--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰতিযোগিতা আয়োগে (চিচিআই) ২০২২ চনৰ অক্টোবৰত গুগলৰ ওপৰত ১,৩৩৮ কোটি টকাৰ জৰিমনা আৰোপ কৰিছিল, যিটো কোম্পানীটোৱে এনচিএলএটিতো প্ৰত্যাহ্বান জনাইছিল।

ভাৰতীয় প্ৰতিযোগিতা আয়োগে গুগলক ১,৩৩৮ কোটি টকাৰ জৰিমনা বিহিছিল। গুগল এতিয়া এই বিষয়টোা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত উপস্থিত হ’ব লগীয়া হৈছে। এই গোচৰটোৰ শুনানি অহা ১৬ জানুৱাৰীত গ্ৰহণ কৰা হ’ব । গুগলে কয় যে ,আয়োগৰ আদেশ ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। এই নিৰ্দেশনাবোৰ অনুসৰণ কৰিলে যোৱা ১৫ বছৰত এণ্ড্ৰইডৰ বিকাশ বন্ধ হ'ব। 

উল্লেখ্য যে, চিচিআইয়ে বজাৰত ইয়াৰ আধিপত্যৰ অপব্যৱহাৰ কৰাৰ বাবে গুগলৰ ওপৰত এই জৰিমনা আৰোপ কৰিছে। গুগলে কৈছে যে এই আদেশটোৱে ভাৰতৰ মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ বিফলতাৰ সৃষ্টি কৰিব। এণ্ড্ৰইড ম'বাইল ডিভাইচসমূহ ভাৰতত যথেষ্ট ব্যয়বহুল হৈ পৰিব।

একেসময়তে ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণেও (এনচিএলএটি) গুগলক এক ডাঙৰ আঘাত হানিছিল। এনচিএলএটিয়ে প্লে ষ্ট'ৰৰ নীতিৰ সন্দৰ্ভত ইয়াৰ আধিপত্যৰ অপব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় প্ৰতিযোগিতা আয়োগে (চিচিআই) আৰোপ কৰা জৰিমনাসন্দৰ্ভত গুগলক অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। যোৱা সপ্তাহত, এনচিএলএটিয়ে গুগলক চিচিআইয়ে আৰোপ কৰা ১,৩৩৭,৭৬ কোটি টকাৰ জৰিমনাৰ ১০ শতাংশ জমা দিবলৈ নিৰ্দেশ দিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু