--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত নিৰাপত্তাহীনতাত ভুগিছে স্বয়ং এজন বিধায়ক৷ উত্তৰ প্ৰদেশৰ পৰা পোহৰলৈ আহিছে এজন বিজেপি বিধায়কৰ পত্নীৰ নিৰুদ্দেশৰ খবৰ। চুলতানপুৰ জিলাৰ লম্ভুৱা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক সীতানাথ বাৰ্মাৰ পত্নী মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা তথ্য অনুসৰি বিজেপি বিধায়ক সীতাৰাম বাৰ্মাৰ পত্নী লক্ষ্ণৌৰ ইন্দিৰানগৰ বাসগৃহৰ পৰা মঙলবাৰৰ পুৱা হঠাতে সন্ধানহীন হৈ পৰে।

ইয়াৰ পাছত পৰিয়ালৰ লোকে বিয়লিলৈকে মহিলাগৰাকীক বিচাৰে যদিও বিচাৰি উলিওৱাত ব্যৰ্থ হয়৷পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ পুত্ৰই গাজীপুৰ থানাত এফআইআৰ দাখিল কৰে। জানিব পৰা মতে বিজেপি বিধায়কগৰাকীৰ পত্নী দীৰ্ঘদিন ধৰি স্মৃতি হেৰাই যোৱা ৰোগত আক্ৰান্ত হৈ আছিল৷

উল্লেখ্য যে সীতাৰাম বাৰ্মা চুলতানপুৰৰ লম্ভুৱা সমষ্টিৰ বিজেপি বিধায়ক।আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে পুৱা প্ৰায় ৯ বজাত ইন্দিৰানগৰৰ অৰবিন্দ পাৰ্ক চৌকৰ সমীপত পুষ্পা বাৰ্মাক দেখা গৈছিল। ইতিমধ্যে চিচিটিভি কেমেৰাৰ সহায়ত তালাচী চলোৱা হৈছে।এই কাৰ্যত ৬টা আৰক্ষী দলক প্ৰেৰণ কৰা হৈছে৷ তদুপৰি মহিলাগৰাকীক সন্ধানৰ ক্ষেত্ৰত আৰক্ষীয়ে সামাজিক মাধ্যমৰো সহায় লৈছে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু