--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ ভগ্নী ৱাই এছ শৰ্মিলাক এগৰাকী আৰক্ষী বিষয়াক চৰ মৰা অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, তেলেংগানাৰ চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে ফাদিল হোৱা প্ৰশ্নকাকতক লৈ সোমবাৰে হায়দৰাবাদত শৰ্মিলাৰ দল ৱাই এছ আৰ তেলেংগানা পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই সময়তে ঘটনাটো সংঘটিত হৈছিল।

প্ৰসংগক্ৰমে তেলেংগানা লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাত এতিয়ালৈকে এছ আই টিয়ে ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে। চৰকাৰী নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত বিশেষ তদন্তকাৰী দলৰ কাৰ্যালয়লৈ গৈ থকা অৱস্থাত তেলেংগানা আৰক্ষীয়ে শৰ্মিলা আৰু তেওঁৰ অনুগামীৰ গাড়ীখন আটক কৰে, সেই সময়তে তেওঁ এজন আৰক্ষী বিষয়াক চৰ মাৰিছিল বুলি অভিযোগ উঠিছে।

এই ঘটনাৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে সংবাদ সংস্থা এএনআইয়ে।  যেতিয়া তেওঁক ছিট অফিচত প্ৰৱেশ কৰাত বাধা দিয়া হয়, তেতিয়া কেইবা মিনিটমান ৰাস্তাত বহি শৰ্মিলে প্ৰতিবাদ সাব্যস্ত কৰে। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জগনৰ সৈতে হোৱা মতানৈক্যৰ বাবে শৰ্মিলাই দুবছৰমান পূৰ্বে তেলেংগানাৰ ৱাই এছ আৰ কংগ্ৰেছ ত্যাগ কৰি প্ৰয়াত পিতৃৰ নামেৰে এটা নতুন দল গঠন কৰিছিল। জগন-শৰ্মিলাৰ মাতৃ বিজয়ম্মাও পিছত এই গোটত যোগদান কৰে। জগন শিবিৰৰ দাবী যে হায়দৰাবাদৰ বাসিন্দা শৰ্মিলাই অন্ধ্ৰপ্ৰদেশতকৈ তেলেংগানাৰ স্বাৰ্থক অধিক গুৰুত্ব দিব বিচাৰে। গতিকে তেওঁ এটা নতুন দল গঠন কৰিলে।

প্ৰসংগক্ৰমে ২০০৯ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত অখণ্ড অন্ধ্ৰ তদানীন্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ৱাই এছ ৰাজাশেখৰ ৰেড্ডীৰ মৃত্যু হৈছিল। বিজয়ম্মাই মৃত্যুৰ সময়ত খালী হোৱা কৰপ্পা জিলাৰ পুলিভেন্দুলা বিধানসভাৰ আসনৰ উপ-নিৰ্বাচনত জয়লাভ কৰে। কিন্তু কংগ্ৰেছ নেতৃত্বৰ সৈতে  মতানৈক্যৰ বাবে ২০১১ চনত ৰাজশেখৰ-পুত্ৰ জগানে নতুন দল ৱাই এছ আৰ কংগ্ৰেছ গঠন কৰিছিল। তেওঁৰ লগত আছিল মাতৃ বিজয়ম্মা আৰু ভগ্নী শৰ্মিলা।

ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে, সংযুক্ত অন্ধ্ৰপ্ৰদেশৰ বিভাজনৰ কঠোৰ বিৰোধী হিচাপে জগানৰ ভাবমূৰ্তি তেলেংগানাত ভাল নহয়। ২০১৪ চনত তেওঁৰ দল ৱাই এছ আৰ কংগ্ৰেছেও তেলেংগানা গঠনৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। সেইবাবেই শৰ্মিলাই তেলেংগানাত প্ৰয়াত ৰাজশেখৰৰ নামত নতুন দল গঠন কৰি গণভিত্তি লাভ কৰিব বিচাৰিছে। শেহতীয়াকৈ তেওঁ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন