--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ এখন আৰক্ষী থানাৰ ভিতৰতে ঘটিল  গুলীচালনাৰ ঘটনা। বিজেপি বিধায়ক গণপত গায়কোৱাডৰ বিৰুদ্ধে সহযোগী শিৱসেনাৰ নেতা মহেশ গায়কোৱাডক গুলী চলোৱাৰ   অভিযোগ উত্থাপিত হৈছে। ঘটনাটোত মহেশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ বৰ্তমান চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে  যুঁজি আছে।ঘটনাটো শুক্ৰবাৰে নিশা উলহাচনগৰৰ হিল লাইন আৰক্ষী চকীত সংঘটিত হয় ।

 ছিন্দে শিবিৰৰ নেতা মহেশ আৰু বিজেপি বিধায়ক গণপতে সমৰ্থকৰ সৈতে ভূমি বিবাদ সন্দৰ্ভত অভিযোগ দাখিল কৰিবলৈ আৰক্ষী থানালৈ গৈছিল। তাত মহেশষ আৰু গণপতৰ  মাজত  তৰ্ক আৰম্ভ  হৈছিল। ইয়াৰ পিছতে বিধায়ক গণপতে মহেশৰ ওপৰত চাৰি ৰাউণ্ড গুলীচালনা কৰে। ঘটনাটোত শিৱসেনাৰ বিধায়ক ৰাহুল পাটিলো আঘাতপ্ৰাপ্ত হয় । দুয়োজন বৰ্তমান থানে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গণপত গায়কোৱাডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ পিষ্টলটোও  জব্দ কৰিছে । 

আৰক্ষীয়ে জনোৱা অনুসৰি গণপতক প্ৰথমে উলহাচনগৰৰ মীৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে, তেওঁৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত তেওঁক নিশা প্ৰায় ১১ বজাত থানেৰ জুপিটাৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। ঘটনাটোৱে ইতিমধ্যে ক্ষোভৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে শিৱসেনাৰ কৰ্মী আৰু সমৰ্থকসকল চিকিৎসালয়ৰ বাহিৰত সমবেত হয়। একনাথ ছিন্দে শিবিৰৰ মুখপাত্ৰ আনন্দ দুবেই কয়, "এতিয়া আৰক্ষী থানাৰ ভিতৰতো গুলীবৰ্ষণৰ ঘটনা ঘটিছে।  কল্পনা কৰক মহাৰাষ্ট্ৰত কেনে জংঘলৰাজ আৰম্ভ হৈছে। "অৱশ্যে গণপতে নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ কৈছে যে তেওঁ আদালতৰ নিৰ্দেশ  গ্ৰহণ কৰিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ