--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীক কামুৰিলে আটকাধীন ব্যক্তিয়ে। চিকিৎসালয়ৰ বিচনা আশ্ৰয়স্থল হৈ পৰিল আৰক্ষীৰ! শেহতীয়াকৈ সংঘটিত এনেকুৱা এক আজৱ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে কেৰালাত।

এগৰাকী ব্যক্তিক আটক কৰি বাহনত উঠাই থানালৈ লৈ যোৱাৰ সময়তে কাণত প্ৰচণ্ড কামোৰ খাব লগীয়া হৈছে এগৰাকী আৰক্ষী বিষয়াই।

প্ৰকাশিত খবৰ অনুসৰি, কেৰালাৰ কাছাৰাগোডত ষ্টেনি ৰড্ৰিগেজ নামৰ এগৰাকী ব্যক্তি বাইক দুৰ্ঘটনাত পতিত হয়। সেই সময়ত উক্ত স্থানত টহল দি থকা আৰক্ষী জোৱানসকলে তেওঁক দুৰ্ঘটনাস্থলীৰ পৰাই জিম্মাত লৈ বাহনত উঠাই লৈ যায়।

ব্যক্তিগৰাকীক থানালৈ নিয়াৰ সময়ত গাড়ীখনৰ সন্মুখৰ চিটত বহি আছিল উপ-পৰিদৰ্শকগৰাকী। বাহনখন চলি থকা অৱস্থাতে হঠাতে আটকাধীন ব্যক্তিগৰাকীয়ে খঙৰ ভমকত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ সোঁ কাণত জোৰেৰে কামুৰ লগায়।

এই আকস্মিক তথা অভাৱনীয় আক্ৰমণত বিষ্ণু প্ৰসাদ নামৰ কাছাৰাগোডৰ টাউন আৰক্ষী থানাৰ উপ-পৰিদৰ্শকগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে তেওঁক চিকিৎসাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

জৰুৰীকালিন চিকিৎসাৰ পিছত উপ-পৰিদৰ্শকগৰাকীক আন এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু