--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋণে যেন ডিঙিলৈকে পুতি পেলাইছিল লোক জনক। ঋণ ওভতাই বিচাৰি হেঁচা দিয়া লোকৰো সংখ্যা দিনক দিনে বাঢ়ি গৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৱশেষত ঋণগ্ৰস্ত পিতৃয়ে তেওঁৰ তিনিটা সন্তানক জ্বলাই হত্যা কৰিলে। তাৰ পিছত তেওঁ নিজেও আত্মহত্যাৰ চেষ্টা চলায় যদিও তেওঁৰ প্ৰাণ ৰক্ষা পৰে।  ঘটনাটো  বিহাৰৰ কাটিহাৰ জিলাত সংঘটিত হৈছে। ইতিমধ্যে লোক জনৰ তিনিওটা সন্তানৰে মৃত্যু ঘটিছে। পিতৃ এতিয়া  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ঘটনাটো বিহাৰৰ কাটিহাৰ জিলাৰ ভাৰিন গাঁৱত সংঘটিত হৈছে। দীনেশ সিঙৰ তিনিটা সন্তান আছিল। লোকজন  ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈছিল। ঋণ পৰিশোধ কৰিবলৈ অক্ষম হৈ পৰিছিল তেওঁ। অৱশেষত দীনেশে চৰম সিদ্ধান্ত লৈছিল। প্ৰথমে তেওঁ তিনিটা সন্তানৰ  ওপৰত পেট্ৰ'ল ঢালি দিছিল আৰু জুই লগাই দিছিল। পিছত তেঁৱো আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল।  ৰিঙ্কি কুমাৰী (৯) আৰু ৰাজা কুমাৰ (১২) নামৰ দুটি শিশুৰ ঘৰতে মৃত্যু হয়। শুভংকৰ কুমাৰক (১৩) এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও বাটতে তেওঁৰো  মৃত্যু ঘটে।  

আৰক্ষী অধীক্ষক জীতেন্দ্ৰ কুমাৰে কয়, "প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে দীনেশ সিং ঋণত ডুব গৈ আছিল আৰু তেওঁ  মানসিকভাবে হতাশাত ভুগি আছিল। প্ৰথমে, তেওঁ তিনিটা শিশুৰ ওপৰত পেট্ৰ'ল ঢালি দিছিল আৰু তেওঁলোকৰ দেহত জুই লগাই দিছিল। পিছত তেওঁ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। ঘটনাস্থলীতে দুটি শিশুৰ মৃত্যু হয়। চিকিৎসালয়লৈ নিয়াৰ পথত আন এটা শিশুৰ মৃত্যু হয়। ’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু