--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষী বাহিনীত যোগদান কৰিব এসময়ৰ পৰ্ণ ছবিৰ অভিনেত্ৰী ছানী লিয়নীয়ে! ইতিমধ্যে তেওঁ   আৰক্ষী বাহিনীৰ পৰীক্ষাত বহাৰ বাবে  আবেদনো কৰিছে! আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ডত ছানী লিয়নীৰ ফটোৰ সৈতে তেওঁৰ নাম জিলিকি আছে। এই এডমিট কাৰ্ডখনৰ ছবিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সেই এডমিট কাৰ্ড খন প্ৰকৃত নে ভুৱা সেই বিষয়ে ৰহস্যৰ সৃষ্টি হৈছে। ঘটনাটো উত্তৰ প্ৰদেশৰ। উত্তৰ প্ৰদেশ আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষা ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। এডমিট কাৰ্ডৰ মতে ছানীয়ে সেই পৰীক্ষাত বহিবলৈ আবেদন কৰিছিল! পৰীক্ষা কেন্দ্ৰৰ নাম সংশ্লিষ্ট প্ৰৱেশ পত্ৰত উল্লেখ কৰা হৈছিল। কনৌজৰ তিৰৱাৰ  সোনাশ্ৰী মেম'ৰিয়েল গাৰ্লছ স্কুলত ছানীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল। অৱশ্যে, বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমক কয়  যে এডমিট কাৰ্ডৰ 'গৰাকী'য়ে পৰীক্ষা দিবলৈ অহা নাছিল।

এয়া  এতিয়াও স্পষ্ট হোৱা নাই যে এডমিট কাৰ্ডখন কেনেকৈ প্ৰস্তুত কৰা  হৈছিল বা কোনে 'ছানী লিয়নী'ৰ নামত আবেদন কৰিছিল। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এডমিট কাৰ্ডত উল্লেখ কৰা ম'বাইল নম্বৰটো উত্তৰ প্ৰদেশৰ মহোৰে অঞ্চলৰ এজন লোকৰ । ইয়াৰ উপৰি পূৰণ কৰা পঞ্জীয়ন প্ৰপত্ৰখনত মুম্বাইৰ ঠিকনা আছে। আৰক্ষীয়ে প্ৰথমতে ধাৰণা কৰিছিল যে কোনোবাই ভুৱা নাম, ঠিকনা আৰু ফটোৰ সৈতে আৰক্ষীৰ চাকৰিৰ পৰীক্ষাৰ বাবে আবেদন কৰিছিল। 
এজন আৰক্ষী বিষয়াই সংবাদ সংস্থাক   দিয়া এক সাক্ষাৎকাৰত বিষয়টো নিশ্চিত কৰিছে । তেওঁ কয় যে এডমিট কাৰ্ডখন ভুৱা আছিল। উল্লেখিত ম'বাইল নম্বৰ থকা গ্ৰাহকজনৰ সৈতে যোগাযোগ কৰা হৈছে আৰু দেখা গৈছে যে তেওঁ কেতিয়াও পৰীক্ষাৰ বাবে আবেদন কৰা নাছিল। আৰক্ষীয়ে  তেওঁক তেওঁৰ আধাৰ কাৰ্ডৰ লগত লৈ থানাত  উপস্থিত হ'বলৈ কৈছে। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কনৌজ আৰক্ষী থানাৰ চাইবাৰ চেলে ঘটনাটোৰ তদন্ত কৰি আছে। আৰক্ষী বিষয়াজনে এইবুলিও  কয়  যে ভুৱা নামেৰে  প্ৰাৰ্থী হিচাপে নিযুক্তি পৰীক্ষাৰ বাবে আবেদন কৰাৰ ঘটনাটো নতুন নহয়। যোৱা কেইদিনমানত এনেধৰণৰ বহু  অভিযোগ আহিছে। সমগ্ৰ উত্তৰ প্ৰদেশত অভিযান চলাই  এনে অপৰাধ সন্দৰ্ভত ১০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 
অতীততো  চৰকাৰী চাকৰি পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ ছানী লিয়নীৰ নাম আৰু ফটো দুষ্টচক্ৰই ব্যৱহাৰ কৰিছিল। ২০২২ চনত, এগৰাকী মহিলাই ছানিৰ নাম আৰু ফটো ব্যৱহাৰ কৰি কৰ্ণাটক প্ৰাথমিক শিক্ষক নিযুক্তি পৰীক্ষাৰ বাবে আবেদন কৰিছিল। আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াই  জেৰা কৰিছিল। অৱশ্যে, মহিলাগৰাকীয়ে আৰক্ষীক কৈছিল যে তেওঁ এই বিষয়ে একো নাজানে। পিছত, আৰক্ষীয়ে জানিব পাৰিছিল  যে মহিলাগৰাকীৰ এজন পৰিচিত ব্যক্তিয়ে 'ইচ্ছাকৃতভাৱে' এই কাৰ্য্য কৰিছিল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু