--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ বালাঘাটত আৰক্ষীৰ সৈতে হোৱা গুলীচালনাত দুগৰাকী মাওবাদী নেতাৰ মৃত্যু হৈছে। বালাঘাটৰ আৰক্ষী অধীক্ষক সমীৰ সৌৰভে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, শুকুৰবাৰে নিশা মহাৰাষ্ট্ৰ সীমান্ত এলেকাত চিপিআই (মাওবাদী) গেৰিলাৰ সৈতে হোৱা আৰক্ষীৰ সংঘৰ্ষত মাওবাদী নেতা দুগৰাকী সুনীতা আৰু সৰিতা নিহত হয়।

সমীৰে কয় যে মৃত সুনীতা ছত্তীশগড় সীমান্ত অঞ্চলত সক্ৰিয় ভোৰামদেউ সমিতিৰ অধিনায়ক আছিল। সৰিতা বালাঘাটৰ সমীপৱৰ্তী মধ্যপ্ৰদেশৰ মণ্ডল জিলাৰ খাটিয়া-মোচা আঞ্চলিক সমিতিৰ সদস্য আছিল। মাওবাদী গেৰিলা বাহিনীৰ ভিষ্টাৰ গোটত তেওঁ সক্ৰিয় আছিল। আৰক্ষী অধীক্ষকে কয় যে, "হত্যা কৰা মাওবাদী নেতা দুজনৰ ওপৰত ১৪ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।"

আৰক্ষীৰ তথ্য অনুসৰি ৰাইফল, কাৰ্টিজ, বিস্ফোৰক আৰু নক্সালবাদী মেগজিন উদ্ধাৰ কৰা হৈছে। আৰক্ষী সূত্ৰই দাবী কৰিছে যে মধ্যপ্ৰদেশৰ কানহা বাঘ প্ৰকল্প, ফেন অভয়াৰণ্য আৰু লাগোয়া ছত্তীশগড়ৰ ভোৰামদেও অভয়াৰণ্যৰ বালাঘাট আৰু মণ্ডল জিলাৰ গাতে লাগি থকা অঞ্চলসমূহত কেইবাদিনো ধৰি মাওবাদী ‘কাৰ্য্যকলাপ’ৰ খবৰ আহিছে। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ পিছত সেই অঞ্চলসমূহত তালাচী অভিযান আৰম্ভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা