--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ এক উদ্বেগজনক তথ্যই সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন (এম জি এনৰেগা) কাৰ্যকৰী আৰু সম্প্ৰসাৰণৰ ফলত গ্ৰাম্য অঞ্চলত আয়ৰ ক্ষেত্ৰত লিংগ ব্যৱধান হ্ৰাস পোৱাৰ উপৰিও ন্যূনতম মজুৰিৰ নীতি-নিয়ম মানি চলাৰ ক্ষেত্ৰত ব্যৱধান বৃদ্ধি পোৱা বুলি আন্তৰ্জাতিক শ্ৰমিক সংস্থাই লক্ষ্য কৰিছে৷

এই তথ্যসমূহ আই এল অ’ৰ শেহতীয়া কাৰ্যকৰী পত্ৰ ‘গ্ৰাম্য আৰু চহৰৰ মাজত নিয়োগ আৰু মজুৰিৰ বৈষম্য’ত প্ৰকাশ পাইছে৷পত্ৰখনত উল্লেখ কৰা অনুসৰি নিয়োগ নিশ্চয়তা আঁচনিৰ বাবে আনুষ্ঠানিক দৰমহা পোৱা শ্ৰমিক আৰু আকস্মিক শ্ৰমিকৰ মাজত গ্ৰাম্য মজুৰিৰ ব্যৱধানো হ্ৰাস পাইছে।

এই আঁচনিখনে গ্ৰাম্য জনসাধাৰণৰ জীৱন পৰিৱৰ্তন কৰাত সফল হৈছে যদিও আঞ্চলিক পৰ্যায়ত ইয়াৰ ৰূপায়ণৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ দেশতে ইয়াৰ প্ৰভাৱ ভিন্ন হয়।

২০০৫ চনত গৃহীত হোৱা এমএনৰেগা আঁচনিখনে প্ৰতিখন গ্ৰাম্য পৰিয়ালৰ বাবে বছৰি ১০০ দিনৰ অদক্ষ কামৰ নিশ্চয়তা প্ৰদান কৰে। ২০১৪ চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ পাছৰে পৰা এই আঁচনিৰ বাজেট আবণ্টন ভয়ংকৰভাৱে হ্ৰাস কৰা হৈছে।২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনৰেগাক ‘কংগ্ৰেছ চৰকাৰৰ ব্যৰ্থতাৰ জীৱন্ত স্মৃতিসৌধ’ বুলি অভিহিত কৰিছিল। সংসদত দিয়া ভাষণত তেওঁ কৈছিল, ‘ইমান বছৰ ক্ষমতাত থকাৰ পিছতো আপুনি এজন দুখীয়া মানুহক এমাহত মাত্ৰ কেইদিনমানৰ বাবেহে গাঁত খান্দিবলৈ কাম দিবলৈ সক্ষম হৈছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু