--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ বালাঘাটত আৰক্ষীৰ সৈতে হোৱা গুলীচালনাত দুগৰাকী মাওবাদী নেতাৰ মৃত্যু হৈছে। বালাঘাটৰ আৰক্ষী অধীক্ষক সমীৰ সৌৰভে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, শুকুৰবাৰে নিশা মহাৰাষ্ট্ৰ সীমান্ত এলেকাত চিপিআই (মাওবাদী) গেৰিলাৰ সৈতে হোৱা আৰক্ষীৰ সংঘৰ্ষত মাওবাদী নেতা দুগৰাকী সুনীতা আৰু সৰিতা নিহত হয়।

সমীৰে কয় যে মৃত সুনীতা ছত্তীশগড় সীমান্ত অঞ্চলত সক্ৰিয় ভোৰামদেউ সমিতিৰ অধিনায়ক আছিল। সৰিতা বালাঘাটৰ সমীপৱৰ্তী মধ্যপ্ৰদেশৰ মণ্ডল জিলাৰ খাটিয়া-মোচা আঞ্চলিক সমিতিৰ সদস্য আছিল। মাওবাদী গেৰিলা বাহিনীৰ ভিষ্টাৰ গোটত তেওঁ সক্ৰিয় আছিল। আৰক্ষী অধীক্ষকে কয় যে, "হত্যা কৰা মাওবাদী নেতা দুজনৰ ওপৰত ১৪ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।"

আৰক্ষীৰ তথ্য অনুসৰি ৰাইফল, কাৰ্টিজ, বিস্ফোৰক আৰু নক্সালবাদী মেগজিন উদ্ধাৰ কৰা হৈছে। আৰক্ষী সূত্ৰই দাবী কৰিছে যে মধ্যপ্ৰদেশৰ কানহা বাঘ প্ৰকল্প, ফেন অভয়াৰণ্য আৰু লাগোয়া ছত্তীশগড়ৰ ভোৰামদেও অভয়াৰণ্যৰ বালাঘাট আৰু মণ্ডল জিলাৰ গাতে লাগি থকা অঞ্চলসমূহত কেইবাদিনো ধৰি মাওবাদী ‘কাৰ্য্যকলাপ’ৰ খবৰ আহিছে। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ পিছত সেই অঞ্চলসমূহত তালাচী অভিযান আৰম্ভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে