--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋণে যেন ডিঙিলৈকে পুতি পেলাইছিল লোক জনক। ঋণ ওভতাই বিচাৰি হেঁচা দিয়া লোকৰো সংখ্যা দিনক দিনে বাঢ়ি গৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৱশেষত ঋণগ্ৰস্ত পিতৃয়ে তেওঁৰ তিনিটা সন্তানক জ্বলাই হত্যা কৰিলে। তাৰ পিছত তেওঁ নিজেও আত্মহত্যাৰ চেষ্টা চলায় যদিও তেওঁৰ প্ৰাণ ৰক্ষা পৰে।  ঘটনাটো  বিহাৰৰ কাটিহাৰ জিলাত সংঘটিত হৈছে। ইতিমধ্যে লোক জনৰ তিনিওটা সন্তানৰে মৃত্যু ঘটিছে। পিতৃ এতিয়া  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ঘটনাটো বিহাৰৰ কাটিহাৰ জিলাৰ ভাৰিন গাঁৱত সংঘটিত হৈছে। দীনেশ সিঙৰ তিনিটা সন্তান আছিল। লোকজন  ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈছিল। ঋণ পৰিশোধ কৰিবলৈ অক্ষম হৈ পৰিছিল তেওঁ। অৱশেষত দীনেশে চৰম সিদ্ধান্ত লৈছিল। প্ৰথমে তেওঁ তিনিটা সন্তানৰ  ওপৰত পেট্ৰ'ল ঢালি দিছিল আৰু জুই লগাই দিছিল। পিছত তেঁৱো আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল।  ৰিঙ্কি কুমাৰী (৯) আৰু ৰাজা কুমাৰ (১২) নামৰ দুটি শিশুৰ ঘৰতে মৃত্যু হয়। শুভংকৰ কুমাৰক (১৩) এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও বাটতে তেওঁৰো  মৃত্যু ঘটে।  

আৰক্ষী অধীক্ষক জীতেন্দ্ৰ কুমাৰে কয়, "প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে দীনেশ সিং ঋণত ডুব গৈ আছিল আৰু তেওঁ  মানসিকভাবে হতাশাত ভুগি আছিল। প্ৰথমে, তেওঁ তিনিটা শিশুৰ ওপৰত পেট্ৰ'ল ঢালি দিছিল আৰু তেওঁলোকৰ দেহত জুই লগাই দিছিল। পিছত তেওঁ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। ঘটনাস্থলীতে দুটি শিশুৰ মৃত্যু হয়। চিকিৎসালয়লৈ নিয়াৰ পথত আন এটা শিশুৰ মৃত্যু হয়। ’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ