--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকায়ুক্ত, আয়কৰ বিভাগে আজি কৰ্ণাটক আৰু তামিলনাডুৰ বিভিন্ন স্থানত তালাচী চলায়৷ তালাচীৰ সময়ত এজন বিষয়াৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে নগদ ধনৰ লগতে বিশাল পৰিমাণৰ সোণৰ আ-অলংকাৰ৷ 

নিৰ্বাচনমুখী কৰ্ণাটকত ৰাজ্য খনৰ  লোকায়ুক্তই   বাংগালুৰুত চলোৱা এক অভিযানত  ব্ৰুহাট বেংগালুৰু মহানগৰ নিগমৰ (বিবিএমপি)  এজন বিষয়াৰ ঘৰত বিশাল পৰিমাণৰ অবৈধ সম্পত্তি জব্দ কৰিছে৷ ১৫ জনতকৈও অধিক বিষয়াই বাংগালুৰুৰ মহালক্ষ্মী লেআউটত থকা  বিবিএমপিৰ বিষয়া গংগাধাৰা

ইয়াৰ ঘৰত তালাচী চলায়। জানিব পৰা মতে বিবিএমপিৰ নগৰ পৰিকল্পনাৰ সহকাৰী সঞ্চালক (এডিটিপি) গংগাধৰিয়াৰ ঘৰত চলোৱা তালাচীৰ নেতৃত্ব দিছিল এজন আৰক্ষী অধীক্ষক (এছপি), দুজন উপ আৰক্ষী অধীক্ষক আৰু এজন পৰিদৰ্শকে।বিষয়াজনৰ ঘৰৰ পৰা বিশাল পৰিমাণৰ নগদ ধন, সোণৰ গহনা উদ্ধাৰ কৰা হয়৷ ইফালে   আয়কৰ চোৰাংচোৱাই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে  ষ্টেলিনৰ জোৱায়েকৰ ঘৰতো তালাচী চলাইছে। 

তামিলনাডু বিজেপিৰ সভাপতি কে. আন্নামালাই কেইদিনমান আগতে 'ডিএমকে ফাইল' প্ৰকাশ কৰি অভিযোগ কৰিছিল যে ষ্টেলিনৰ পুত্ৰ আৰু বৰ্তমানৰ মন্ত্ৰী উদয়নিধি ষ্টেলিন আৰু তেওঁৰ জোৱায়েক  চাবৰীচানে স্বীকৃত উপাৰ্জনৰ উৎসতকৈ বহু বেছি উপাৰ্জন কৰিছে।সেই সময়ত  ষ্টেলিন তেওঁৰ পিতৃ কৰুণানিধিৰ কেবিনেটত উপ মুখ্যমন্ত্ৰী আছিল৷ সোমবাৰে, আয়কৰ বিভাগে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনৰ ঘনিষ্ঠ বিশ্বাসী ডিএমকে বিধায়ক এম.কে. মোহনৰ ঘৰতো তালাচী চলায়। এটা ৰিয়েল ইষ্টেট কৰ্পোৰেচনৰ কাৰ্যালয়তো একেসময়তে  অভিযান চলোৱা হৈছে। আই-টি বিভাগৰ চোৰাংচোৱাসকলে চাবৰীচানৰ অডিটৰ চানমুগাৰাজৰ বাসগৃহতো তালাচী চলাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন