--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চোৰ আৰু ডকাইতৰ সন্ধানত নহয়, যোৱা ৩৬ ঘণ্টাত মীৰাট আৰক্ষীয়ে ঘৰে ঘৰে জাৰ্মান শ্বেফাৰ্ডৰ সন্ধানত অভিযান চলাই আহিছে। কুকুৰটো মীৰাটৰ আৰক্ষী আয়ুক্ত চেলভা কুমাৰী জেৰ পোহনীয়া জন্তু। 

সংবাদ মাধ্যমৰ খবৰ অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত আৰক্ষী আয়ুক্তৰ পোহনীয়া জন্তু ‘ইকো’ ‘নিৰুদ্দেশ’ হৈ পৰে। উপায়ুক্তৰ ঘৰৰ মানুহৰ পৰা আৰম্ভ কৰি তেওঁৰ নিৰাপত্তাৰ বাবে নিয়োজিত প্ৰহৰীলৈকে জাৰ্মান শ্বেফাৰ্ডক উন্মাদভাৱে তালাচী চলোৱাৰ পিছতো পোৱা নগ’ল। পিছদিনা দুপৰীয়া পৌৰসভাৰ পশু কল্যাণ বিষয়া তথা চিকিৎসক হৰপাল সিং এটা দলৰ সৈতে আৰক্ষীৰ ঘৰত হাজিৰ হয়। পোহনীয়া জন্তুটোৰ ফটো লৈ আন এক ৰাউণ্ডৰ অনুসন্ধান চলোৱা হয়। অৱশ্যে তেওঁলোকে ‘ইকো’ক বিচাৰি নাপালে। ইয়াৰ পিছতে ইয়াৰ সন্ধানত মহানগৰীত তালাচী অভিযান আৰম্ভ কৰা হয়।

পৌৰসভাৰ ৰেকৰ্ড অনুসৰি মেৰুটত মুঠ ১৯ জন জাৰ্মান শ্বেফাৰ্ড আছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, মহানগৰীৰ যিকোনো বাসিন্দাই মালিকৰ পোহনীয়া জন্তুটো লুকুৱাই ৰাখিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ফলত যোৱা ডেৰ দিনত মীৰাটৰ কমেও ৫০০ ঘৰত আৰক্ষীয়ে তালাচী চলাইছে। অঞ্চলটোৰ চিচিটিভি ফুটেজকো তদন্ত কৰি থকা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস