--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ এক উদ্বেগজনক তথ্যই সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন (এম জি এনৰেগা) কাৰ্যকৰী আৰু সম্প্ৰসাৰণৰ ফলত গ্ৰাম্য অঞ্চলত আয়ৰ ক্ষেত্ৰত লিংগ ব্যৱধান হ্ৰাস পোৱাৰ উপৰিও ন্যূনতম মজুৰিৰ নীতি-নিয়ম মানি চলাৰ ক্ষেত্ৰত ব্যৱধান বৃদ্ধি পোৱা বুলি আন্তৰ্জাতিক শ্ৰমিক সংস্থাই লক্ষ্য কৰিছে৷

এই তথ্যসমূহ আই এল অ’ৰ শেহতীয়া কাৰ্যকৰী পত্ৰ ‘গ্ৰাম্য আৰু চহৰৰ মাজত নিয়োগ আৰু মজুৰিৰ বৈষম্য’ত প্ৰকাশ পাইছে৷পত্ৰখনত উল্লেখ কৰা অনুসৰি নিয়োগ নিশ্চয়তা আঁচনিৰ বাবে আনুষ্ঠানিক দৰমহা পোৱা শ্ৰমিক আৰু আকস্মিক শ্ৰমিকৰ মাজত গ্ৰাম্য মজুৰিৰ ব্যৱধানো হ্ৰাস পাইছে।

এই আঁচনিখনে গ্ৰাম্য জনসাধাৰণৰ জীৱন পৰিৱৰ্তন কৰাত সফল হৈছে যদিও আঞ্চলিক পৰ্যায়ত ইয়াৰ ৰূপায়ণৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ দেশতে ইয়াৰ প্ৰভাৱ ভিন্ন হয়।

২০০৫ চনত গৃহীত হোৱা এমএনৰেগা আঁচনিখনে প্ৰতিখন গ্ৰাম্য পৰিয়ালৰ বাবে বছৰি ১০০ দিনৰ অদক্ষ কামৰ নিশ্চয়তা প্ৰদান কৰে। ২০১৪ চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ পাছৰে পৰা এই আঁচনিৰ বাজেট আবণ্টন ভয়ংকৰভাৱে হ্ৰাস কৰা হৈছে।২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনৰেগাক ‘কংগ্ৰেছ চৰকাৰৰ ব্যৰ্থতাৰ জীৱন্ত স্মৃতিসৌধ’ বুলি অভিহিত কৰিছিল। সংসদত দিয়া ভাষণত তেওঁ কৈছিল, ‘ইমান বছৰ ক্ষমতাত থকাৰ পিছতো আপুনি এজন দুখীয়া মানুহক এমাহত মাত্ৰ কেইদিনমানৰ বাবেহে গাঁত খান্দিবলৈ কাম দিবলৈ সক্ষম হৈছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ