--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীক ‘ভাৰত ৰত্ন’ বটাঁৰে সন্মানিত কৰা হ’ব। মোদী চৰকাৰে লাল কৃষ্ণ আদৱানীক ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰিছে। এই তথ্য প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰিছে।

১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টিৰ জন্মৰ অন্যতম ৰূপকাৰ আছিল লালকৃষ্ণ আদৱানী। আদৱানীয়ে সেই সময়ত জনতা দল ত্যাগ কৰি সহযোগীসকলৰ সৈতে বিজেপি গঠন কৰিছিল। তেওঁৰ উত্থানৰ লগে লগে দেশত ৰামৰ ৰাজনীতিও আৰম্ভ হৈছিল। 

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে লিখে যে, ‘‘মই এই কথা জনাবলৈ পাই সুখী হৈছো যে শ্ৰদ্ধাৰ লাল কৃষ্ণ আদবানীক ভাৰত ৰত্নৰে সন্মানিত কৰা হ’ব। মইও তেওঁৰ সৈতে কথা পাতি এই সন্মানেৰে সন্মানিত হোৱাৰ বাবে অভিনন্দন জনালোঁ। আমাৰ সময়ৰ অন্যতম সন্মানীয় ৰাজনীতিবিদ আৰু ভাৰতৰ উন্নয়নত তেওঁৰ অৱদান অবিস্মৰণীয়। তেওঁৰ জীৱন তৃণমূল পৰ্যায়ত কাম কৰাৰ পৰা আৰম্ভ কৰি আমাৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰালৈকে। আমাৰ গৃহমন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপেও তেওঁ নিজৰ নাম উজলাইছিল। তেওঁৰ সংসদীয় হস্তক্ষেপ সদায় আদৰ্শগত আৰু চহকী অন্তৰ্দৃষ্টিৰে ভৰা আছিল।’’

থোৰতে জানো আহক বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানীৰ বিষয়ে

জন্মঃ ১৯২৭ চনৰ ৮ নৱেম্বৰত কৰাচীৰ এটা সিন্ধি হিন্দু পৰিয়ালত

পিতৃ-মাতৃঃ চান্দ ডি আদৱানী আৰু মাতৃ জ্ঞানী দেৱী

শিক্ষাঃ প্ৰাৰম্ভিক শিক্ষা কৰাচী ছেইণ্ট পেট্ৰিক হাইস্কুলত হৈছিল। সিন্ধ মহাবিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ
দেশ বিভাজনৰ সময়ত পৰিয়ালৰ ভাৰতলৈ প্ৰব্ৰজন আৰু বোম্বাইত বসতি স্থাপন। 
বোম্বাই বিশ্ববিদ্যালয়ৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ

ব্যক্তিগত জীৱনঃ ১৯৬৫ চনৰ ফেব্ৰুৱাৰী মাহত কমলা আদৱানীক বিয়া কৰাইছিল। এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ।

ৰাজহুৱা জীৱনঃ ১৯৪১ চনত ১৪ বছৰ বয়সত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰি নানান ঠাইত সংঘৰ হৈ কাম কৰিছিল
১৯৫১ চনত জন সংঘত যোগদান

ৰাজনৈতিক জীৱনঃ ১৯৭৭ চনত জনতা পাৰ্টিক সমৰ্থন
১৯৮০ চনত বিজেপিৰ উত্থান ঘটাৰ লগে লগে ভাৰতীয় ৰাজনীতিত অটল-আদবানী যুগ আৰম্ভ
২০০২ চনৰ পৰা ২০০৪ চনলৈ অটল বিহাৰী বাজপেয়ীৰ অধীনত ভাৰতৰ সপ্তম উপ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ
১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰত গৃহমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ
দশম লোকসভা আৰু চতুৰ্দশ লোকসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল
২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত নেচনেল ডেম'ক্ৰেটিক এলায়েন্সৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল আদৱানী
২০০৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পাছত তেওঁ বিজেপিত নতুন প্ৰজন্মৰ আগমনৰ বাবে বাট এৰি দিলে

ৰাম মন্দিৰ আন্দোলনঃ ১৯৯০ চনত ৰাম মন্দিৰ আন্দোলন আৰম্ভ। এই আন্দোলনৰ জৰিয়তে লাল কৃষ্ণ আদৱানীয়ে দেশৰ ৰাজনীতি সলনি কৰিছিল। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত তেওঁ সোমনাথৰ পৰা অযোধ্যালৈ ৰথ যাত্ৰা হাতত লৈছিল, যিয়ে দেশৰ ৰাজনীতি সলনি কৰি পেলাইছিল। ১৯৯২ চনৰ অযোধ্যা ৰাম মন্দিৰ আন্দোলন তেওঁৰ নেতৃত্বত হৈছিল। 

আত্মজীৱনীমূলক গ্ৰন্থঃ মাই কাণ্ট্ৰী মাই লাইফ

পদ্ম বিভূষণঃ ২০১৫ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ প্ৰদান


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু