--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত নিৰাপত্তাহীনতাত ভুগিছে স্বয়ং এজন বিধায়ক৷ উত্তৰ প্ৰদেশৰ পৰা পোহৰলৈ আহিছে এজন বিজেপি বিধায়কৰ পত্নীৰ নিৰুদ্দেশৰ খবৰ। চুলতানপুৰ জিলাৰ লম্ভুৱা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক সীতানাথ বাৰ্মাৰ পত্নী মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা তথ্য অনুসৰি বিজেপি বিধায়ক সীতাৰাম বাৰ্মাৰ পত্নী লক্ষ্ণৌৰ ইন্দিৰানগৰ বাসগৃহৰ পৰা মঙলবাৰৰ পুৱা হঠাতে সন্ধানহীন হৈ পৰে।

ইয়াৰ পাছত পৰিয়ালৰ লোকে বিয়লিলৈকে মহিলাগৰাকীক বিচাৰে যদিও বিচাৰি উলিওৱাত ব্যৰ্থ হয়৷পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ পুত্ৰই গাজীপুৰ থানাত এফআইআৰ দাখিল কৰে। জানিব পৰা মতে বিজেপি বিধায়কগৰাকীৰ পত্নী দীৰ্ঘদিন ধৰি স্মৃতি হেৰাই যোৱা ৰোগত আক্ৰান্ত হৈ আছিল৷

উল্লেখ্য যে সীতাৰাম বাৰ্মা চুলতানপুৰৰ লম্ভুৱা সমষ্টিৰ বিজেপি বিধায়ক।আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে পুৱা প্ৰায় ৯ বজাত ইন্দিৰানগৰৰ অৰবিন্দ পাৰ্ক চৌকৰ সমীপত পুষ্পা বাৰ্মাক দেখা গৈছিল। ইতিমধ্যে চিচিটিভি কেমেৰাৰ সহায়ত তালাচী চলোৱা হৈছে।এই কাৰ্যত ৬টা আৰক্ষী দলক প্ৰেৰণ কৰা হৈছে৷ তদুপৰি মহিলাগৰাকীক সন্ধানৰ ক্ষেত্ৰত আৰক্ষীয়ে সামাজিক মাধ্যমৰো সহায় লৈছে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ