--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ এখন আৰক্ষী থানাৰ ভিতৰতে ঘটিল  গুলীচালনাৰ ঘটনা। বিজেপি বিধায়ক গণপত গায়কোৱাডৰ বিৰুদ্ধে সহযোগী শিৱসেনাৰ নেতা মহেশ গায়কোৱাডক গুলী চলোৱাৰ   অভিযোগ উত্থাপিত হৈছে। ঘটনাটোত মহেশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ বৰ্তমান চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে  যুঁজি আছে।ঘটনাটো শুক্ৰবাৰে নিশা উলহাচনগৰৰ হিল লাইন আৰক্ষী চকীত সংঘটিত হয় ।

 ছিন্দে শিবিৰৰ নেতা মহেশ আৰু বিজেপি বিধায়ক গণপতে সমৰ্থকৰ সৈতে ভূমি বিবাদ সন্দৰ্ভত অভিযোগ দাখিল কৰিবলৈ আৰক্ষী থানালৈ গৈছিল। তাত মহেশষ আৰু গণপতৰ  মাজত  তৰ্ক আৰম্ভ  হৈছিল। ইয়াৰ পিছতে বিধায়ক গণপতে মহেশৰ ওপৰত চাৰি ৰাউণ্ড গুলীচালনা কৰে। ঘটনাটোত শিৱসেনাৰ বিধায়ক ৰাহুল পাটিলো আঘাতপ্ৰাপ্ত হয় । দুয়োজন বৰ্তমান থানে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গণপত গায়কোৱাডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ পিষ্টলটোও  জব্দ কৰিছে । 

আৰক্ষীয়ে জনোৱা অনুসৰি গণপতক প্ৰথমে উলহাচনগৰৰ মীৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে, তেওঁৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত তেওঁক নিশা প্ৰায় ১১ বজাত থানেৰ জুপিটাৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। ঘটনাটোৱে ইতিমধ্যে ক্ষোভৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে শিৱসেনাৰ কৰ্মী আৰু সমৰ্থকসকল চিকিৎসালয়ৰ বাহিৰত সমবেত হয়। একনাথ ছিন্দে শিবিৰৰ মুখপাত্ৰ আনন্দ দুবেই কয়, "এতিয়া আৰক্ষী থানাৰ ভিতৰতো গুলীবৰ্ষণৰ ঘটনা ঘটিছে।  কল্পনা কৰক মহাৰাষ্ট্ৰত কেনে জংঘলৰাজ আৰম্ভ হৈছে। "অৱশ্যে গণপতে নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ কৈছে যে তেওঁ আদালতৰ নিৰ্দেশ  গ্ৰহণ কৰিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু