--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ ভগ্নী ৱাই এছ শৰ্মিলাক এগৰাকী আৰক্ষী বিষয়াক চৰ মৰা অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, তেলেংগানাৰ চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে ফাদিল হোৱা প্ৰশ্নকাকতক লৈ সোমবাৰে হায়দৰাবাদত শৰ্মিলাৰ দল ৱাই এছ আৰ তেলেংগানা পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই সময়তে ঘটনাটো সংঘটিত হৈছিল।

প্ৰসংগক্ৰমে তেলেংগানা লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাত এতিয়ালৈকে এছ আই টিয়ে ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে। চৰকাৰী নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত বিশেষ তদন্তকাৰী দলৰ কাৰ্যালয়লৈ গৈ থকা অৱস্থাত তেলেংগানা আৰক্ষীয়ে শৰ্মিলা আৰু তেওঁৰ অনুগামীৰ গাড়ীখন আটক কৰে, সেই সময়তে তেওঁ এজন আৰক্ষী বিষয়াক চৰ মাৰিছিল বুলি অভিযোগ উঠিছে।

এই ঘটনাৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে সংবাদ সংস্থা এএনআইয়ে।  যেতিয়া তেওঁক ছিট অফিচত প্ৰৱেশ কৰাত বাধা দিয়া হয়, তেতিয়া কেইবা মিনিটমান ৰাস্তাত বহি শৰ্মিলে প্ৰতিবাদ সাব্যস্ত কৰে। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জগনৰ সৈতে হোৱা মতানৈক্যৰ বাবে শৰ্মিলাই দুবছৰমান পূৰ্বে তেলেংগানাৰ ৱাই এছ আৰ কংগ্ৰেছ ত্যাগ কৰি প্ৰয়াত পিতৃৰ নামেৰে এটা নতুন দল গঠন কৰিছিল। জগন-শৰ্মিলাৰ মাতৃ বিজয়ম্মাও পিছত এই গোটত যোগদান কৰে। জগন শিবিৰৰ দাবী যে হায়দৰাবাদৰ বাসিন্দা শৰ্মিলাই অন্ধ্ৰপ্ৰদেশতকৈ তেলেংগানাৰ স্বাৰ্থক অধিক গুৰুত্ব দিব বিচাৰে। গতিকে তেওঁ এটা নতুন দল গঠন কৰিলে।

প্ৰসংগক্ৰমে ২০০৯ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত অখণ্ড অন্ধ্ৰ তদানীন্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ৱাই এছ ৰাজাশেখৰ ৰেড্ডীৰ মৃত্যু হৈছিল। বিজয়ম্মাই মৃত্যুৰ সময়ত খালী হোৱা কৰপ্পা জিলাৰ পুলিভেন্দুলা বিধানসভাৰ আসনৰ উপ-নিৰ্বাচনত জয়লাভ কৰে। কিন্তু কংগ্ৰেছ নেতৃত্বৰ সৈতে  মতানৈক্যৰ বাবে ২০১১ চনত ৰাজশেখৰ-পুত্ৰ জগানে নতুন দল ৱাই এছ আৰ কংগ্ৰেছ গঠন কৰিছিল। তেওঁৰ লগত আছিল মাতৃ বিজয়ম্মা আৰু ভগ্নী শৰ্মিলা।

ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে, সংযুক্ত অন্ধ্ৰপ্ৰদেশৰ বিভাজনৰ কঠোৰ বিৰোধী হিচাপে জগানৰ ভাবমূৰ্তি তেলেংগানাত ভাল নহয়। ২০১৪ চনত তেওঁৰ দল ৱাই এছ আৰ কংগ্ৰেছেও তেলেংগানা গঠনৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। সেইবাবেই শৰ্মিলাই তেলেংগানাত প্ৰয়াত ৰাজশেখৰৰ নামত নতুন দল গঠন কৰি গণভিত্তি লাভ কৰিব বিচাৰিছে। শেহতীয়াকৈ তেওঁ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement