকৰ সৃষ্টি কৰা এইচ ৯ এন ২ নামৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱৰ খবৰৰ ওপৰত ভাৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান