--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষী বিষয়াৰ চৰকাৰী বাহনত খুন্দা মাৰি গুৰুত্তৰ গোচৰৰ সন্মুখিন হৈছে দক্ষিণ ভাৰতৰ মোহময়ী অভিনেত্ৰী ডিম্পল হায়াথী। ডিম্পলৰ বিৰুদ্ধে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ চৰকাৰী বাহনত খুন্দা মাৰি ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মংগলবাৰে দক্ষিণ এগৰাকী মোহময়ী অভিনেত্ৰী আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে এগৰাকী আই পি এছ বিষয়াৰ বাহনত খুন্দা মৰা অভিযোগত গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি অভিনেত্ৰী ডিম্পল হায়াথী তেওঁৰ বন্ধুগৰাকীৰ সৈতে তেওঁলোকে বাস কৰা হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলৰ এটা এপাৰ্টমেণ্টৰ চেলাৰত ৰখাই থোৱা আৰক্ষী উপ আয়ুক্ত (ট্ৰেফিক-I) ৰাহুল হেগড়েগৰ চৰকাৰী বাহনখনত ইচ্ছাকৃতভাৱে খুন্দা মাৰি ক্ষতিগ্ৰস্ত কৰে।

এই ঘটনাৰ পিছতে আৰক্ষী বিষয়াজনৰ চালকজনে এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ১৭ মে’ত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১ (অন্যায়ভাৱে প্ৰতিবন্ধকতা সৃষ্টি), ৩৫৩ (ৰাজহুৱা কৰ্মচাৰীক কৰ্তব্য পালনত বাধা দিবলৈ আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ২৭৯ (ৰাছ ড্ৰাইভিং) অধীনত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

চালকজনৰ মতে তেওঁলোকে নিয়মিতভাৱে এপাৰ্টমেণ্টৰ চেলাৰৰ নিৰ্ধাৰিত পাৰ্কিং স্থানত গাড়ীখন ৰখাইছিল আৰু অভিনেত্ৰীগৰাকী আৰু তেওঁৰ বন্ধুৱে সঘনাই তেওঁলোকক বাটত বাধা প্ৰদান কৰি আহিছিল।

জুবিলী হিলছ থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, ১৪ মে’ত তেওঁলোকে নিজৰ বাহনখন ওলোটাকৈ লৈ যোৱাৰ সময়ত ইচ্ছাকৃতভাৱে আৰক্ষী গাড়ীখনত খুন্দা মাৰি ক্ষতিসাধন কৰিছিল।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু