--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ তিৰুপট্তুৰ জিলাত  সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। এক উপহাৰ বিতৰণ অনুষ্ঠানত হোৱা ব্যাপক সমাগমৰ ফলত পদপিষ্টহৈ প্ৰাণ হেৰুৱাইছে চাৰিগৰাকী মহিলাই। এই ঘটনাত লগতে আন ১০ গৰাকী মহিলাও আহত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, থাইপুছম উৎসৱ উপলক্ষে বিনামূলীয়াকৈ শাড়ী আৰু ধূতি প্ৰদানৰ উদ্দেশ্যে স্থানীয় এগৰাকী ব্যৱসায়ী তথা সমাজকৰ্মীয়ে আয়োজন কৰিছিল এই অনুষ্ঠানৰ।

তিৰুপট্তুৰ জিলাৰ ভানিয়াম্বাদী অঞ্চলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰায় ৫০০ গৰাকী মহিলা উপহাৰ গ্ৰহণৰ বাবে সমবেত হৈছিল।

উপহাৰ ল’বলৈ সমবেত মহিলাসকলে হেতা-উপৰা কৰাৰ লগে লগে ব্যাপক অস্থিৰতাৰ সৃষ্টি হয় আৰু এই হেঁচা-ঠেলাত চাৰিগৰাকী মহিলাৰ মৃত্যু হয়। ঘটনাত প্ৰায় ১৫ গৰাকী মহিলা আহত হোৱা বুলিও জানিব পৰা গৈছে।

ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক চিকিৎসাৰ বাবে স্থানীয় ভানিয়াম্বাদী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু