--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ হোটেলৰ ব্যৱসায়ত নামিব বলীউডৰ ভাইজান ছলমান খান। প্ৰায় ১৯ মহলীয়া এখন বিলাসী হোটেল নিৰ্মাণ কৰি আছে ছলমানে। কোটি কোটি টকাৰ গৰাকী হোৱাৰ পিছতো অভিনেতাগৰাকীয়ে এতিয়াও পিতৃ-মাতৃৰ সৈতে গেলাক্সি এপাৰ্টমেণ্টৰ এটা সৰু কোঠাত থাকে। 

উল্লেখ্য যে ছলমানৰ শেহতীয়াকৈ মুক্তি পোৱা ‘কিছি কা ভাই কিছি কা জান’ ছবিখনে বক্স অফিচত বিশেষ ভাল প্ৰদৰ্শন নকৰিলে। এই সকলোবোৰৰ মাজতে ছলমান খানে হোটেল খুলিবলৈ ওলাইছে।

সূত্ৰ অনুসৰি বিএমচিয়ে ইতিমধ্যে হোটেলখনৰ ব্লুপ্ৰিণ্ট ছীল কৰিছে। এটা সময়ত এই মাটিখিনি ষ্টাৰলেট সমবায় গৃহ নিৰ্মাণ সমিতিৰ আছিল। অৱশ্যে কেইবাবছৰ পূৰ্বে খান পৰিয়ালে সেয়া ক্ৰয় কৰিছিল।

প্ৰথমে খান পৰিয়ালে ইয়াত এটা বাসগৃহ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু এতিয়া সেই পৰিকল্পনা সলনি হৈছে। এতিয়া সেই ঠাইত বিলাসী হোটেল নিৰ্মাণ কৰিব চুপাৰষ্টাৰ চলমান খানে।

বহু সম্পত্তিৰ মালিক ছলমান খান। এইবাৰ মুম্বাইৰ বিলাসী হোটেলবোৰৰ তালিকাত বান্দ্ৰাৰ কাৰ্টাৰ ৰোডত থকা ছলমানৰ হোটেলখনো যোগ হ’বলৈ গৈ আছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু