--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষী বিষয়াৰ চৰকাৰী বাহনত খুন্দা মাৰি গুৰুত্তৰ গোচৰৰ সন্মুখিন হৈছে দক্ষিণ ভাৰতৰ মোহময়ী অভিনেত্ৰী ডিম্পল হায়াথী। ডিম্পলৰ বিৰুদ্ধে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ চৰকাৰী বাহনত খুন্দা মাৰি ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মংগলবাৰে দক্ষিণ এগৰাকী মোহময়ী অভিনেত্ৰী আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে এগৰাকী আই পি এছ বিষয়াৰ বাহনত খুন্দা মৰা অভিযোগত গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি অভিনেত্ৰী ডিম্পল হায়াথী তেওঁৰ বন্ধুগৰাকীৰ সৈতে তেওঁলোকে বাস কৰা হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলৰ এটা এপাৰ্টমেণ্টৰ চেলাৰত ৰখাই থোৱা আৰক্ষী উপ আয়ুক্ত (ট্ৰেফিক-I) ৰাহুল হেগড়েগৰ চৰকাৰী বাহনখনত ইচ্ছাকৃতভাৱে খুন্দা মাৰি ক্ষতিগ্ৰস্ত কৰে।

এই ঘটনাৰ পিছতে আৰক্ষী বিষয়াজনৰ চালকজনে এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ১৭ মে’ত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১ (অন্যায়ভাৱে প্ৰতিবন্ধকতা সৃষ্টি), ৩৫৩ (ৰাজহুৱা কৰ্মচাৰীক কৰ্তব্য পালনত বাধা দিবলৈ আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ২৭৯ (ৰাছ ড্ৰাইভিং) অধীনত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

চালকজনৰ মতে তেওঁলোকে নিয়মিতভাৱে এপাৰ্টমেণ্টৰ চেলাৰৰ নিৰ্ধাৰিত পাৰ্কিং স্থানত গাড়ীখন ৰখাইছিল আৰু অভিনেত্ৰীগৰাকী আৰু তেওঁৰ বন্ধুৱে সঘনাই তেওঁলোকক বাটত বাধা প্ৰদান কৰি আহিছিল।

জুবিলী হিলছ থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, ১৪ মে’ত তেওঁলোকে নিজৰ বাহনখন ওলোটাকৈ লৈ যোৱাৰ সময়ত ইচ্ছাকৃতভাৱে আৰক্ষী গাড়ীখনত খুন্দা মাৰি ক্ষতিসাধন কৰিছিল।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে