--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বজাৰত এতিয়া জুই লাগিছে। প্ৰতিপদ সামগ্ৰীৰে দাম অকল্পনীয় ভাবে বৃদ্ধি পাইছে।এনে সময়তে  বিলাহীৰ দাম একে কোবে ১৯০০ শতাংশ বৃদ্ধি পাইছে। মে’ মাহত দেশৰ প্ৰায়ভাগ বজাৰতে বিলাহীৰ প্ৰতি কিলোগ্ৰামত দাম আছিল ৫-১০ টকা। কিন্তু জুন মাহৰ শেষৰ পিনে বিলাহীৰ দাম একেকোবে প্ৰায় ১৯০০ শতাংশ বৃদ্ধি পাই কিলোগ্ৰামে প্ৰতি  ১০০ টকা হৈছে। ফলত সাধাৰণ লোকৰ বাবে বিলাহী হৈ পৰিছে দুৰ্মূল্য পাচলি।  

দেশৰ বেছিভাগ বজাৰত বিলাহীৰ মূল্য মঙলবাৰে  প্ৰতি কিলোগ্ৰামত ১০০ টকা অতিক্ৰম কৰিছে। পাইকাৰী বজাৰত বিলাহী প্ৰতি কিলোগ্ৰামত ৬৫-৭০ টকাত বিক্ৰী  হৈছে। এসপ্তাহ আগতে পাইকাৰী বজাৰত বিলাহী প্ৰতি কিলোগ্ৰামত ৩০-৩৫  টকাত বিক্ৰী কৰা হৈছিল। খুচুৰা বজাৰত ইয়াৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত প্ৰায় ৪০-৫০ টকা। অৰ্থাৎ বিলাহীৰ মূল্য মাত্ৰ কেইদিনমানৰ ভিতৰতে প্ৰায় দুগুণ হৈ পৰিছে।

মে’  মাহত, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰকে ধৰি বহু ৰাজ্যত বিলাহী প্ৰতি কিলোগ্ৰামত ২-৫ টকাত বিক্ৰী হৈছিল। অৰ্থাৎ সেইবোৰ ৰাজ্যত এমাহৰ ভিতৰত  বিলাহীৰ মূল্য ১৯০০% বৃদ্ধি হৈছে।দিল্লীত বিলাহী প্ৰতি কিলোগ্ৰামত ৭০-১০০টকাত বিক্ৰী  হৈছে।
 মধ্য প্ৰদেশত বিলাহী ৮০-১০০ টকা, উত্তৰ প্ৰদেশত ৮০-১০০ টকা, ৰাজস্থানত ৯০-১১০ টকা, অসমত ১০০ টকা  আৰু পঞ্জাৱত ৬০-৮০ টকাত বিক্ৰী হৈছে।বহু ৰাজ্যত হোৱা প্ৰচুৰ  বৰষুণৰ ফলত বিলাহীৰ শস্যপথাৰ ক্ষতিগ্ৰস্ত হৈছে।দেশৰ বহু  অংশত তীব্ৰ তাপ প্ৰবাহ হৈছে।  যাৰ ফলত বিলাহীৰ  উৎপাদন হ্ৰাস পাইছে। ইয়াৰ ফলতে পাচলি বিধৰ দাম অভাৱনীয়ভাবে বৃদ্ধি পোৱা বুলি বহুতে ধাৰণা কৰিছে।


মহাৰাষ্ট্ৰৰ নাৰায়ণগাঁও অঞ্চলৰ এজন কৃষক অজয় বেলহেকাৰে কৈছিল যে মে মাহত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত ২ টকালৈ হ্ৰাস পাইছিল। কৃষকসকলে উপযুক্ত মূল্যৰ অভাৱৰ বাবে শস্যত কীটনাশক আৰু সাৰ ব্যৱহাৰ কৰা নাছিল। ফলত  শস্যত ৰোগৰ প্ৰাদুৰ্ভাৱ হয় আৰু উৎপাদন হ্ৰাস হয়। ইয়াৰ ফলত চাহিদা অনুসৰি বিলাহীৰ যোগান ধৰিব পৰা হোৱা নাই।

দিল্লীত বিলাহীৰ যোগান পূৰণ কৰিবলৈ আন ৰাজ্যৰ পৰা বিলাহী আমদানি কৰা হৈছে, যাৰ ফলত পৰিবহন ব্যয় বৃদ্ধি হৈছে।

ৰাষ্ট্ৰীয় উদ্যানশস্য গৱেষণা আৰু উন্নয়ন ফাউণ্ডেচনৰ মতে, চীনৰ পিছত ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ বিলাহী উৎপাদক দেশ। ই প্ৰায় ৭.৮৯ লাখ হেক্টৰ এলেকাৰ পৰা প্ৰতি হেক্টৰত গড়ে প্ৰায় ২৫.০৫ টনকৈ  প্ৰায় ২০ নিযুত টন বিলাহী উৎপাদন কৰে। ৫৬ নিযুত টন বিলাহী উৎপাদনৰ সৈতে চীন শীৰ্ষত আছে।

ভাৰতে ২০২১-২২ বৰ্ষত ২০ নিযুত টনতকৈও অধিক বিলাহী উৎপাদন কৰিছিল। ইয়াত মুখ্যতঃ দুই প্ৰকাৰৰ বিলাহী খেতি কৰা হয়। হাইব্ৰিড আৰু স্থানীয়। মধ্য প্ৰদেশ হৈছে দেশৰ সৰ্ববৃহৎ বিলাহী উৎপাদক ৰাজ্য। ইয়াৰ পিছতে আছে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উৰিষ্যা আৰু গুজৰাট, অসম আদি ৰাজ্য।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস