--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ তথা বিধায়ক তথা ‘গেংষ্টাৰ’ আতিক আহমেদৰ হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ আল কায়দা ইন ইণ্ডিয়ান চাব-কণ্টিনেণ্টে। ভাৰতত আক্ৰমণ সংঘটিত চলাব বুলিও সকীয়াই দিছে উগ্ৰপন্থী সংগঠনটোৱে।

ঈদ উপলক্ষে আল কায়দাই সাত পৃষ্ঠাৰ এখন আলোচনী প্ৰকাশ কৰে। ইয়াত আতিক আহমেদক ‘শ্বহীদ’ বুলি উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰাফক আলোচনীখনত প্ৰশংসা কৰা হৈছে৷

১৫ এপ্ৰিলত আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰাফক প্ৰয়াগৰাজ হাস্পতাললৈ গধুৰ আৰক্ষীৰ পহৰা দি শাৰীৰিক পৰীক্ষাৰ বাবে লৈ যোৱা হয়। চিকিৎসালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে দুই ভাতৃয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আছিল। সেই সময়ত হঠাৎ সাংবাদিকৰ ভিৰৰ মাজত যোগদান কৰা আক্ৰমণকাৰীয়ে আতিকক মূৰত আৰু তাৰ পিছত পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা দ্ৰুত একেৰাহে গুলী চলায়। থিতাতে আতিক আৰু আশ্ৰফৰ মৃত্যু হয়।

এই ঘটনাৰ সৈতে জড়িত তিনিজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোক হৈছে লাবলেশ, ছানি আৰু অৰুণ। আটাইকেইজনেই উত্তৰ প্ৰদেশৰ বাসিন্দা। আতিক হত্যাৰ আঁৰত কোনো ডাঙৰ ষড়যন্ত্ৰ আছিল নেকি সেই বিষয়ে জানিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে বিশেষ তদন্তকাৰী দল গঠন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী