--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকায়ুক্ত, আয়কৰ বিভাগে আজি কৰ্ণাটক আৰু তামিলনাডুৰ বিভিন্ন স্থানত তালাচী চলায়৷ তালাচীৰ সময়ত এজন বিষয়াৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে নগদ ধনৰ লগতে বিশাল পৰিমাণৰ সোণৰ আ-অলংকাৰ৷ 

নিৰ্বাচনমুখী কৰ্ণাটকত ৰাজ্য খনৰ  লোকায়ুক্তই   বাংগালুৰুত চলোৱা এক অভিযানত  ব্ৰুহাট বেংগালুৰু মহানগৰ নিগমৰ (বিবিএমপি)  এজন বিষয়াৰ ঘৰত বিশাল পৰিমাণৰ অবৈধ সম্পত্তি জব্দ কৰিছে৷ ১৫ জনতকৈও অধিক বিষয়াই বাংগালুৰুৰ মহালক্ষ্মী লেআউটত থকা  বিবিএমপিৰ বিষয়া গংগাধাৰা

ইয়াৰ ঘৰত তালাচী চলায়। জানিব পৰা মতে বিবিএমপিৰ নগৰ পৰিকল্পনাৰ সহকাৰী সঞ্চালক (এডিটিপি) গংগাধৰিয়াৰ ঘৰত চলোৱা তালাচীৰ নেতৃত্ব দিছিল এজন আৰক্ষী অধীক্ষক (এছপি), দুজন উপ আৰক্ষী অধীক্ষক আৰু এজন পৰিদৰ্শকে।বিষয়াজনৰ ঘৰৰ পৰা বিশাল পৰিমাণৰ নগদ ধন, সোণৰ গহনা উদ্ধাৰ কৰা হয়৷ ইফালে   আয়কৰ চোৰাংচোৱাই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে  ষ্টেলিনৰ জোৱায়েকৰ ঘৰতো তালাচী চলাইছে। 

তামিলনাডু বিজেপিৰ সভাপতি কে. আন্নামালাই কেইদিনমান আগতে 'ডিএমকে ফাইল' প্ৰকাশ কৰি অভিযোগ কৰিছিল যে ষ্টেলিনৰ পুত্ৰ আৰু বৰ্তমানৰ মন্ত্ৰী উদয়নিধি ষ্টেলিন আৰু তেওঁৰ জোৱায়েক  চাবৰীচানে স্বীকৃত উপাৰ্জনৰ উৎসতকৈ বহু বেছি উপাৰ্জন কৰিছে।সেই সময়ত  ষ্টেলিন তেওঁৰ পিতৃ কৰুণানিধিৰ কেবিনেটত উপ মুখ্যমন্ত্ৰী আছিল৷ সোমবাৰে, আয়কৰ বিভাগে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনৰ ঘনিষ্ঠ বিশ্বাসী ডিএমকে বিধায়ক এম.কে. মোহনৰ ঘৰতো তালাচী চলায়। এটা ৰিয়েল ইষ্টেট কৰ্পোৰেচনৰ কাৰ্যালয়তো একেসময়তে  অভিযান চলোৱা হৈছে। আই-টি বিভাগৰ চোৰাংচোৱাসকলে চাবৰীচানৰ অডিটৰ চানমুগাৰাজৰ বাসগৃহতো তালাচী চলাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement