--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ইতিমধ্যে নাকেৰে গ্ৰহণ কৰিব পৰা কোভিডৰ ভেকছিনৰ প্ৰচলন আৰম্ভ হৈছে৷ কিন্তু সকলো লোকেই এই ভেকছিন গ্ৰহণ কৰিব নোৱাৰিব৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে যিসকলে ইতিমধ্যে বুষ্টাৰ ভেকছিন গ্ৰহণ কৰিছে তেওঁলোকে ভাৰত বায়োটেকৰ নাকেৰে গ্ৰহণ কৰিব পৰা  কোভিড ভেকছিন ইনকোভাক গ্ৰহণ কৰিব নোৱাৰিব।

টিকাকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰিকৰী গোটৰ (এনটিএজিআই) মুৰব্বী এন কে অৰোৰাই সংবাদ মাধ্যমৰ আগত কয়, "নাকৰ কোভিড ভেকছিনক প্ৰথম বুষ্টাৰ ভেকছিন হিচাপে গ্ৰহণ কৰিব পাৰি। যদি কোনোবাই ইতিমধ্যে বুষ্টাৰ ভেকছিন গ্ৰহণ কৰিছে, তেন্তে তেওঁক নাকৰ কোভিড ভেকছিন দিয়া নহ'ব।

এই ভেকছিনটো তেওঁলোকৰ বাবে যিসকলে এতিয়ালৈকে বুষ্টাৰ ভেকছিন লাভ কৰা নাই। কো-উইন পৰ্টেলত যদি কোনোবাই চতুৰ্থবাৰৰ বাবে নাকৰ ভেকছিন বুক কৰে, ইয়াক গ্ৰহণ কৰা নহ'ব। ''এন.কে. অৰোৰাৰ মতে, এই ভেকছিনে কেৱল কোভিডৰ বিৰুদ্ধেই নহয়, শ্বাসতন্ত্ৰক আক্ৰমণ কৰা যিকোনো ভাইৰাছৰ বিৰুদ্ধেও শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী গঢ়ি তোলাত সফল হ'ব। 

১৮ বছৰৰ অধিক বয়সৰ যিকোনো লোকে এই ভেকছিনটো ল'ব পাৰে। এই ভেকছিন গ্ৰহণ কৰাৰ পিছত নাকটো কিছু সময়ৰ বাবে বন্ধ থাকিব পাৰে, ইয়াৰ বাহিৰে, এই ভেকছিনৰ আন কোনো পাৰ্শ্বক্ৰিয়া নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু