--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীক কামুৰিলে আটকাধীন ব্যক্তিয়ে। চিকিৎসালয়ৰ বিচনা আশ্ৰয়স্থল হৈ পৰিল আৰক্ষীৰ! শেহতীয়াকৈ সংঘটিত এনেকুৱা এক আজৱ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে কেৰালাত।

এগৰাকী ব্যক্তিক আটক কৰি বাহনত উঠাই থানালৈ লৈ যোৱাৰ সময়তে কাণত প্ৰচণ্ড কামোৰ খাব লগীয়া হৈছে এগৰাকী আৰক্ষী বিষয়াই।

প্ৰকাশিত খবৰ অনুসৰি, কেৰালাৰ কাছাৰাগোডত ষ্টেনি ৰড্ৰিগেজ নামৰ এগৰাকী ব্যক্তি বাইক দুৰ্ঘটনাত পতিত হয়। সেই সময়ত উক্ত স্থানত টহল দি থকা আৰক্ষী জোৱানসকলে তেওঁক দুৰ্ঘটনাস্থলীৰ পৰাই জিম্মাত লৈ বাহনত উঠাই লৈ যায়।

ব্যক্তিগৰাকীক থানালৈ নিয়াৰ সময়ত গাড়ীখনৰ সন্মুখৰ চিটত বহি আছিল উপ-পৰিদৰ্শকগৰাকী। বাহনখন চলি থকা অৱস্থাতে হঠাতে আটকাধীন ব্যক্তিগৰাকীয়ে খঙৰ ভমকত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ সোঁ কাণত জোৰেৰে কামুৰ লগায়।

এই আকস্মিক তথা অভাৱনীয় আক্ৰমণত বিষ্ণু প্ৰসাদ নামৰ কাছাৰাগোডৰ টাউন আৰক্ষী থানাৰ উপ-পৰিদৰ্শকগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে তেওঁক চিকিৎসাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

জৰুৰীকালিন চিকিৎসাৰ পিছত উপ-পৰিদৰ্শকগৰাকীক আন এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক