--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ তথা বিধায়ক তথা ‘গেংষ্টাৰ’ আতিক আহমেদৰ হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ আল কায়দা ইন ইণ্ডিয়ান চাব-কণ্টিনেণ্টে। ভাৰতত আক্ৰমণ সংঘটিত চলাব বুলিও সকীয়াই দিছে উগ্ৰপন্থী সংগঠনটোৱে।

ঈদ উপলক্ষে আল কায়দাই সাত পৃষ্ঠাৰ এখন আলোচনী প্ৰকাশ কৰে। ইয়াত আতিক আহমেদক ‘শ্বহীদ’ বুলি উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰাফক আলোচনীখনত প্ৰশংসা কৰা হৈছে৷

১৫ এপ্ৰিলত আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰাফক প্ৰয়াগৰাজ হাস্পতাললৈ গধুৰ আৰক্ষীৰ পহৰা দি শাৰীৰিক পৰীক্ষাৰ বাবে লৈ যোৱা হয়। চিকিৎসালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে দুই ভাতৃয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আছিল। সেই সময়ত হঠাৎ সাংবাদিকৰ ভিৰৰ মাজত যোগদান কৰা আক্ৰমণকাৰীয়ে আতিকক মূৰত আৰু তাৰ পিছত পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা দ্ৰুত একেৰাহে গুলী চলায়। থিতাতে আতিক আৰু আশ্ৰফৰ মৃত্যু হয়।

এই ঘটনাৰ সৈতে জড়িত তিনিজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোক হৈছে লাবলেশ, ছানি আৰু অৰুণ। আটাইকেইজনেই উত্তৰ প্ৰদেশৰ বাসিন্দা। আতিক হত্যাৰ আঁৰত কোনো ডাঙৰ ষড়যন্ত্ৰ আছিল নেকি সেই বিষয়ে জানিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে বিশেষ তদন্তকাৰী দল গঠন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে